Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৪তম অধিৱেশনৰ সমান্তৰালভাৱে এষ্ট’নিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্রীৰ বৈঠক


ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৪তম অধিৱেশনৰ সমান্তৰালভাৱে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে এষ্ট’নিয়াৰ ৰাষ্ট্ৰপতি কেৰ্ষ্টী কালজুলেইডেৰ সৈতে বৈঠকত মিলিত হয়৷ দুয়োগৰাকী নেতাই যোৱা আগষ্ট মাহত উপ-ৰাষ্ট্ৰপতি শ্রী এম. ভেংকায়া নাইডুৰ এষ্ট’নিয়া ভ্ৰমণৰ পাছত দ্বিপাক্ষিক সম্পর্কৰ বিভিন্ন দিশক লৈ বিস্তাৰিতভাৱে আলোচনাত কৰে৷

ই-গভৰ্নেন্স, চাইবাৰ নিৰাপত্তা, উদ্ভাৱনী ক্ষেত্রত পাৰস্পৰিক সহযোগিতা আৰু অধিক গভীৰ কৰাৰ বিভিন্ন পদক্ষেপ গ্ৰহণৰ বিষয়ে তেওঁলোকে আলোচনা কৰে৷ ২০২১–২২ চনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ অস্থায়ী সদস্য পদৰ প্ৰস্তাৱত এষ্ট’নিয়াৰ সমৰ্থনৰ বাবে প্ৰধানমন্ত্রীয়ে তেওঁক ধন্যবাদ জনায়৷ বৈঠকত পাৰস্পরিক সহযোগিতা বৃদ্ধিৰ বিভিন্ন সুযোগ-সুবিধাক লৈ আলোচনা হয়৷ ইয়াৰ ফলত দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পর্ক আৰু অধিক নিবিড় হ’ব৷

******

VRRK/AK/DB