পি এম ইণ্ডিয়া
আদৰণীয় সভাপতি মহোদয়,
সৰ্বপ্ৰথমে মই সদনৰ তৰফৰ পৰা তথা মোৰ তৰফৰ পৰা নৱনিৰ্বাচিত উপ সভাপতি শ্ৰীমান হৰিবংশ ডাঙৰীয়াক হৃদয়েৰে অভিনন্দন জ্ঞাপন কৰিছোঁ৷ আমাৰ বাবে সন্তোষৰ কথা যে ৰোগৰ পৰা আৰোগ্য লাভ কৰি অৰুণ ডাঙৰীয়াও আজি আমাৰ মাজত উপস্থিত আছে৷ আজি ৯ আগষ্ট৷ আগষ্ট মাহটো স্বাধীনতা আন্দোলনৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ সময় আৰু এই সময়ত বালিয়াৰ এক বৃহৎ ভূমিকা আছিল৷ ১৮৫৭ চনত স্বতন্ত্ৰতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি বালিয়া স্বাধীনতাৰ মূল আন্দোলনত বিকুল বজোৱাত, জীৱনক উৎসাহিত কৰাত অগ্ৰীম ভূমিকা গ্ৰহণ কৰিছিল৷ মংগল পাণ্ডেয়েই হওক, চিতু পাণ্ডেয়েই হওক অথবা চন্দ্ৰশেখৰেই হওক, তেওঁলোকৰ পৰম্পৰাৰ সৈতে জড়িত আছিল হৰিবংশ ডাঙৰীয়া৷ তেওঁৰ জন্ম হৈছিল জয়প্ৰকাশজীৰ গাঁৱত আৰু আজিও তেওঁ সেই গাঁৱৰ সৈতে জড়িত৷ জয়প্ৰকাশজীৰ সপোন বাস্তৱায়িত কৰাৰ ন্যাসত তেওঁ ন্যাসৰক্ষী হিচাপে কাম কৰি আছে৷ হৰিবংশ সেই পৰ্যায়ৰ মানুব যি নিজৰ এক বিশেষ পৰিচয় সৃষ্টি কৰিছে আৰু মোৰ বাবে এয়াও সন্তোষৰ কথা যে তেওঁ বাৰাণসীৰো ছাত্ৰ আছিল৷ তেওঁৰ শিক্ষাজীৱন বাৰাণসীত আৰম্ভ হৈছিল৷ আৰু তাৰপৰাই অৰ্থশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ৰিজাৰ্ভ বেংকে তেওঁক বাচনি কৰে৷ কিন্তু তেওঁ ৰিজাৰ্ভ বেংকক বাচনি কৰা নাছিল৷ কিন্তু ঘৰুৱা পৰিস্থিতিত তেওঁ ৰাষ্ট্ৰীয়কৃত বেংকলৈ কাম কৰাৰ বাবে যায়…সভাপতি মহোদয়, আপুনি জানি সুখী হ’ব যে তেওঁ জীৱনৰ দুটা গুৰুত্বপূৰ্ণ বৰ্ষ হায়দৰাবাদত কাম কৰিছিল৷ কেতিয়াবা মুম্বাই, কেতিয়াবা হায়দৰাবাদ, কেতিয়াবা দিল্লী, কেতিয়াবা কলকাতা, কিন্তু এই ডাঙৰ ডাঙৰ চহৰবোৰে হৰিবংশ ডাঙৰীয়াক বান্ধি ৰাখিব নোৱাৰিলে৷ তেওঁ কলকাতালৈ গুচি গ’ল৷ ‘ৰবিবাৰ’ শীৰ্ষক বাতৰি কাকতত কাম কৰাৰ বাবে আমি জানো..এছ পি সিং..ডাঙৰ নাম.. দুৰদৰ্শনৰ পৃথিৱীত তেওঁ এক পৰিচয় স্থাপন কৰিছিল৷ তেওঁৰ সৈতে হৰিবংশজীয়ে কাম কৰিছিল৷ এজন প্ৰশিক্ষাৰ্থীৰ ৰূপত, পত্ৰকাৰৰ ৰূপত ধৰ্মবীৰ ভাৰতীৰ সৈতে তেওঁ কাম কৰিছিল৷ জীৱনৰ আৰম্ভণি তেওঁ সেইদৰে কৰিছিল৷ ধৰ্মযুদ্ধত তেওঁ নামি পৰিছিল৷ দিল্লীত চন্দ্ৰশেখৰ জীৰ সৈতে কাম কৰিছিল৷ তেওঁ চন্দ্ৰশেখৰ জীৰ প্ৰিয় আছিল৷ চন্দ্ৰশেখৰ জীৰ সৈতে তেওঁ সেইটো পদত কাম কৰিছিল য’ত তেওঁৰ বিশেষ বুৎপত্তি আছিল৷ চন্দ্ৰশেখৰ জীয়ে পদত্যাগ কৰিবলৈ বিচাৰিছিল, আৰু এই কথা তেওঁ পূৰ্বতেই গম পাইছিল, কাৰণ তেওঁ সংবাদ পত্ৰৰ সৈতে জড়িত আছিল৷ কিন্তু চন্দ্ৰশেখৰ জীয়ে পদত্যাগ কৰাৰ কথা নিজৰ কাকতক ঘুণাক্ষৰেও জানিবলৈ নিদিলে৷ তেওঁ নিজৰ পদ মহিমামণ্ডিত কৰি এই তথ্যৰ গোপনীয়তা অৱলম্বন কৰিলে৷ নিজৰ কাকতত বাতৰি প্ৰকাশ পাওক, তাৰ পিছত বাহ বাহ পাওক, এয়া তেওঁ নিবিচাৰিছিল৷
