প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষী ( এন এছ জি) ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে বাহিনীটোৰ জোৱানসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বাহিনীৰ জোৱানসকলে সাহস, নিখুঁত কৰ্মদক্ষতা আৰু কৰ্তব্যৰ প্ৰতি অটল দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰি আহিছে।
তেওঁ লগতে উল্লেখ কৰে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁলোকৰ নিৰন্তৰ সতৰ্কতা আৰু দেশৰ জনসাধাৰণ তথা ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ সম্পদসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ তেওঁলোকৰ সদা প্ৰস্তুত হৈ থকাৰ মনোভাৱে সকলোৰে মনত গভীৰ আস্থা আৰু গৌৰৱৰ ভাব জগাই তোলে।
শ্ৰী মোদীয়ে সামাজিক মাধ্যম ‘এক্স’ত কৰা এটা পোষ্টত কয়—
“ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে বাহিনীটোৰ জোৱানসকললৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
তেওঁলোকে সাহস, নিখুঁত কৰ্মদক্ষতা আৰু কৰ্তব্যৰ প্ৰতি অটল দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁলোকৰ নিৰন্তৰ সতৰ্কতা আৰু আমাৰ জনসাধাৰণ তথা ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ সম্পদসমূহ সুৰক্ষিত কৰিবলৈ তেওঁলোকৰ সদা প্ৰস্তুত হৈ থকাৰ মনোভাৱে অপৰিসীম আস্থা আৰু গৌৰৱৰ সৃষ্টি কৰে।”
@nsgblackcats”
Greetings to the personnel of the National Security Guard on their Raising Day.
They embody courage, precision and an unwavering commitment to duty. Their steadfast vigil against terrorism and their readiness to protect our people and vital national assets inspire immense confidence and pride.
@nsgblackcats
— Narendra Modi (@narendramodi) October 16, 2026
****
MJPS/SS/ST/DM
Greetings to the personnel of the National Security Guard on their Raising Day. They embody courage, precision and an unwavering commitment to duty. Their steadfast vigil against terrorism and their readiness to protect our people and vital national assets inspire immense confidence and pride. @nsgblackcats
— Narendra Modi (@narendramodi) October 16, 2026