পি এম ইণ্ডিয়া

প্ৰায় এমাহৰ আগতে তোমালোক যেতিয়া ইয়ালৈ আহিছিলা, তেতিয়া তোমালোকৰ নিজ নিজ জিলাৰ পৰিচয়েৰেহে তোমালোকে পৰিচিত হৈছিলা। কিন্তু এই এটা মাহৰ ভিতৰতে ইয়াত এনে এটা পৰিবেশৰ সৃষ্টি হল যে তোমালোক প্ৰত্যেকেই এতিয়া পৰস্পৰৰ বন্ধু হৈ পৰিলা আৰু এক চিঙিব নোৱাৰা আত্মীয়তাৰ বান্ধোনেৰে সকলো বান্ধ খাই পৰিলা। বেলেগ বেলেগ ৰাজ্যৰ পৰা অহা কেডেটসকলক লগ পাওতে, আৰু তেওঁলোকৰ মাজত দেখা অন্যান্যতা আৰু বৈচিত্ৰ্যতা দেখি তোমালোক চাগৈ আশ্চৰ্যান্বিত হৈ উঠিছিলা। তোমালোক যেতিয়া ইয়াৰ পৰা উভতি যাবা তেতিয়া দেশক অধিক জনাৰ আগ্ৰহ অনুভৱ কৰিবা। ভাৰতীয় নাগৰিক হোৱাৰ গৌৰৱবোধৰে তোমালোকৰ মন ভৰি উঠিব। দৰাচলতে দেশৰ বিষয়ে যিমানে জানিব পাৰিবা, দেশৰ প্ৰতিটো প্ৰান্তৰ বিষয়ে যিমান অধিক জনাৰ সুযোগ পাবা, দেশৰ বৈচিত্ৰ্যতাৰ কথা যিমানে অনুভৱ কৰিবা সিমানেই দেশৰ প্ৰতি একাত্মবোধ কৰিব পাৰিবা। আচলতে ৰাষ্ট্ৰীয় কেডেট ক’ৰ অথবা এনচিচিৰ প্ৰতিটো শিবিৰতে এনে এক প্ৰমূল্যবোধৰ বীজ ৰোপণ কৰা হয়। দেখাত আমি পেৰেডত ভাগ লও, দেখাত আমি গণবেশ পৰিধান কৰো, ৰাজপথৰ মিচিলত অংশগ্ৰহণৰ প্ৰস্তুতি চলাও, আৰু এইবোৰ কৰি থাকোতেই আমিনো কেতিয়া বিশাল ভাৰতবৰ্ষখনক হৃদয়ত স্থাপন কৰি ললো তাৰ গমেই নাপাও। দেশক ভাল পোৱাৰে আমাৰনো মন কেনেকৈ পূৰ্ণ হৈ উঠিল তাৰ উমগামেই নাপাও। ভাৰতৰ বাবে কিবা এটা কৰাৰ এক দুৰ্বাৰ আকাংক্ষানো আমাৰ মনত কেনেকৈ বিকশিত হল সেই কথাও আনকি আমি তলকিব নোৱাৰিলো। এনে এক পৰিবেশ, এনে এক পাৰিপাৰ্শ্বিকতা, যিয়ে আমাক কেৱল দেশৰ কথা ভবাৰ, আমাৰ মংগলময় ভৱিষ্যতৰ কথা চিন্তা কৰাৰ বাবে প্ৰতি মুহূৰ্ততে উদ্বুদ্ধ কৰে। এনে এক প্ৰেৰণাৰে উদ্বুদ্ধ হৈয়ে আমিবোৰ উভতি যামগৈ। ৰাজপথৰ সমদলত অংশগ্ৰহণ কৰা কেডেটসকল, তোমালোকে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপক লৈ আমি এই সমদলত ভাগ লবলৈ নোপোৱাসকলৰ উপৰি এই কাৰ্যসূচীৰে জড়িত, নেপথ্যত থাকি যোৱা এটা মাহে কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰা প্ৰত্যেকগৰাকী ব্যক্তি, দহখন দেশৰ পৰা অহা অতিথিসকল, সমগ্ৰ দেশৰ লগতে পৃথিৱীজুৰি থকা প্ৰবাসী ভাৰতীয়সকল সঁচাকৈ গৌৰৱান্বিত। তোমালোকে আগবঢ়োৱা প্ৰতিটো পদক্ষেপে যেন আমাৰ দেশৰ প্ৰগতিকহে প্ৰতিৱিন্বিত কৰিছে তেনে এক অনুভৱৰে তেওঁলোকৰ মনবোৰ ভৰি উঠিছে। তোমালোকৰ দুঃসাহসিক প্ৰদৰ্শনবোৰ প্ৰত্যক্ষ কৰি দেশবাসীয়ে উচ্চ শিখৰত উপনীত হোৱা দেশৰ শৌৰ্যকহে যেন প্ৰত্যক্ষ কৰিছে। এই পৰিবেশ, এই বাতাবৰণ কেৱল এই স্থানতে সীমাবদ্ধ হৈ থকা নাই, আচলতে ইয়াৰ প্ৰকৃত প্ৰভাৱ ইয়াৰ পৰা বিস্তাৰিতহে হৈছে।
