নমস্কাৰ!
‘ৰাষ্ট্রীয় একতা দিৱস’ উপলক্ষে সমগ্ৰ দেশবাসীক মোৰ বহুত বহুত শুভকামনা জনাইছো! ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ বাবে যিগৰাকী ব্যক্তিয়ে জীৱনৰ প্রতিটো মুহূর্ত সমর্পণ কৰিছিল, সেইগৰাকী ৰাষ্ট্ৰনায়ক চৰ্দাৰ বল্লভভাই পেটেলক আজি দেশবাসীয়ে শ্রদ্ধাঞ্জলি নিবেদন কৰিছে৷
চৰ্দাৰ বল্লভভাই পেটেল জী কেৱল ইতিহাসেই নহয়, আমাৰ দৰে অসংখ্য দেশবাসীৰ হৃদয়ত স্থান নিগাজী কৰিছে৷ আজি সমগ্ৰ দেশত একতাৰ বার্তা লৈ আগুৱাই যোৱা আমাৰ প্রাণশক্তিপূর্ণ বন্ধুসকলে চৰ্দাৰ পেটেল জীয়ে প্রদর্শন কৰা পথ অনুসৰণ কৰি ভাৰতৰ অখণ্ডতাৰ প্রতীক, ঐক্যৰ প্রতীক হৈ উঠিছে৷ এই ভাৱনা আমি দেশৰ বিভিন্ন প্রান্তত আয়োজিত ‘ৰাষ্ট্রীয় একতা পেৰেড’ত, ষ্টেছ্যু অফ ইউনিটীত আয়োজিত অনুষ্ঠানতো অত্যন্ত উৎসাহ–উদ্দীপনা পৰিলক্ষিত হৈছে৷
বন্ধুসকল,
ভাৰত কেৱল এক ভৌগোলিক খণ্ডই নহয়; আদর্শ, সংকল্প, সভ্যতা আৰু সংস্কৃতিৰ উদাৰ মাপদণ্ডৰে স্বয়ংসম্পূর্ণ এখন দেশ। পৃথিৱীৰ যি ভূখণ্ডত আমি ১৩০ কোটিৰো অধিক ভাৰতীয় বসবাস কৰো, সেই ভূখণ্ড আমাৰ আস্থাৰ, আমাৰ সপোনৰ, আমাৰ আকাংক্ষাৰ অখণ্ড অংশ। হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ সমাজত বিভিন্ন ঐতিহ্যত গণতন্ত্রৰ যি শক্তিশালী ভেঁটি বিকশিত হৈছে, সেইটোৱে ‘এক ভাৰত’ৰ ভাৱনাকে সমৃদ্ধ কৰিছে৷ কিন্তু আমি এইটোও মনত ৰাখিব লাগিব যে নৌকাত বহি থকা প্রত্যেক যাত্রীকে নৌকাৰ ৰক্ষণাবেক্ষণৰ দিশতো খেয়াল ৰাখিব লাগে৷ আমি যদি ঐক্যবদ্ধ হও তেতিয়াহে আগুৱাই যাব পাৰিব, দেশে ইয়াৰ নির্দিষ্ট লক্ষ্য তেতিয়াহে বাস্তবায়িত কৰিব পাৰিব৷
বন্ধুসকল,
চৰ্দাৰ পেটেলে সকলো সময়তে ভাৰত শক্তিশালী হোৱা আৰু ভাৰত ঐক্যবদ্ধ হোৱাটো বিচাৰিছিল৷ তেওঁ বিচাৰিছিল ভাৰত যেন সংবেদনশীল হয়, আৰ ভাৰত যেন সতর্ক থাকে, বিনম্র থাকে, ভাৰত যেন উন্নয়নেৰ পথেও এগিয়ে যায়। তেওঁ দেশহিতক সদায় সৰ্বোচ্চ স্থান দিছিল৷ আজি তেওঁৰ প্রেৰণাত ভাৰতে আভ্যন্তৰীণ আৰু বাহ্যিক–সকলো ধৰণৰ প্রতিকূলতাৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে সম্পূর্ণৰূপে সক্ষম হৈছে। বিগত সাত বছৰত দেশে কেইবা দশকৰ পুৰণি অবাঞ্ছিত আৰু পৌৰাণিক আইনৰ পৰা মুক্তি পাইছে, ৰাষ্ট্ৰীয় ঐক্যৰ সংৰক্ষণকাৰী আদর্শসমূহক নতুন উচ্চতা প্রদান কৰিছে৷ জম্মু–কাশ্মীৰৰ পৰা আৰম্ভ কৰি উত্তৰ–পূব ভাৰত অথবা হিমালয়ৰ পাদদেশত বন্ধুৰ কোনো গাঁও–আজি সর্বত্ৰ দেশৰ জনগণে আজি প্রগতিৰ পথত আগুৱাই গৈছে৷ দেশত যিমান আধুনিক আন্তঃগাঁথনি গঢ় লৈ উঠিছে, সেই