Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ছিকিমৰ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰেছ ছিকিমে   ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চলিত বৰ্ষত ৫০ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা  দিৱস উদযাপন কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতৰ উন্নয়ন যাত্ৰাত ছিকিমৰ অৱদান অত্যন্ত  মূল্যৱান আৰু শলাগিবলগীয়া ।

শেহতীয়াকৈ ৫০ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা  দিৱস উদযাপনৰ সময়ত ছিকিম ভ্ৰমণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যবাসীয়ে দেখুওৱা আদৰ  আৰু মৰমে তেওঁক গভীৰভাৱে চুই গৈছে।

শ্ৰী মোদীয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে:

তেওঁ কয়, ‘মোৰ ভগ্নী-ভাতৃসকললৈ ৰাজ্য প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জনাইছো।ভাৰতৰ উন্নয়নত ছিকিমৰ অৱদানক গভীৰ মূল্য দিয়া হৈছে।ৰাজ্যবাসীৰ সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰিছো।

 এনে এক মুহূৰ্ত আহিছে যেতিয়া ছিকিমে  ৫০ সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে । কিছুদিন আগতে ইয়াৰ উদযাপনৰ বাবে ছিকিমৰ মানুহৰ মাজত থকাৰ সৌভাগ্য হৈছিল। ছিকিমত পোৱা  উষ্ম মৰম  মোৰ স্মৃতিৰ অংশ হৈয়েই থাকিব। কেন্দ্ৰীয় চৰকাৰে অনাগত সময়ত ছিকিমৰ বৃদ্ধিৰ কাহিনীক সমৰ্থন কৰি যাব।”

 

***

MJPS/SS/VJ/DM