দৰাচলতে শৃংখলাবদ্ধতা আৰু একতাৰ অন্য নাম হল এনচিচি। এনচিচি কেৱল এক যান্ত্ৰিক ব্যৱস্থা নহয়। এনচিচি এক অভিযানহে। এনচিচি কেৱল এক গণবেশ পৰিধানকাৰী কিম্বা এক ৰূপধাৰী সংগঠন নহয়, বৰং আক্ষৰিক অৰ্থতেই একতাকে প্ৰতিনিধিত্ব কৰে। আৰু সেয়ে….. তেন্তে এই পেৰেড, এই শিবিৰ, এই শৃংখলাবদ্ধতা, এই কঠিন সাধনাৰ জৰিয়তেনো কি লক্ষ্যত উপনীত হবলৈ বিচৰা হৈছে? এইবোৰৰ প্ৰয়োজনেইবা কি? দেশৰ দুখীয়াৰো দুখীয়া লোকসকলৰ ধননো এইবোৰত ব্যয় কৰাৰ অৰ্থ কত? আচলতে আনক উদ্বুদ্ধ কৰিব পৰা এদল ব্যক্তিক গঢ়ি তোলাৰ বাবে দেশৰ ভিতৰত এক অভিযান অব্যাহত ৰখাৰ এয়া এক বিনম্ৰ প্ৰয়াস। দেশে গ্ৰহণ কৰা প্ৰগতিৰ লক্ষ্যলৈ আগবঢ়াৰ বাবে অধিক দৃঢ়তাৰে পদক্ষেপ লোৱাৰ প্ৰচেষ্টা এয়া। এই অৰ্থত ইয়াক জীৱনক বিকশিত কৰাসকলৰ জৰিয়তে সহস্ৰজনক উদ্বুদ্ধ কৰাৰ লগতে সামগ্ৰিকভাৱে দেশক বিকশিত কৰাৰ প্ৰয়াস বুলিও কব পৰা যায়। যদি আমি এই অনুভৱক ইয়াতে এৰি যাও তেন্তে আমাৰ জীৱনৰ বাকী থকা দিনবোৰত ইয়াৰ স্মৃতি কেৱল আমাৰ বন্ধু-বান্ধৱৰ মাজত বিলোৱাত শেষ হব। পিচে এনে কৰিলে বিশেষ কিবা এটা যেন কৰবাতে হেৰাই থাকিব। এটা কথাক লৈ আমি সদায় গৌৰৱ কৰা উচিত; স্বাধীনতাৰ পিছত সশস্ত্ৰ সেনাবাহিনীৰ বিধি নিয়ম যুগুতোৱাৰ পূৰ্বেই এনচিচি সম্পৰ্কীয় আইনখনহে দেশে যুগুতাই উলিয়াইছিল। দেশৰ সুৰক্ষাৰো আগত যুৱ প্ৰজন্মক জড়িত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰসংগকহে অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল।
এনচিচিয়ে আজি ৭০টা বছৰ সম্পূৰ্ণ কৰিলে। যোৱা সাতোটা দশকৰ জয়যাত্ৰাত এনচিচিয়ে মোৰ দৰে লক্ষ লক্ষ কেডেটক দেশপ্ৰেমৰ প্ৰমূল্যবোধেৰে দীক্ষিত কৰি জীৱন বাটত বাট বুলাৰ প্ৰেৰণা দিছে।
