Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ১৯৯৮ চনত পোখৰানত সফল পৰীক্ষা সম্পন্ন কৰা বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্পণৰ কথা গৌৰৱেৰে স্মৰণ কৰে। তেওঁ কয় যে এই যুগান্তকাৰী মুহূৰ্তটোৱে ভাৰতৰ বৈজ্ঞানিক উৎকৰ্ষতা আৰু অটল দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰযুক্তি এটা মূল স্তম্ভ হিচাপে বিবেচিত হৈছে। শ্ৰী মোদীয়ে কয় যে ই উদ্ভাৱনক ত্বৰান্বিত কৰিছে, সুযোগ সম্প্ৰসাৰণ কৰিছে আৰু বিভিন্ন খণ্ডত ৰাষ্ট্ৰৰ বিকাশত অৰিহণা যোগাইছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে প্ৰতিভাৰ সবলীকৰণ, গৱেষণাক উৎসাহিত কৰা আৰু ৰাষ্ট্ৰীয় প্ৰগতি আৰু জনসাধাৰণৰ আকাংক্ষাৰ হকে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি অহা হৈছে।

এই ঐতিহাসিক মাইলৰ খুঁটিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ১৯৯৮ চনৰ এই দিনটোতে পোখৰানত কৰা পাৰমাণৱিক পৰীক্ষণে বিশ্বক ভাৰতৰ বিস্ময়কৰ সামৰ্থ্যৰ সৈতে পৰিচয় কৰাই দিছিল। প্ৰধানমন্ত্ৰীয়ে বিজ্ঞানীসকলক দেশৰ গৌৰৱ আৰু আত্মসন্মানৰ প্ৰকৃত স্থপতি হিচাপে অভিহিত কৰি তেওঁলোকৰ ভূয়সী প্ৰশংসা কৰে।

এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অগ্নি হৈছে স্বৰ্গৰ সৰ্বোচ্চ শক্তি আৰু পৃথিৱীৰ সকলো শক্তিৰ প্ৰাথমিক উৎস। এই অগ্নিময় সাৰে পদাৰ্থৰ ক্ষুদ্ৰ কণিকাবোৰৰ ভিতৰত লুকাই থকা অপৰিসীম শক্তিক জাগ্ৰত কৰে আৰু সমগ্ৰ সৃষ্টিৰ ক্ষেত্ৰত শক্তি আৰু গতি প্ৰসাৰিত কৰে।

এক্সত এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছেঃ

“ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনালো। ১৯৯৮ চনত পোখৰানত সফল পৰীক্ষণ সম্পন্ন কৰা বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্পণক আমি গৌৰৱেৰে স্মৰণ কৰিছো। সেই যুগান্তকাৰী মুহূৰ্তটোৱে ভাৰতৰ বৈজ্ঞানিক উৎকৰ্ষতা আৰু অটল দায়বদ্ধতাক প্ৰতিফলিত কৰিছিল।

আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰযুক্তি এটা গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে। ই উদ্ভাৱনক ত্বৰান্বিত কৰিছে, সুযোগ সম্প্ৰসাৰণ কৰিছে আৰু বিভিন্ন খণ্ডত ৰাষ্ট্ৰৰ বিকাশত অৰিহণা যোগাইছে। প্ৰতিভাৰ সবলীকৰণ, গৱেষণাক উৎসাহিত কৰা আৰু ৰাষ্ট্ৰীয় প্ৰগতি আৰু আমাৰ জনসাধাৰণৰ আকাংক্ষাৰ হকে সেৱা আগবঢ়োৱাৰ ওপৰত আমি সদায়েই গুৰুত্ব আৰোপ কৰি আহিছো।”

“১৯৯৮ চনৰ আজিৰ দিনটোতে পোখৰানত কৰা পাৰমাণৱিক পৰীক্ষণে ভাৰতৰ বিস্ময়কৰ সামৰ্থ্যৰ বিষয়ে সমগ্ৰ বিশ্বক অৱগত কৰাইছিল।

আমাৰ বিজ্ঞানীসকল হৈছে দেশৰ গৌৰৱ আৰু আত্মসন্মানৰ প্ৰকৃত স্থপতি।

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम्।
अपां रेतांसि जिन्वति॥”

অগ্নি হৈছে স্বৰ্গৰ সৰ্বোচ্চ শক্তি আৰু পৃথিৱীৰ সকলো শক্তিৰ প্ৰাথমিক উৎস। এই অগ্নিময় সাৰে পদাৰ্থৰ ক্ষুদ্ৰ কণিকাবোৰৰ ভিতৰত লুকাই থকা অপৰিসীম শক্তিক জাগ্ৰত কৰে আৰু সমগ্ৰ সৃষ্টিৰ ক্ষেত্ৰত শক্তি আৰু গতি প্ৰসাৰিত কৰে।

***

MJPS/SS/PRK/NB