সকলোবোৰে দেশৰ সকলো ভৌগোলিক আৰু সাংস্কৃতিক দূৰত্ব হ্ৰাস কৰাৰ কাম কৰিছে৷ যদি দেশৰ জনতাক এটা অংশৰ পৰা আন এটা অংশলৈ যোৱাৰ পূৰ্বেই ১০০বাৰ ভাৱিব লগা হয়–তেতিয়াহ’লে কেনেকৈ চলিব? যেতিয়া দেশৰ যিকোনো প্রান্তলৈ যোৱাটো সহজ হ’ব, তেতিয়াই এটা প্রান্তৰ মানুহৰ সৈতে আন এটা প্রান্তৰ মানুহৰ হৃদয়ৰ দূৰত্ব কমিব, দেশৰ ঐক্য শক্তিশালী হ’ব৷ এই ভাৱনাকে শক্তিশালী কৰাৰ বাবে ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ দর্শনক লৈ আজি দেশত সামাজিক, অর্থনৈতিক আৰু সাংবিধানিক একতা বৃদ্ধিৰ মহাযজ্ঞ চলিছে৷ জল, স্থল, আকাশ আৰু মহাকাশ–প্রতিটো ক্ষেত্রতে ভাৰতৰ সামর্থ্য আৰু সংকল্প আজি অভূতপূর্ব। নিজৰ হিতৰ সুৰক্ষাৰ বাবে ভাৰতে আত্মনির্ভৰতাৰ নতুন মিচন লৈ আগুৱাই গৈছে।
বন্ধুসকল,
এনে সময়ত আমাৰ চৰ্দাৰ পেটেল চাহাবৰ এটা কথা নিশ্চিতভাৱে মনত ৰাখিব লাগিব৷ তেওঁ কৈছিল, “সকলোৰে একত্ৰিত প্রয়াসত আমি দেশক এক নতুন উচ্চতা, নতুন মহত্ব প্ৰদান কৰাব পাৰো আৰু একতাৰ অভাৱত আমি নতুন বিপর্যয়ৰ সন্মুখীন হ’বলগীয়া হয়৷” একতাৰ অভাৱত যিদৰে নতুন সংকটে দেখা দিয়ে, সকলোৰে সামগ্রিক প্রচেষ্টাত সেইদৰেই দেশ নতুন উচ্চতাত উপনীত কৰা পাৰো৷ স্বাধীন ভাৰত গঠনত সকলোৰে প্রচেষ্টা তেতিয়া যিমান প্রাসংগিক আছিল তাতকৈ আজি স্বাধীনতাৰ এই অমৃতকালত সেয়া অধিক প্ৰাসংগিক হৈছে৷ স্বাধীনতাৰ এই অমৃতকাল উন্নয়নৰ অভূতপূর্ব গতি অর্জনৰ সময়, কঠিন লক্ষ্য পূৰণৰ সময়। এই অমৃতকাল চৰ্দাৰ চাহাবৰ সপোনবোৰ বাস্তবায়িত কৰাৰ জৰিয়তে নতুন ভাৰত নির্মাণৰ সময়৷
বন্ধুসকল,
চৰ্দাৰ পেটেল চাহাবে আমাৰ দেশক এক শৰীৰ ৰূপে দেখিছিল৷ এক জীৱন্ত একক ৰূপে দেখিছিল৷ সেইবাবে তেওঁৰ ‘এক ভাৰত’ উচ্চাৰণৰ অৰ্থ এইটোও আছিল য’ত প্রতিগৰাকী দেশবাসীৰ বাবে সমান সুযোগ থাকিব, সমান সপোন দেখাৰ অধিকাৰ থাকিব৷ আজিৰ পৰা কেইবা দশক পূৰ্বে সেই সময়তো তেওঁলোকৰ আন্দোলনৰ শক্তি এটাই আছিল যে তেওঁলোকৰ আন্দোলনত মহিলা–পুৰুষ, সমাজৰ প্রতিটো অংশ আৰু প্রতিটো ধর্মৰ মানুহৰ সামগ্রিক প্রাণশক্তিৰ সমাহাৰ ঘটিছিল। সেইবাবে আজি যেতিয়া আমি ‘এক ভাৰত’ৰ কথা কও, তেতিয়া সেই ‘এক ভাৰত’ৰ স্বৰূপ কেনে হোৱা উচিৎ? সেই ‘এক ভাৰত’ৰ স্বৰূপ হোৱা উচিৎ–এখন এনে ভাৰত, য’ত মহিলাসকলে পুৰুষৰ সমান সুযোগ পাব৷ এখন এনে ভাৰত য’ত দলিত, বঞ্চিত, আদিবাসী–অঘৰী, দেশৰ প্রতিগৰাকী নাগৰিকে নিজকে আনৰ সমকক্ষ বুলি অনুভৱ কৰিব৷ এখন এনে ভাৰত য’ত বিদ্যুৎ, খোৱাপানীৰ দৰে সেৱাৰ ক্ষেত্রত কোনো বৈষম্য নাথাকিব, সকলোতে সমান অধিকাৰ থাকিব!
