Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধ দেশলৈ উৎসৰ্গা প্ৰধানমন্ত্ৰীৰঃ সুভাষ চন্দ্ৰ বসুৰ নামত বঁটা ঘোষণা

ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধ দেশলৈ উৎসৰ্গা প্ৰধানমন্ত্ৰীৰঃ সুভাষ চন্দ্ৰ বসুৰ নামত বঁটা ঘোষণা

ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধ দেশলৈ উৎসৰ্গা প্ৰধানমন্ত্ৰীৰঃ সুভাষ চন্দ্ৰ বসুৰ নামত বঁটা ঘোষণা

ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধ দেশলৈ উৎসৰ্গা প্ৰধানমন্ত্ৰীৰঃ সুভাষ চন্দ্ৰ বসুৰ নামত বঁটা ঘোষণা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰক্ষী স্মৃতি দিৱসত দেশবাসীলৈ ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধ উৎসৰ্গা কৰে৷

প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক সন্মানিত কৰিবলৈ নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামত এটি বঁটা ঘোষণা কৰে৷ সাহস আৰু বীৰত্বৰ স্বীকৃতিস্বৰূপে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হ’ব৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে৷ হট স্প্ৰিংছ ঘটনাৰ তিনিগৰাকী ভুক্তভোগী সদস্যক তেওঁ সন্মানিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক সংগ্ৰাহালয়ো উদ্বোধন কৰে৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ সেৱাৰ বাবে প্ৰাণ আহুতি দিয়া আৰক্ষী জোৱানসকলৰ সাহস আৰু ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷

ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধ মুকলিৰ বাবে সন্তুষ্টি ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই স্মৃতিসৌধৰ সৈতে জড়িত প্ৰতিটো লক্ষ্যই নাগৰিকক অনুপ্ৰাণিত কৰিব আৰু তেওঁলোকক আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰ সাহসিকতাৰ বিষয়ে শিক্ষা দিব৷ আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু সশস্ত্ৰ বাহিনীৰ ত্যাগ আৰু ধাৰাবাহিক প্ৰচেষ্টাৰ বাবে দেশবাসীয়ে শান্তি, সম্প্ৰীতিৰে বাস কৰিব পাৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীসমূহৰ ত্যাগ আৰু অৱদানকো স্মৰণ কৰে৷

ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে স্মৃতিসৌধটো এনডিএ চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় আছিল আৰু ইয়াক সময়মতে সম্পূৰ্ণ কৰি তোলা হৈছে।

প্ৰযুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি প্ৰধানমন্ত্ৰীয়ে আৰক্ষী বাহিনীক দৈনন্দিন কৰ্তব্যত প্ৰযুক্তি আৰু নতুন উদ্ভাৱন ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আৰক্ষী বাহিনী আঁচনিৰ আধুনিকীকৰণ(এমপিএফ)ৰ কথা উল্লেখ কৰে, যিয়ে আৰক্ষী বাহিনীক প্ৰযুক্তি, আধুনিক যোগাযোগ ব্যৱস্থা আৰু আধুনিক ক্ষেপনাস্ত্ৰৰে সমৃদ্ধ কৰি তুলিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আৰক্ষী আৰু সমাজৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আৰক্ষী বাহিনীৰ গুতুত্বপূৰ্ণ ভূমিকা আছে৷ এইবাবে আৰক্ষী চকীসমূহ অধিক নাগৰিককেন্দ্ৰিক কৰি তুলিবলৈ আৰক্ষী বাহিনীক প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়৷

***

AKT/ VJ/MS