হৰিবংশ জী ৰবিবাৰত থাকোঁতে তেতিয়াৰ সংযুক্ত বিহাৰলৈ গৈছিল৷ পিছলৈ সেয়া ঝাৰখণ্ড হ’ল৷ তেওঁ ৰাঁচীলৈ গুচি গৈছিল৷ প্ৰভাত খবৰৰ বাবে যেতিয়া তেওঁ যোগদান কৰিলে তেতিয়া ইয়াৰ প্ৰচলন মাথোঁ চাৰিশ আছিল৷ যাৰ জীৱনত ইমান সুযোগৰ উৎপত্তি হয় তেওঁ সকলো স্থানতে সুযোগৰ বিকাশ কৰে৷ প্ৰতিভাৱান ব্যক্তিত্ব আছিল, নিজকে তেওঁ চাৰিশ কৰি প্ৰচলন হোৱা কাকতখনত সমৰ্পিত কৰিলে৷ চাৰিটা দশক তেওঁ সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত আছিল, তেওঁ ইয়াৰ সৈতে জড়িত আছিল সমাজৰ বাবে, ৰাজ কাৰণৰ দ্বাৰা নহয়৷ মই মানো যে হৰিবংশজীৰ নিযুক্তি সমাজৰ বাবে মংগলকাৰক আছিল আৰু তেওঁ ৰাজ কাৰণৰ পত্ৰকাৰিতাৰ পৰা নিজকে দূৰত ৰাখিছিল৷ তেওঁ জন আন্দোলনৰ ৰূপত কাকত চলাইছিল৷ আৰু যেতিয়া পৰমবীৰ এলবাৰ্ট এক্কা দেশৰ বাবে শ্বহীদ হৈছিল তেতিয়া কাকতত এটা খবৰ আহিল যে শ্বহীদগৰাকীৰ পত্নীয়ে দৰিদ্ৰৰ জীৱন কটাইছে বুলি৷ ২০ বছৰৰ আগৰ কথা৷ হৰিবংশজীয়ে দায়িত্ব গ্ৰহণ কৰিলে৷ জনতাৰ পৰা ধন সংগ্ৰহ কৰি চাৰি লাখ টকা জমা কৰিলে আৰু শ্বহীদগৰাকীৰ পত্নীক সেয়া প্ৰদান কৰিলে৷
এবাৰ এজন প্ৰতিষ্ঠিত ব্যক্তিক নক্সালবাদীয়ে অপহৰণ কৰিলে৷ হৰিবংশজীয়ে সাহসেৰে নক্সালবাদীৰ এলেকালৈ গুচি গ’ল৷ জনতাক বুজালে আৰু ব্যক্তিজনক অপহৰণকাৰীৰ কবলৰ পৰা মুক্ত কৰি লৈ আহিল৷ নিজৰ জীৱন বিপদাপন্ন কৰিলে৷ অৰ্থাৎ এনে এজন ব্যক্তি যি বহুত গ্ৰন্থ অধ্যয়ন কৰিছে, নিজে গ্ৰন্থ প্ৰণয়ন কৰিছে, আৰু মই জানোঁ যে কাকত চলোৱা মানুহ, সংবাদ জগতৰ মানুহৰ বাবে এয়া নিচেই সৰল কাম আছিল৷ সমাজৰ বাবে বিশ্ব, সামাজিক অনুভৱ এয়া ৰাজ কাৰণতকৈ ভিন্ন হয়৷ এক সাংসদৰ ৰূপত আপুনি এক সফল কাৰ্যকাল অতিক্ৰম কৰিছে৷ কিন্তু অধিকাংশ সময়েই সদনত খেলুৱৈসকলৰ দ্বাৰা চিন্তিত অৱস্থাত থাকিবলগীয়া হয়৷ সেয়ে নিয়মত খেলাৰ বাবে সকলোকে আগ্ৰহী কৰি তোলাটো এক ডাঙৰ কাম, প্ৰত্যাহ্বানপূৰ্ণ কাম৷ কিন্তু হৰিবংশজীয়ে এই কাম দায়িত্বসহকাৰে সম্পূৰ্ণ কৰিব৷
হৰিবংশজীৰ শ্ৰীমতীজী আশা জী স্বয়ং চম্পাৰণৰ৷ অৰ্থাৎ সমগ্ৰ পৰিয়ালটোৱেই জেপিৰ, গান্ধীৰ আৰু তেওঁ ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ৷ গতিকে তেওঁৰ জ্ঞানেও আপোনাক সহায় কৰিব৷ মোৰ বিশ্বাস যে এতিয়া সদনৰ মন্ত্ৰ হ’ব-আমি সকলো সাংসদৰ হৰিকৃপা৷ এতিয়া সকলো হৰিৰ অধীনত৷ আৰু মোৰ বিশ্বাস যে আমি ইয়াতে থাকোঁ বা তাতে থাকোঁ, সকলো সাংসদৰ ওপৰত হৰিৰ কৃপা থাকিব৷ এই নিৰ্বাচন এনে আছিল য’ত দুয়োফালে হৰি আছিল৷ কিন্তু এজনৰ নামৰ আগত বি আছিল৷ বি কে হৰি, আৰু এওঁৰ ওচৰত কোনো বি কে নাছিল৷ কিন্তু বি কে হৰিপ্ৰসাদ মহোদয়েও গণতন্ত্ৰৰ গৰিমাৰ বাবে নিজৰ দায়িত্ব পালন কৰি… আৰু সকলোৱে কয় যে পৰিণাম অৱগত কিন্তু প্ৰক্ৰিয়াকৰণ কৰা হ’ব৷ বহু লোকৰ প্ৰশিক্ষণ হৈ গ’ল—ভোট দিয়াৰ৷
