Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাজ্যসভাত মনোনয়ন লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ শ্ৰী হৰিবংশলৈ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্যসভালৈ মনোনীত হোৱা শ্ৰী হৰিবংশৰ আগন্তুক সংসদীয় কাৰ্যকালৰ বাবে তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে শ্ৰী হৰিবংশই সাংবাদিকতা আৰু ৰাজহুৱা জীৱন দুয়োটাতে অমূল্য অৱদান আগবঢ়োৱাৰ লগতে নিজকে এগৰাকী সন্মানীয় বুদ্ধিজীৱী আৰু চিন্তাবিদ হিচাপে প্ৰতিষ্ঠা কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ গভীৰ চিন্তা আৰু অন্তৰ্দৃষ্টিয়ে যোৱা কেইবছৰমানৰ ভিতৰত সদনৰ কাৰ্য্যকলাপক যথেষ্ট সমৃদ্ধ কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে মনোনয়ন সন্দৰ্ভত তেওঁৰ আন্তৰিক আনন্দ প্ৰকাশ কৰি দৃঢ়তাৰে কয় যে শ্ৰী হৰিবংশৰ অবিৰত উপস্থিতিয়ে সংসদীয় আলোচনাক আৰু অধিক উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছেঃ

‘হৰিবংশ জীয়ে সাংবাদিকতা আৰু ৰাজহুৱা জীৱনত অমূল্য অৱদান আগবঢ়াইছে। তেওঁ এগৰাকী সন্মানীয় বুদ্ধিজীৱী আৰু চিন্তাবিদ। তেওঁ নিজৰ গভীৰ চিন্তা আৰু অন্তৰ্দৃষ্টিৰে বছৰ বছৰ ধৰি সদনৰ কাৰ্য্যকলাপ সমৃদ্ধ কৰি আহিছে। মই সুখী যে ৰাষ্ট্ৰপতিয়ে তেওঁক ৰাজ্যসভালৈ মনোনীত কৰিছে। আগন্তুক সংসদীয় কাৰ্যকালৰ বাবে তেওঁক মোৰ শুভেচ্ছা!’

***

MJPS/PRK/DD