Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায়ী বিজয়নৰ সৈতে বাৰ্তালাপ কৰে৷

“আজি পুৱা কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায়ী বিজয়নৰ সৈতে পুনৰ কথা পাতিলো৷ ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আমি আলোচনা কৰো৷ ৰাজ্যখনত উদ্ধাৰ আৰু সাহায্য অভিযান অধিক তীব্ৰতৰ কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ক আহ্বান জনাইছো৷ কেৰালাৰ জনসাধাৰণৰ সুৰক্ষা আৰু কল্যাণৰ বাবে মই প্ৰাৰ্থনা কৰিছো৷”—প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

*****

AKT/KP/MS