পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা শ্ৰী হৰিবংশক অভিনন্দন জনায়।
নিৰ্বাচনৰ ঠিক পাছতে উচ্চ সদনত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে সদনৰ নেতা শ্ৰী অৰুণ জেটলী অসুস্থতাৰ পৰা আৰোগ্য হৈ পুনৰ সদনত উপস্থিত হোৱাত আনন্দ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি আমি ভাৰত ত্যাগ আন্দোলনৰ বৰ্ষপূৰ্তি উদযাপন কৰিছো। তেওঁ কয় যে হৰিবংশ ডাঙৰীয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ আৰম্ভণী ১৮৫৭ চনৰ পৰাই জড়িত থকা ভূমি বালিয়াৰ নিবাসী। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে শ্ৰী হৰিবংশ লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ দ্বাৰা অনুপ্ৰাণিত হৈ আহিছে।
প্ৰধানমন্ত্ৰীয়ে লগতে দোঁহাৰে যে হৰিবংশ ডাঙৰীয়াই প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশ্বেখৰ ডাঙৰীয়াই সৈতেও কাম কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে কয় যে চন্দ্ৰশ্বেখৰ ডাঙৰীয়াৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা হৰিবংশ ডাঙৰীয়াই চন্দ্ৰশ্বেখৰ ডাঙৰীয়াৰ পদত্যাগৰ সন্দৰ্ভত আগতেই জানিছিল। তথাপি, তেওঁ নিজৰ বাতৰিকাকতত এই বাতৰি প্ৰকাশ কৰা নাছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ইয়াৰ জৰিয়তে তেওঁ নীতিৰ প্ৰতি থকা দায়বদ্ধতা আৰু জনসেৱাক প্ৰদৰ্শন কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে কয় যে হৰিবংশ ডাঙৰীয়া এগৰাকী বিশিষ্ট পঢ়ুৱৈৰ লগতে তেওঁৰ যথেষ্ট লেখাও প্ৰকাশ পাইছে। তেওঁ লগতে কয় যে হৰিবংশ ডাঙৰীয়াই বছৰ বছৰ ধৰি সমাজৰ সেৱা আগবঢ়াই আহিছে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য সভাৰ উপাধ্যক্ষৰ নিৰ্বাচনৰ সৈতে জড়িত শ্ৰী বি. কে. হৰিপ্ৰসাদকো অভিনন্দন জনায়। স্বচ্ছভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তেওঁ অধ্যক্ষৰ লগতে সকলো সাংসদক ধন্যবাদ জ্ঞাপন কৰে।
***
AKT/HS/DB
I congratulate Harivansh Ji on being elected the Deputy Chairperson of the Rajya Sabha: PM @narendramodi in the Rajya Sabha
— PMO India (@PMOIndia) August 9, 2018
I am happy that the Leader of the Rajya Sabha, Shri @arunjaitley is present today: PM @narendramodi in the Rajya Sabha
— PMO India (@PMOIndia) August 9, 2018
Today we mark the anniversary of the Quit India Movement. Harivansh Ji hails from Ballia, a land linked with freedom fighters. He has been inspired by Loknayak JP. He also spent time in Varanasi.
— PMO India (@PMOIndia) August 9, 2018
Here is a leader who worked with a statesman like Chandra Shekhar Ji: PM
Working closely with Chandra Shekhar Ji, Harivansh Ji knew in advance that Chandra Shekhar Ji would resign. However, he did not let his own paper have access to this news. This shows his commitment to ethics and public service: PM @narendramodi in the Rajya Sabha
— PMO India (@PMOIndia) August 9, 2018
Harivansh Ji is well read and has written a lot. He has served society for years: PM @narendramodi in the Rajya Sabha
— PMO India (@PMOIndia) August 9, 2018
I also want to congratulate BK Hariprasad Ji for being a part of the election for Deputy Chairperson of the Rajya Sabha: PM @narendramodi
— PMO India (@PMOIndia) August 9, 2018