বন্ধুসকল, এনচিচিয়ে আমাক অভিযানৰ দীক্ষা দিছে। এনচিচিৰ ৭০ বছৰ পূৰ্ণ হোৱাৰ মুহূৰ্তত আজি আমি সময়ৰ আহ্বান সাৰোগত কৰি কেইটামান কথাত দৃষ্টি নিক্ষেপ কৰিব লাগিব, আমিনো কৰ পৰা আহিছো, আমিনো এতিয়া কলৈ যাম আৰু আমাৰ দেশকনো আমি কলৈ লৈ যাব খুজিছো। আজিৰ এনচিচিৰনো ৰূপ কি হোৱা উচিত আৰু কোনবোৰ নতুন বিষয়নো এনচিচিৰে সংযুক্ত কৰা উচিত? আগন্তুক দিনবোৰত এনচিচিক ন-ৰূপ দান কৰি ইয়াৰ ৭৫ বছৰীয়া জয়ন্তীত দেশলৈ নতুনত্বৰ জোৱাৰ আনিব পৰা এক সংগঠনৰ ৰূপত প্ৰতিষ্ঠা কৰিব পৰাকৈ এক অভিযানৰ কাৰ্যক্ৰমযুগুতাই উলিয়াবলৈ এই মুহূৰ্তত মই এই কাৰ্যক্ৰমেৰে জড়িত প্ৰতিগৰাকী ব্যক্তিক আহ্বান জনাব খুজিছো। ই দেশৰ প্ৰতিটো প্ৰান্তত পৰিৱৰ্তন সম্ভৱ কৰিব পৰা এক অভিযানৰ মূল শক্তি হব এনচিচি। সংগঠন হিচাপে এনচিচি আৰু ইয়াৰ প্ৰতিগৰাকী কেডেটৰ কাৰ্যই দেশবাসীক গৌৰৱান্বিত কৰিব লাগিব। ৭০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰাৰ মুহূৰ্তত আজি আমি ৭৫ বছৰত সম্ভৱ কৰিবলগীয়া কাৰ্যৰ বাবে অভিযানৰ পণ লোৱা উচিত।
দুৰ্নীতি সহ্য কৰি থকাৰ বাবে মোৰ দেশৰ যিকোনো এগৰাকী যুৱক-যুৱতীয়েই ইচ্ছুক বুলি মই নাভাবো। সামগ্ৰিকভাৱে দেশবাসীয়ে সমাজৰ দুৰ্নীতিৰ বিৰুদ্ধে এক বৈৰী ভাৱ পোষণ কৰি আহিছে। কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে বৈৰী ভাৱ পোষণ কৰাতে আমি কিয় ক্ষান্ত হৈ ৰৈছো, দুৰ্নীতিৰ বিৰুদ্ধে ক্ষোভ উজাৰিয়েনো আমি আমাৰ কৰ্তব্য সামৰিছো কিয়? এয়াই কি পৰ্যাপ্ত? তেন্তে দুৰ্নীতিক পুলিয়ে পোখাই উভালি নেপেলোৱা পৰ্যন্ত আমি আমাৰ যুঁজখন অব্যাহত ৰাখিব লাগিব। এইখন যুঁজ দুৰ্নীতিৰ বিৰুদ্ধে, এইখন যুঁজ কলা ধনৰ বিৰুদ্ধে, দেশৰ নৱপ্ৰজন্মৰ ভৱিষ্যত গঢ়াৰ কাৰণে। আৰু যদি মোৰ দেশৰ প্ৰতিগৰাকী যুৱক-যুৱতীৰ ভৱিষ্যত যদি সুৰক্ষিত হয়, তেন্তে মোৰ দেশকো নিশ্চিতভাৱেই সুৰক্ষিত কৰিব। পিচে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে মই ভাৰতৰ যুৱ প্ৰজন্মক এটা কথা সুধিব খুজিছো, মই আমাৰ এনচিচি কেডেটসকলক এটা কথা সুধিব খুজিছো। মই জানো তোমালোকে মোক কেতিয়াও নিৰাশ নকৰা। মোৰ দেশৰ যুৱক-যুৱতীসকলে মোক কেতিয়াও নিৰাশ নকৰে। মই তোমালোকৰ পৰা ভোট ভিক্ষা নকৰো অথবা ৰাজনৈতিক দিশত আগবাঢ়ি যোৱাৰ বাবে সহযোগিতাও নিবিচাৰো, বৰং আমাৰ দেশক উঁই পোকৰ দৰে খুলি খুলি খোৱা দুৰ্নীতিৰ পৰা মুক্ত কৰাত সহায় কৰিবলৈহে তোমালোকক আহ্বান জনাব খুজিছো। তোমালোকে চাগৈ ভাবিছা তোমালোকেনো কি কৰিব পাৰিবা। খুব বেছি আমি কাকো ঘোচ নিদিও অথবা খুব বেছি আমি কাৰো