Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাম জন্মভূমি মন্দিৰৰ মুখ্য পুৰোহিত মহন্ত সত্যেন্দ্ৰ দাসজীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাম জন্মভূমি মন্দিৰৰ প্ৰধান পুৰোহিত মহন্ত সত্যেন্দ্ৰ দাসজীৰ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে মহন্তক ধৰ্মীয় ৰীতি-নীতি আৰু শাস্ত্ৰৰ বিশেষজ্ঞ হিচাপে প্ৰশংসা কৰে, যিগৰাকীয়ে নিজৰ সমস্ত জীৱন ভগৱান শ্ৰীৰামৰ সেৱাত উৎসৰ্গা কৰিছিল।

এক্সত এটা পোষ্টত তেওঁ লিখিছে-

“ৰাম জন্মভূমি মন্দিৰৰ মুখ্য পুৰোহিত মহন্ত সত্যেন্দ্ৰ দাসজীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। ধৰ্মীয় ৰীতি-নীতি আৰু শাস্ত্ৰৰ জ্ঞানগভীৰ মহন্তজীয়ে সমস্ত জীৱন ভগৱান শ্ৰীৰামৰ সেৱাত উৎসৰ্গা কৰিছিল। দেশৰ আধ্যাত্মিক আৰু সামাজিক জীৱনলৈ তেওঁৰ অমূল্য অৱদান সদায় শ্ৰদ্ধাৰে স্মৰণীয় হৈ থাকিব। এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু অনুগামীসকলক শক্তি প্ৰদান কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ওম শান্তি!”

 

*****

MJPS/SR/KD