Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাজ্যপালসকলৰ সন্মিলনৰ সামৰণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ বক্তব্য


ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত ৰাজ্যপালসকলৰ সন্মিলনৰ সামৰণী অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বক্তব্য আগবঢ়ায়।

সন্মিলনৰ সময়ত ৰাজ্যপালসকলে আগবঢ়োৱা বিভিন্ন পৰামৰ্শৱলীৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত আদৰ্শ, সম্পদ আৰু দক্ষতাৰ অভাৱ নাই, কিন্তু কিছুমান ৰাজ্য তথা অঞ্চলত প্ৰশাসনৰ দুৰ্বলতাহে বিদ্যমান। যিবোৰ ঠাইত ভাল প্ৰশাসন আছে, সেইবোৰত চৰকাৰী আঁচনিসমূহ সুন্দৰভাৱে কাৰ্যকৰী হোৱাৰ লগতে দুখীয়া লোকসকল উপকৃত হৈছে। মিচন ইন্দ্ৰধনূষ আঁচনিৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয় কয় যে ৰাজ্যপালসকলে চৰকাৰৰ প্ৰচেষ্টাসমূহ সফল কৰি তোলাত ফলপ্ৰসূ ভূমিকা পালন কৰিব পাৰে।

ভাৰতৰ ঐক্য আৰু সংহতিৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যপালসকলক এক ভাৰত, শ্ৰেষ্ঠ ভাৰত আৰু একতাৰ বাবে দৌৰ শীৰ্ষক প্ৰচেষ্টাসমূহৰ সৈতে জড়িত হ’বলৈ আহ্বান জনায়।

***

AKT/SH/DB