Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰসংঘত বিশ্বজনীন স্বাস্থ্য সেৱা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মন্তব্যৰ অসমীয়া অনুবাদ


নমস্কাৰ!

মাননীয় ৰাষ্ট্ৰপতি,

বিশ্ব কল্যাণৰ আৰম্ভণি জন কল্যাণৰ পৰা আৰম্ভ হয় আৰু ইয়াৰ এটা প্ৰধান উপাদান হ’ল স্বাস্থ্য৷ আৰু ভাৰতৰ বাবে এই বিষয়টো অগ্ৰাধিকাৰযোগ্য বিষয়৷ আমি এই বিষয়ত সামূহিক উপলব্ধতাৰ সৈতে চাৰিটা স্তম্ভত কাম কৰিছো৷

প্ৰথম স্তম্ভটো হ’ল প্ৰতিৰোধাত্মক স্বাস্থ্যৰ৷ আমি যোগ, আয়ুৰ্বেদ আৰু ফিটনেছৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছো৷ আমি ডেৰ লাখতকৈও অধিক কল্যাণ কেন্দ্ৰ মুকলি কৰিছো৷ ইয়াৰ দ্বাৰা লাইফষ্টাইল ৰোগ যেনে ডায়েবেটিছ, ৰক্তচাপ, উদ্বেগ আদিক নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়াস কৰা হৈছে৷ ই-চিগাৰেটৰ বৰ্ধিত জনপ্ৰিয়তা চিন্তাৰ বিষয় হৈ পৰিছে৷ ভাৰতে যুৱচামক এই গম্ভীৰ সংকটৰ পৰা উদ্ধাৰ কৰাৰ বাবে ই-চিগাৰেট বন্ধ কৰি দিছে৷ আমাৰ ‘ক্লীন ইণ্ডিয়া’ অভিযানে লক্ষাধিক জীৱন ৰক্ষা কৰাত সহায়ক বিবেচিত হৈছে৷ টীকাকৰণৰ ওপৰতো আমি বিশেষ গুৰুত্ব দিছো৷ নতুন ভেকচিনসমূহ সংযোগ কৰাৰ সৈতে আমি দূৰ-দুৰণিৰ এলেকাসমূহতো ইয়াৰ উপলব্ধতা নিশ্চিত কৰিছো৷

দ্বিতীয়টো স্তম্ভ হ’ল ব্যয়সাধ্য স্বাস্থ্য সেৱা৷ আমি বিশ্বৰ সবাতোকৈ বৃহৎ স্বাস্থ্য নিশ্চিতি যোজনা আয়ুষ্মান ভাৰত প্ৰণয়ন কৰিছো৷ ইয়াৰ অধীনত ৫০০ মিলিয়ন দৰিদ্ৰক প্ৰতি বছৰে পাঁচ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান কৰা হৈছে৷ আৰু বিগত কেৱল এটা বছৰতে ৪.৫ মিলিয়ন লোকে ইয়াৰ লাভ অৰ্জন কৰিবলৈ সমৰ্থ হৈছে৷ আমি পাঁচ হাজাৰতকৈও অধিক বিশেষ ফাৰ্মাচীৰ ব্যৱস্থা আৰম্ভ কৰিছো য’ত ৮০০ত কৈও অধিক গুৰুত্বপূৰ্ণ ঔষধ কম দামত উপলব্ধ কৰোৱা হৈছে৷ হৃদয়ৰ ষ্টেণ্টৰ মূল্য ৮০ শতাংশ আৰু আঁঠু প্ৰতিষ্ঠাপনৰ মূল্য ৫০ৰ পৰা ৭০ শতাংশলৈ হ্ৰাস কৰা হৈছে৷ বৃক্কৰ সমস্যাৰ সৈতে পীড়িত লক্ষাধিক লোকে ভাৰতত নিঃশুল্ক ডায়েলাইছিছৰ সুবিধা লাভ কৰিছে৷

তৃতীয়টো স্তম্ভ হ’ল যোগান শৃংখলাৰ সংশোধনী আৰু ইয়াৰ বাবে আমি ভাৰতত গুণগতমানৰ চিকিৎসা শিক্ষাৰ বাবে, চিকিৎসা আন্তঃগাঁথনিৰ বাবে কেইবালানিও ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছো৷ দ্বিতীয়টো ক্ষেত্ৰৰ বাবে আমি অতুলনীয় সংশোধন কৰিছো৷

আৰু চতুৰ্থটো স্তম্ভ হ’ল অভিযানভিত্তিক প্ৰণয়নৰ৷ যদি মাতৃ আৰু শিশুসকল সুস্থ হয় তেতিয়া সম্পূৰ্ণ সমাজ সুস্থ হোৱাৰ ভেঁটি গঠন হয়৷ আৰু সেইবাবে আমি অভিযানভিত্তিত ৰাষ্ট্ৰীয় পোষণ অভিযানৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছো৷ বহনক্ষম বিকাশ লক্ষ্যৰ অধীনত যক্ষ্মা ৰোগক ২০৩০ চন পৰ্যন্ত সমাপ্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ভাৰতত আমি ইয়াত অভিযানভিত্তিক লক্ষ্যৰ জৰিয়তে ২০২৫ চনৰ ভিতৰত সমাপ্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো আৰু মোৰ সম্পূৰ্ণ বিশ্বাস যে এয়া আমি কৰিব পাৰিম৷ বায়ু প্ৰদূষণ, পশুৰ ৰোগ তথা তাৰ দ্বাৰা মানুহলৈ বিয়পা ৰোগসমূহৰ বিৰুদ্ধে আমি অভিযানৰ সূচনা কৰিছো৷

মাননীয়সকল,

স্বাস্থ্যৰ তাৎপৰ্য কেৱল ৰোগৰ পৰা মুক্তি নহয়, স্বাস্থ্যকৰ জীৱনৰ অধিকাৰ সকলোৰে আছে৷ ইয়াৰ বাবে যথাসম্ভৱ সকলো প্ৰয়াস কৰাটো আমাৰ চৰকাৰৰ দায়িত্ব৷ আৰু ভাৰতৰ প্ৰয়াস কেৱল ভাৰতৰ সীমাতেই সীমাৱদ্ধ নহয়৷ আমি বহু দেশত, বিশেষকৈ আফ্ৰিকাৰ দেশসমূহত টেলি-মেডিচিনৰ দ্বাৰা ব্যয়সাধ্য স্বাস্থ্য সেৱাৰ উপলব্ধতা বৃদ্ধিৰ বাবে সহযোগিতা প্ৰদান কৰিছো৷ আৰু আগলৈও কৰি থাকিম৷ আমাৰ অনুভৱ আৰু আমাৰ ক্ষমতা সকলো উন্নয়নশীল দেশৰ বাবে উপলব্ধ৷

মাননীনসকল,

সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়াৰ ভাৱনাৰ সৈতে মই নিজৰ ভাষণ সমাপ্ত কৰিছো৷ অৰ্থাৎ সকলো সুখী হওক, সকলো ৰোগমুক্ত হওক৷

বহু বহু ধন্যবাদ!

***

VRRK/SH/AK/MANN