সেইটোকে বৰ্তমানৰ চৰকাৰ কৰিছে৷ ইয়াৰ বাবেই প্রতিদিনে নতুন লক্ষ্য নির্ধাৰণ কৰা হৈছে আৰু তাৰবাবেই আজি দেশৰ প্রতিটো সংকল্প ‘সবকা প্রয়াস’ যুক্ত হৈছে৷
বন্ধুসকল,
যেতিয়া ‘সবকা প্রয়াস’ বা সকলোৰে প্রচেষ্টা একত্ৰিত হয়, তেতিয়া তাৰ পৰা কেনে পৰিণাম পোৱা যায়, সেয়া আমি ক’ৰোনাৰ বিৰুদ্ধে দেশৰ যুঁজত সফলতাৰ জৰিয়তেও দেখিছো৷ নতুন নতুন ক’ভিড হাস্পতাল গঢ়ি তোলাৰ পৰা আৰম্ভ কৰি ভেণ্টিলেটৰৰ যোগান, প্রয়োজনীয় ঔষধ উৎপাদনৰ পৰা আৰম্ভ কৰি ১০০ কোটি টিকাৰ ড’জ দিব পৰাৰ পর্যায় অতিক্রম কৰা পর্যন্ত–এইবোৰ সাফল্য সকলো ভাৰতবাসী, সকলো পর্যায়ৰ চৰকাৰ, সকলো ধৰণৰ উদ্যোগ অর্থাৎ, সকলো প্রচেষ্টা সম্ভৱ হ’ব পাৰিছে।
‘সব কা প্রয়াস’ৰ এই ভাৱনাই দেশৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলৈ আৰু আত্মনির্ভৰ ভাৰত গঠনৰ মহাযজ্ঞৰ ভেঁটি কৰিব লাগিব৷ সম্প্রতি সকলো চৰকাৰী বিভাগৰ সন্মিলিত প্রচেষ্টাত, তেওঁলোকৰ মিলিত শক্তিৰে পিএম গতি শক্তি নেচনেল মাষ্টাৰ প্লেন ৰূপে এক উমৈহতীয়া প্লেটফর্মত অন্তর্ভুক্ত কৰা হৈছে৷ বিগত বছৰসমূহত বিভিন্ন ক্ষেত্রত বহুত নতুন নতুন সংস্কাৰ অনা হৈছে৷ এইবোৰৰ সামগ্রিক পৰিণাম হিচাপে ভাৰতে আজি বিনিয়োগৰ ক্ষেত্রত এক আকর্ষণীয় গন্তব্যস্থান হৈ উঠিছে।
ভাই–ভনীসকল,
চৰকাৰৰ সৈতে যদি সমাজৰ গতি শক্তিও সংযুক্ত হয়, তেতিয়াহ’লে ডাঙৰ ডাঙৰ সংকল্পকো বাস্তবায়িত কৰা কঠিন নহয়৷ সকলো সম্ভৱ৷ ইয়াৰ বাবে আজি প্রয়োজন হ’ল, যেতিয়াই আমি কোনো কাম কৰিম, তেতিয়াই অৱশ্যেই মনত ৰাখিব লাগিব যে এই কাম আমাৰ ব্যাপক ৰাষ্ট্ৰীয় ক্ষেত্রত কি প্রভাৱ পেলাব৷ যিদৰে স্কুল–কলেজত পঢ়া–শুনা কৰা নবীন বন্ধুসকলে এক লক্ষ্যৰে আগুৱাই গৈ থাকে যি তেওঁলোকে কোনো ক্ষেত্রত কি ধৰণৰ নতুন উদ্ভাৱন কৰিব পাৰে৷ সফলতা বা বিফলতা ডাঙৰ কথা নহয়, কিন্তু উদ্ভাৱনৰ চেষ্টা কৰাই যথেষ্ট প্রয়োজনীয়। তেনেদৰে আমি যেতিয়া বজাৰত কিনা–বেচা কৰো তেতিয়া নিজৰ পছন্দ–অপছন্দৰ সমান্তৰালভাৱে এইটোও চোৱা উচিৎ যে আমাৰ কিনা–বেচা আত্মনির্ভৰ ভাৰত