পৰা ঘোচ নলও বুলি সিদ্ধান্ত লব পাৰিবা। যিকোনো পৰিস্থিতিত তোমালোকে সেয়া নিশ্চয় কৰিব পাৰিবা। পিচে সেয়াই কিন্তু যথেষ্ট নহয়। ইয়াৰ লগতে তোমালোকে যদি প্ৰত্যেকেই প্ৰতি বছৰে অন্তত ১০০টা পৰিয়ালক এনে এক সিদ্ধান্ত গ্ৰহণৰ বাবে উদ্বুদ্ধ কৰাৰ প্ৰতিজ্ঞা গ্ৰহণ কৰা, তেনেহলে ভাবি চোৱাচোন কি হব পাৰে! যদি সকলো দায়বদ্ধ হয়, যদি স্বচ্ছতাৰে কামবোৰ সম্পন্ন হয়, তেন্তে স্বয়ংক্ৰিয়ভাৱেই অৱস্থাৰ পৰিৱৰ্তন হবই। তোমালোকে বাৰু কিবা বস্তু কিনোতে অথবা ধনৰ লেনদেন হোৱা কোনো কাম কৰোতে নগদ ধন ব্যৱহাৰ নকৰাৰ প্ৰতিজ্ঞা কৰিব পাৰিবানে? আমি যিহেতু সকলোৱেই মোবাইল ফোন ব্যৱহাৰ কৰো, তেন্তে ভীম এপ্ ডাউনলোড কৰি বয়-বস্তু কিনোতে ভীম এপৰ জৰিয়তে মূল্য পৰিশোধৰ অভ্যাস কৰিব নোৱাৰোনে? বসয়-বস্তু কিনা দোকান, মল আদিত ভীম এপৰে দাম পৰিশোধ কৰাৰ বাবে তোমালোকে বাৰু জোৰ দিয়ানে নাই। দিব লাগে। এই অভ্যাস গঢ়ি তোলাচোন, দেখিবা এই অভ্যাসেই লাহে লাহে স্বচ্ছতা আৰু দায়বদ্ধতাৰ পৰিবেশ সৃষ্টি কৰি এখন দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ ক্ষেত্ৰত শক্তিশালী বূমিকা পালন কৰিবগৈ। আৰু এয়া মোৰ দেশৰ যুৱ-প্ৰজন্মৰ সহায়ৰ অবিহনে সম্ভৱ কৰিব পৰা নাযাব।আৰু যদি আমাৰ এনচিচি কেডেটসকলে এই কাম অভিযানৰ ৰূপত সম্পন্ন কৰাৰ পণ লয় তেন্তে আমাৰ দেশক দুৰ্নীতিৰ কৰাল গ্ৰাসলৈ ঠেলি দিবলৈ কোনেও সহায় গোটাব নোৱাৰিব। আননকি অতিকে উচ্চ পদত স্থলাভিষিক্ত দুৰ্নীতি পৰায়ণ বিষয়া এজনেও সত্ পথলৈ আহিবলৈ বাধ্য হব।
এটা সময় আছিল দেশত নিৰাশাই বিৰাজ কৰিছিল। দুৰ্নীতিৰ বিৰুদ্ধে বহু কথাই কোৱা হৈছিল। পিছে ক্ষমতাশালী ব্যক্তিৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপেই গ্ৰহণ কৰা দেখা নগৈছিল। ইয়াৰ বিপৰীতে আজি, তোমালোকে এনে এক সময় অতিবাহিত কৰিছা, যত অন্ততঃ তিনিগৰাকী মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ গোচৰত জেলৰ ভাত খাবলগীয়া হৈছে। ঈশ্বৰ নাই বুলি কব পাৰে, ঈশ্বৰৰ গৃহত ন্যায় নাপাই বুলিয়েনো বাৰু কোনে দাবী কৰিব পাৰে? এতিয়া দুৰ্নীতিগ্ৰস্তক সুৰক্ষা দিওতা কোনো নাই। আৰু সেয়ে আজি মই এনচিচি কেডেটসকলৰ আগত এই কথা উল্লেখ কৰিছো। আৰু তেওঁলোকৰ জৰিয়তে দেশৰ প্ৰতিগৰাকী এনচিচি কেডেট তথা দেশৰ বাবে জীৱন-মৰণ একাকাৰ কৰিব