Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাছিয়াৰ ৰাষ্ট্ৰপতিক আদৰণি প্ৰধানমন্ত্ৰীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতিক আদৰণি প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ভাৰতলৈ আদৰণি জনাইছে।

 

“আজি সন্ধিয়া আৰু কাইলৈৰ আমাৰ মত বিনিময় কাৰ্যসূচীৰ বাবে অপেক্ষা কৰি আছো। ভাৰত-ৰাছিয়াৰ  দীৰ্ঘদিনীয়া মিত্ৰতাই আমাৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিছে।”, শ্ৰী মোদীয়ে কয়।

 

 প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি পুটিনক ৰাছিয়ান ভাষাৰ গীতাৰ এটা প্ৰতিলিপি প্ৰদান কৰে। শ্ৰী মোদীয়ে কয় যে গীতাৰ শিক্ষাই সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক অনুপ্ৰেৰণা দিয়ে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰেঃ

“মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক ভাৰতলৈ আদৰণি জনাই আনন্দিত হৈছো। আজি সন্ধিয়া আৰু কাইলৈৰ আমাৰ মত বিনিময় কাৰ্যসূচীৰ বাবে অপেক্ষা কৰি আছো। ভাৰত-ৰাছিয়াৰ  দীৰ্ঘদিনীয়া মিত্ৰতাই আমাৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিছে।”

 

“মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক ৭, লোক কল্যাণ মাৰ্গলৈ স্বাগতম জনাইছো।”

 

“ৰাছিয়ান ভাষাত গীতাৰ এটা প্ৰতিলিপি ৰাষ্ট্ৰপতি পুটিনক প্ৰদান কৰিলো। গীতাৰ শিক্ষাই সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক অনুপ্ৰেৰণা দিয়ে ।

***

MJPS/VJ/DD