অভিযানক সহযোগিতা কৰিলে তাৰ প্রতিকূল প্রভাৱ পৰিছে। ভাৰতৰ উদ্যোগসমূহেও বিদেশী কেঁচামাল অথবা উপাদানসমূহৰ ওপৰত নির্ভৰতা কমাই দেশীয় কেঁচামাল আৰু উপাদান অধিক ব্যৱহাৰ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিব পাৰে৷ আমাৰ কৃষকসকলেও দেশৰ প্রয়োজন অনুসৰি নতুন নতুন শস্যৰ খেতি আৰু নতুন পদ্ধতি অনুসৰণ কৰি আত্মনির্ভৰ ভাৰতত তেওঁলোকৰ অংশীদাৰিত্ব শক্তিশালী কৰিব পাৰে৷ আমাৰ সমবায় সংস্থাসমূহেও দেশৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষকৰ আৰু শক্তিশালী কৰি তুলিব পাৰে৷ আমি যিমানে আমাৰ ক্ষুদ্ৰ কৃষকক গুৰুত্ব দিব, তেওঁলোকৰ কল্যাণৰ উদ্দেশ্য লৈ আগুৱাই আহিব, তেতিয়াই গাঁৱৰ অতি প্রান্তীয় স্থানসমূহলৈকে আমি এক নতুন বিশ্বাস জগাই তুলিব পাৰিব, সিমানে আমাৰ এই লক্ষ্যপূৰণ সম্ভৱ হ’ব৷
বন্ধুসকল,
এই কথাবোৰ অতি সাধাৰণ কথা বুলি ভাৱিলেও কিন্তু ইয়াৰ পৰিণাম অত্যন্ত সুদূৰপ্রসাৰী আৰু অভূতপূর্ব হ’ব৷ বিগত বছৰসমূহত আমি দেখিছো যি কামক সৰু বুলি ভৱা হৈছিল–বিশেষকৈ স্বচ্ছতা, এই স্বচ্ছতাৰ দৰে বিষয়কো গণ–অংশীদাৰিত্বৰ জৰিয়তে কিদৰে দেশৰ শক্তিলৈ ৰূপান্তৰিত কৰা সম্ভৱ হৈছে! এজন সাধাৰণ নাগৰিক হিচাপে যেতিয়া আমি ‘এক ভাৰত’ গঢ়ি তোলাৰ বাবে আগুৱাই আহিব, তেতিয়া আমি সাফল্যও পাব আৰু প্রত্যেকে শ্রেষ্ঠ ভাৰত গঢ় দিয়া নিজৰ অৱদান আগবঢ়াব পাৰিব৷ আপোনালোকে সকলো সময়তে মনত ৰাখিব, ক্ষুদ্ৰ ক্ষুদ্ৰ কাম মহান হৈ উঠিব পাৰে যদি সেইবোৰ অন্তৰালত সুন্দৰ ভাৱনা আছে৷ দেশৰ সেৱা কৰাত যি আনন্দ আছে, যি সুখ আছে, তাৰ বর্ণনা কোনো শব্দৰে প্ৰকাশ কৰিব পৰা নাযায়৷ দেশৰ অখণ্ডতা আৰু একতাৰ বাবে ইয়াৰ নাগৰিকে কর্তব্য সম্পাদনৰ জৰিয়তে আমাৰ প্রতিটো প্রচেষ্টাত চৰ্দাৰ পেটেলজীৰ প্রতি প্রকৃত শ্রদ্ধাঞ্জলি হ’ব। নিজৰ সাফল্যৰ পৰা প্রেৰণা লৈ আমাৰ আগুৱাই যাব লাগিব৷ দেশৰ একতা, দেশৰ শ্রেষ্ঠত্বক নতুন উচ্চতাত উপনীত কৰিব৷ এই কামনাৰে আপোনালোক সকলোকে পুনৰবাৰ ‘ৰাষ্ট্রীয় একতা দিৱস’ উপলক্ষে বহুত বহুত শুভকামনা জনাইছো।
ধন্যবাদ!