খোজা স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীক দুৰ্নীতিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছো। এইখন যুঁজত মোৰ সৈতে একোগৰাকী সৈনিক হৈ থিয় দিয়াহি আহা। দেশক খুলি খুলি খোৱা উঁই সদৃশ দুৰ্নীতিক আমি যদি একেলগ হৈ উত্খাত কৰিব পাৰো, তেন্তে অনাগত দিনত আমি আমাৰ দেশৰ দৰিদ্ৰ জনতাক তেওঁলোকৰ ন্যায্য অধিকাৰ প্ৰদান কৰিবলৈ সক্ষম হম।
সমাজৰ এই ব্যাধিক মষিমূৰ কৰিব পাৰিলে দেশৰ আটাইবোৰ দৰিদ্ৰ জনতাই বাৰুকৈয়ে উপকৃত হব। দেশৰ প্ৰতিটো টকা যদি উচিতভাৱে খৰচ কৰিব পাৰো তেন্তে দৰিদ্ৰ পৰিয়ালসমূহে ব্যয়-সাধ্য দৰত ঔষধপাতি লাভ কৰিব। ধনৰ সদব্যৱহাৰ সম্ভৱ কৰিব পাৰিলে দুখীয়া ঘৰৰ লৰা-ছোৱালীলৈ ভাল স্কুল, ভাল শিক্ষকৰ ব্যৱস্থা কৰিব পৰা যাব। ধনৰ সদ-প্ৰয়োগ কৰিব পাৰিলে, গাঁৱৰ পৰা গাঁৱলৈ ভাল পথ-ঘাটৰ ব্যৱস্থা কৰিব পৰা যাব, ধনৰ উচিত ব্যৱহাৰ সম্ভৱ কৰিব পাৰিলে সমাজৰ বঞ্চিত, শোষিত, নিষ্প্ৰেষিতসকলৰ কল্যাণৰ বাবে পদক্ষেপ গ্ৰহণৰ সুযোগ পোৱা যাব।
মোৰ দেশৰ প্ৰিয় যুৱক-যুৱতীসকল, তোমালোকে আজিৰ যুগৰ লৰা-ছোৱালী, আধুনিক পৃথিৱীৰ আধুনিক প্ৰযুক্তিৰ বিষয়ে তোমালোক বাৰুকৈয়ে অৱগত। আজিৰ প্ৰেক্ষাপটত সেয়ে আধাৰৰ প্ৰসঙ্গত আলোচনা হৈছে আৰু পৰিৱৰ্তিত সময়ত এই তথ্যাৱলীৰ গুৰুত্ব কিমান সেই বিষয়ে চাগৈ তোমালোকক বহলাই নকলেও হব। এনে এক সময়লৈ চাগৈ অধিক বাট চাব নালাগিব, যিখন দেশৰ হাতত এই তথ্য ভাণ্ডাৰ মজুত থাকিব সেইখন দেশক শক্তিৱন্ত বুলি গণ্য কৰা হব। আজিৰ এই ডিজিটেল পৃথিৱীত, তথ্যৰ বিশ্বত আধাৰক লৈ অনাগত দিনত ভাৰতে গৌৰৱ কৰাৰ বহু অৱকাশ থাকিব।
আৰু এতিয়া এই আধাৰৰ সুবাদতে দৰিদ্ৰ জনতালৈ আবণ্টিত, সৰ্বসাধাৰণ ৰাইজলৈ উচৰ্গিত লাভ পোনে পোনে প্ৰেৰণৰ সুযোগ গ্ৰহণ কৰিব পৰা গৈছে। ইয়াৰ পূৰ্বে ইয়াৰ আধিকাংশই দুৰ্নীতিগ্ৰস্তই হৰলুকি কৰিবলৈ সুবিধা পাইছিল। জন্ম নৌহওতেই ছোৱালী ডাঙৰ হৈছিল, বিয়া হৈ আনকি বিধৱাও হৈছিল। চৰকাৰী নথি-পত্ৰত থকা এনে তথ্যৰ আধাৰত ৰাজকোষৰ পৰা বিধৱা পেন্সনো আবণ্টিত হোৱাৰ নজিৰ পোৱা গৈছিল। কিন্তু আজি আধাৰৰ তথ্যৰ জৰিয়তে প্ৰকৃত হিতাধিকাৰীক চিনাক্ত কৰি প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনিৰ অধীনত চৰকাৰী আঁচনিৰ সা-সুবিধা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু