Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাঁচীত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত- পিএমজেএৱাই মুকলি

ৰাঁচীত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত- পিএমজেএৱাই মুকলি

ৰাঁচীত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত- পিএমজেএৱাই মুকলি

ৰাঁচীত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত- পিএমজেএৱাই মুকলি


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীত স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰত– প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা মুকলি কৰে৷

এখন বিশাল ৰাজহুৱা সভাত পিএমজেএৱাই মুকলি কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আঁচনিখনৰ ওপৰত উপস্থাপন কৰা এক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে৷ সেই একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে চাইবাছা আৰু ক’ডেৰ্মাৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও মুকলি কৰে৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনি মুকলিৰ জৰিয়তে দৰিদ্ৰতকৈও দৰিদ্ৰতম লোক, সমাজৰ বঞ্চিত লোকে উন্নত স্বাস্থ্য সেৱা আৰু চিকিৎসা লাভ কৰিব৷ তেওঁ কয় যে এই আঁচনিটোৱে প্ৰতি বছৰে প্ৰতিটো পৰিয়ালক ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য নিশ্চিতি প্ৰদান কৰিব যাৰ দ্বাৰা ৫০ কোটি লোক উপকৃত হ’ব৷ উক্ত আঁচনিটোৰ হিতাধিকাৰীসকলৰ সংখ্যা ইউৰোপিয়ান ৰাষ্ট্ৰ অথবা আমেৰিকা, কানাডা আৰু মেক্সিকোৰ মুঠ জনসংখ্যাৰ সমান বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷

তেওঁ কয় যে আয়ুষ্মান ভাৰতৰ প্ৰথম অংশ– স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহ বাবা চাহেব আম্বেদকাৰৰ জন্ম জয়ন্তীৰ দিনা মুকলি কৰা হৈছিল আৰু দ্বিতীয় অংশটো– স্বাস্থ্য বীমা আঁচনি দীন দয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীৰ ঠিক দুদিন আগত মুকলি কৰা হৈছে৷

পিএমজেএৱাই আঁচনিৰ ব্যাপকতা সন্দৰ্ভত মন্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ১৩০০টা বিভিন্ন গুৰুত্বপূৰ্ণ ৰোগ যেনে কৰ্কট, হৃদয়ৰ ৰোগ আদি সামৰি ল’ব৷ ব্যক্তিগত চিকিৎসালয়সমূহেও এই আঁচনিৰ অংশীদাৰ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই পাঁচ লাখত সকলো পৰীক্ষা, ঔষধ, চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বে হোৱা খৰচ এইসকলোবোৰ সামৰি ল’ব৷ তেওঁ কয় যে ই পূৰ্বৰ বেমাৰসমূহো সামৰি ল’ব৷ ১৪৫৫৫ অথবা সাধাৰণ সেৱা কেন্দ্ৰসমূহৰ পৰা এই আঁচনিটোৰ বিষয়ে জনসাধাৰণে অৱগত হ’ব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যিসমূহ ৰাজ্য পিএমজেএৱাইৰ অংশীদাৰ হৈছে, সেই ৰাজ্যৰ জনসাধাৰণে ৰাজ্যখনৰ যিকোনো স্থানৰ পৰা এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব৷ বৰ্তমানলৈ দেশৰ ১৩,০০০ত কৈও অধিক চিকিৎসালয় এই আঁচনিৰ অধীনত পঞ্জীকৃত হৈছে৷

ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে আজি মুকলি হোৱা ১০টা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহৰ বিষয়ে সদৰী কৰে৷ তেওঁ কয় যে দেশত এনে কেন্দ্ৰৰ সংখ্যা বৰ্তমানে ২৩০০টা হৈছে৷ অনাগত চাৰিটা বৰ্ষৰ ভিতৰত দেশত এনেকুৱা কেন্দ্ৰৰ সংখ্যা ১.৫লাখ টালৈ বৃদ্ধি কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে উক্ত পদক্ষেপক কেন্দ্ৰ চৰকাৰৰ ‘‘ব্যয়সাধ্য স্বাস্থ্য সুৰক্ষা’’ আৰু ‘‘প্ৰতিৰোধমূলক স্বাস্থ্য সুৰক্ষা’’ বুলি মন্তব্য কৰে৷ পিএমজেএৱাইৰ সৈতে জড়িত প্ৰতিজন ব্যক্তি, চিকিৎসক, নাৰ্চ, স্বাস্থ্য সেৱা প্ৰদানকাৰী, আশা, এএনএম আদি সকলোকে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে৷   

AKT/VJ/MANN