মই সদনৰ সকলো মহানুভৱৰ, সকলো আদৰণীয় সদস্যৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো উত্তম ৰূপত আগবঢ়াই নিয়াৰ বাবে আৰু উপ সভাপতি মহোদয়ৰ , মোৰ বিশ্বাস তেওঁৰ অনুভৱ, সমাজৰ প্ৰতি তেওঁৰ সমৰ্পণ..হৰিবংশজীৰ এক বিশেষত্ব আছিল যে তেওঁ স্তম্ভ লেখক আছিল৷ নিজৰ কাকতত তেওঁ লিখিছিল ‘আমাৰ সাংসদ কেনে হ’ব লাগে’৷ তেতিয়া তেওঁও গম পোৱা নাছিল যে তেওঁ সাংসদ হ’ব৷ সাংসদ কেনে হ’ব লাগে ইয়াৰ এক গৱেষণা চলোৱা হৈছিল৷ মই জানো যে তেওঁৰ যি সপোন আছিল সেয়া বাস্তৱায়িত কৰাৰ বাবে এক ডাঙৰ অৱকাশ তেওঁ পাইছে৷ আমি সকলো সাংসদে আপোনাৰ পৰা প্ৰশিক্ষণ প্ৰাপ্ত কৰিম আৰু যি দশৰথ মাঝীৰ কথা কেতিয়াবা কেতিয়াবা ভাৰতত শুনা পোৱা যায়৷ বহুত কম লোকে জানে যে সেই দশৰথ মাঝীৰ কথা বিচাৰি-খোচাৰি প্ৰথমবাৰলৈ হৰিবংশ মহোদয়ে সমাজক জনাইছিল৷ অৰ্থাৎ সমাজৰ একেবাৰে তলৰ অংশৰ লোকৰ সৈতে জড়িত লোকজনে আজি আমাৰ পথ প্ৰদৰ্শক হ’ব৷
মোৰ তৰফৰ পৰা তেওঁলৈ অশেষ অভিনন্দন তথা শুভকামনা থাকিল৷
*****
अतुल कुमार तिवारी/ हिमांशु सिंह/ममता/MANN
I congratulate Harivansh Ji on being elected the Deputy Chairperson of the Rajya Sabha: PM @narendramodi in the Rajya Sabha
— PMO India (@PMOIndia) August 9, 2018
I am happy that the Leader of the Rajya Sabha, Shri @arunjaitley is present today: PM @narendramodi in the Rajya Sabha
— PMO India (@PMOIndia) August 9, 2018
Today we mark the anniversary of the Quit India Movement. Harivansh Ji hails from Ballia, a land linked with freedom fighters. He has been inspired by Loknayak JP. He also spent time in Varanasi.
— PMO India (@PMOIndia) August 9, 2018
Here is a leader who worked with a statesman like Chandra Shekhar Ji: PM
Working closely with Chandra Shekhar Ji, Harivansh Ji knew in advance that Chandra Shekhar Ji would resign. However, he did not let his own paper have access to this news. This shows his commitment to ethics and public service: PM @narendramodi in the Rajya Sabha
— PMO India (@PMOIndia) August 9, 2018
Harivansh Ji is well read and has written a lot. He has served society for years: PM @narendramodi in the Rajya Sabha
— PMO India (@PMOIndia) August 9, 2018
I also want to congratulate BK Hariprasad Ji for being a part of the election for Deputy Chairperson of the Rajya Sabha: PM @narendramodi
— PMO India (@PMOIndia) August 9, 2018