মোৰ দেশৰ যুৱক-যুৱতীসকল, এনেদৰে এলানি আঁচনি ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে যদিও এতিয়াও ১০০ শতাংশ সম্পূৰ্ণ কৰিবগৈ পৰা নাই। কিন্তু ইমানখিনি কৰোতেই ইমান দিনে দুৰ্নীতিগ্ৰস্তৰ হাতলৈ যোৱা প্ৰায় ৬০,০০০ কোটি টকা পৰিমাণৰ ধনৰাশি সুৰক্ষিত কৰিব পৰা গৈছে। এয়া সকলো সম্ভৱ হয়। আৰু সেয়ে, মোৰ প্ৰিয় যুৱক-যুৱতীসকল, সকলো ধৰণৰ লেনদেনত নগদ ধনৰ ব্যৱহাৰ নকৰি, আনকি শিক্ষানুষ্ঠানৰ মাচুল দিয়াৰ বেলিকাও কেৱল ভীম এপৰ জৰিয়তেহে লেনদেন কৰাৰ অভ্যাস গঢ়িবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো। সকলোৱে মান বান্ধি আগবাঢ়ি আহিলে চাবাচোন দেশলৈ কেনে পৰিৱৰ্তনৰ জোৱাৰ আহিব।
মোৰ প্ৰিয় যুৱ বন্ধুসকল, তোমালোকে জীৱনৰ বাবে এক সুন্দৰ অভিজ্ঞতা আহৰণ কৰিলা। দেশৰ সকলো প্ৰান্তৰ পৰা অহা লোকসকলৰ সৈতে একেলগে থাকি এই কম সময়ৰ ভিতৰতে দেশক জনাৰ এক বিৰল সুযোগ লাভ কৰিলা। এক নতুন অনুভৱ, ভাৰত সন্দৰ্ভত এক নতুন আবেগেৰে তোমালোকৰ মনবোৰ নিশ্চয় পুলকিত হৈ উঠিছে। এই নতুন অনুভৱ, এই নতুন উদ্দীপনা, নতুন অভিলাষক সাৰোগত কৰি এখন নতুন ভাৰত গঢ়াৰ মন্ত্ৰৰে আমি একেলগে আগবাঢ়ি যাও আহা। ২০২২ চনত আমি যেতিয়া স্বাধীনতাৰ ৭৫ সংখ্যক জয়ন্তী উদযাপন কৰিমগৈ তেতিয়ালৈ আমাৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া মহানুভৱসকলৰ সপোন সাৰ্থক কৰাৰ বাবে সংকল্প লও আহা।
তোমালোক আটাইলৈ শুভকামনা জনাই সামৰিছো।
ধন্যবাদ।
*****
AKT/HS/MANN
Every youngster came here with their own personality and identity but I am sure the last month would have led to the formation of new friendships and learning of new things from others: PM @narendramodi https://t.co/2HpoKDlNub
— PMO India (@PMOIndia) January 28, 2018
NCC camps teach every youngster about the different cultures of India. It motivates every youngster to do something good for the nation: PM @narendramodi https://t.co/2HpoKDlNub
— PMO India (@PMOIndia) January 28, 2018
This spirit that has been learnt in NCC camps has to remain with you for life: PM @narendramodi at the NCC parade https://t.co/2HpoKDlNub
— PMO India (@PMOIndia) January 28, 2018
