পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদীৰ নেতৃত্বত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত আজি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ(এনএমচি) বিলৰ কেইবাটাও সংশোধনৰ প্রস্তাৱত অনুমোদন জনায়। চলিত বৰ্ষৰ ২ জানুৱাৰীত লোকসভাত এনএমচি বিলৰ সংশোধনৰ সম্পর্কে আলোচনা আৰু পৰৱর্তী সময়ত সংশ্লিষ্ট দপ্তৰ সম্পর্কীয় সংসদীয় স্থায়ী কমিটীৰ ওচৰলৈ পঠোৱাৰ পাছত এই অনুমোদনৰ প্রস্তাৱ উত্থাপন কৰা হয়।
চূড়ান্ত এমবিবিএছ পৰীক্ষাক সমগ্ৰ দেশৰ ক্ষেত্রতে প্রযোজ্য এটি সাধাৰণ পৰীক্ষাৰ আওতালৈ অনা, আধুনিক চিকিৎসা পদ্ধতি অনুসৰণৰ বাবে আয়ুষ চিকিৎসকসকলৰ সংক্ষিপ্ত পাঠ্যক্ৰমৰ ব্যৱস্থাক প্ৰত্যাহাৰ কৰি তাক সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ বিবেচনাৰ আওতালৈ অনা, বে-চৰকাৰী মেডিকেল শিক্ষা প্রতিষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ মর্যাদাপ্রাপ্ত শিক্ষা প্রতিষ্ঠানসমূহত ৫০ শতাংশ আসনৰ ক্ষেত্রত পাঠ্যক্ৰম মাচুল নিয়ন্ত্রণ, এনএমচিত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ পৰা মান উন্নয়নৰ সংখ্যা ৩ৰ পৰা বৃদ্ধি কৰি ৬ কৰা, নিয়মনীতি অনুসৰণৰ পথৰ পৰা বিচ্যুত মেডিকেল কলেজসমূহৰ ক্ষেত্রত জৰিমনা ধার্য কৰা, আৰু উপযুক্ত শিক্ষা অবিহনে চিকিৎসাৰ সৈতে জড়িত ব্যক্তিসকলৰ বিপৰীতে কঠোৰ শাস্তিৰ ব্যবস্থা ইত্যাদি এই সংশোধন প্রস্তাৱৰ আওঁতাত আছে।
***
AKT/VBA/DB