****
DS/AKJ/VK/AK/DB
A tribute to the great Sardar Patel. https://t.co/P2eUmvo61n
— Narendra Modi (@narendramodi) October 31, 2021
एक भारत, श्रेष्ठ भारत के लिए जीवन का हर पल जिसने समर्पित किया, ऐसे राष्ट्र नायक सरदार वल्लभ भाई पटेल को आज देश अपनी श्रद्धांजलि दे रहा है।
— PMO India (@PMOIndia) October 31, 2021
सरदार पटेल जी सिर्फ इतिहास में ही नहीं हैं बल्कि हर देशवासी के हृदय में हैं: PM @narendramodi
भारत सिर्फ एक भौगोलिक इकाई नहीं है बल्कि आदर्शों, संकल्पनाओं, सभ्यता-संस्कृति के उदार मानकों से परिपूर्ण राष्ट्र है।
— PMO India (@PMOIndia) October 31, 2021
धरती के जिस भू-भाग पर हम 130 करोड़ से अधिक भारतीय रहते हैं, वो हमारी आत्मा का, हमारे सपनों का, हमारी आकांक्षाओं का अखंड हिस्सा है: PM @narendramodi
सरदार पटेल हमेशा चाहते थे कि, भारत सशक्त हो, समावेशी भी हो, संवेदनशील हो और सतर्क भी हो, विनम्र हो, विकसित भी हो।
— PMO India (@PMOIndia) October 31, 2021
उन्होंने देशहित को हमेशा सर्वोपरि रखा।
आज उनकी प्रेरणा से भारत, बाहरी और आंतरिक, हर प्रकार की चुनौतियों से निपटने में पूरी तरह से सक्षम हो रहा है: PM @narendramodi
आज़ाद भारत के निर्माण में सबका प्रयास जितना तब प्रासंगिक था, उससे कहीं अधिक आज़ादी के इस अमृतकाल में होने वाला है।
— PMO India (@PMOIndia) October 31, 2021
आज़ादी का ये अमृतकाल, विकास की अभूतपूर्व गति का है, कठिन लक्ष्यों को हासिल करने का है।
ये अमृतकाल सरदार साहब के सपनों के भारत के नवनिर्माण का है: PM @narendramodi
सरदार साहब हमारे देश को एक शरीर के रूप में देखते थे, एक जीवंत इकाई के रूप में देखते थे।
— PMO India (@PMOIndia) October 31, 2021
इसलिए, उनके 'एक भारत' का मतलब ये भी था, कि जिसमें हर किसी के लिए एक समान अवसर हों, एक समान सपने देखने का अधिकार हो: PM @narendramodi
आज से कई दशक पहले, उस दौर में भी, उनके आंदोलनों की ताकत ये होती थी कि उनमें महिला-पुरुष, हर वर्ग, हर पंथ की सामूहिक ऊर्जा लगती थी।
— PMO India (@PMOIndia) October 31, 2021
आज जब हम एक भारत की बात करते हैं तो उस एक भारत का स्वरूप क्या होना चाहिए? - एक ऐसा भारत जिसकी महिलाओं के पास एक से अवसर हों: PM
सरकार के साथ-साथ समाज की गतिशक्ति भी जुड़ जाए तो, बड़े से बड़े संकल्पों की सिद्धि कठिन नहीं है।
— PMO India (@PMOIndia) October 31, 2021
और इसलिए, आज ज़रूरी है कि जब भी हम कोई काम करें तो ये ज़रूर सोचें कि उसका हमारे व्यापक राष्ट्रीय लक्ष्यों पर क्या असर पड़ेगा: PM @narendramodi
Today, India pays homage to Sardar Patel, whose life was devoted to furthering national progress, unity and integration. pic.twitter.com/CYOjBisBgN
— Narendra Modi (@narendramodi) October 31, 2021
भारत सशक्त हो, समावेशी भी हो,
— Narendra Modi (@narendramodi) October 31, 2021
संवेदनशील हो और सतर्क भी हो,
विनम्र हो, विकसित भी हो।
सरदार पटेल ने देशहित को हमेशा सर्वोपरि रखा।
आज उनकी प्रेरणा से भारत हर प्रकार की चुनौतियों से निपटने में पूरी तरह से सक्षम हो रहा है। pic.twitter.com/pqWeKOjsot
Collective efforts have a great impact of national development.
— Narendra Modi (@narendramodi) October 31, 2021
Whenever we undertake any such effort, let us think about how it can strengthen the efforts for national transformation. pic.twitter.com/WNCXCv519G