NCC is not about uniform or uniformity, it is about unity. Through NCC we nurture teams that work in mission mode and inspire others: PM @narendramodi
— PMO India (@PMOIndia) January 28, 2018
NCC completes 7 glorious decades. It has given a sense of mission to several people. Today we celebrate what we have achieved and also think about how we can make the NCC experience even more effective in the years to come: PM @narendramodi https://t.co/2HpoKDlNub
— PMO India (@PMOIndia) January 28, 2018
I urge all stakeholders to think about the plan of action of the next 5 years, when NCC turns 75: PM @narendramodi https://t.co/2HpoKDlNub
— PMO India (@PMOIndia) January 28, 2018
The youth of India refuses to accept corruption. The fight against corruption and black money will not stop. This is a fight for the future of India's youth: PM @narendramodi
— PMO India (@PMOIndia) January 28, 2018
My young friends, I am here to ask for something. No, I am not here for seeking votes or politics. My appeal is- please further digital transactions through (the BHIM App). Please also get others on that platform. This is a step towards transparency and accountability: PM
— PMO India (@PMOIndia) January 28, 2018
Once the youth of India decide something, everything is possible: PM @narendramodi
— PMO India (@PMOIndia) January 28, 2018
Earlier people believed that nothing happens to the rich and powerful. But, things are different today. People who served as Chief Ministers are in jail for their corruption: PM @narendramodi https://t.co/2HpoKDlNub
— PMO India (@PMOIndia) January 28, 2018
These days you keep hearing about Aadhaar. I want to say Aadhaar has added great strength to India's development. What would earlier get into wrong hands is now going to the intended beneficiaries: PM @narendramodi
— PMO India (@PMOIndia) January 28, 2018