Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সংবাদকৰ্মীসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সংবাদকৰ্মীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সংবাদ মাধ্যমৰ সকলো বন্ধুবৰ্গলৈ মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ সংবাদ মাধ্যমৰ কঠোৰ পৰিশ্ৰমক, বিশেষকৈ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় আৰু বিশ্বৰ বিভিন্ন বা-বাতৰি সংগ্ৰহৰ বাবে সংবাদদাতা আৰু কেমেৰাপাৰ্ছনসকলে কৰা নেৰানেপেৰা পৰিশ্ৰমক মই প্ৰশংসা কৰিছো।

বাকৰূদ্ধসকলৰ হৈ মাত মতাৰ ক্ষেত্ৰত সংবাদমাধ্যমে গ্ৰহণ কৰা ভূমিকাৰ শলাগ ল’বলগীয়া। বিগত তিনি বছৰত ‘স্বচ্চ ভাৰত অভিযান’ক সংবাদমাধ্যমে এক শক্তিশালী ৰূপ দিয়াৰ লগতে স্বচ্চতাৰ বাৰ্তা অতি ফলপ্ৰসূভাৱে সকলোৰে মাজত প্ৰচাৰ কৰি আহিছে।

আজি কালি আমি দেখিছো যে বৰ্তমান ম’বাইলৰ জৰিয়তে ছ’চিয়েল মিডিয়াৰ উত্থান আৰু বিভিন্ন বা-বাতৰি পৰিৱেশন হয়। মই নিশ্চিত যে এই সুবিধাবোৰে সংবাদমাধ্যমক উপকৃত কৰিব আৰু সংবাদমাধ্যম অধিক গণতান্ত্ৰিক আৰু সহযোগিতামূলক হ’ব।

এক মুক্ত সংবাদমাধ্যম এখন গতিশীল গণতন্ত্ৰৰ আধাৰশিলা। সকলো সংবাদ আৰু মতপ্ৰকাশৰ পূৰ্ণ স্বাধীনতা প্ৰদানৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিৱদ্ধ। আমাৰ সংবাদ মাধ্যমে ১২৫ কোটি ভাৰতীয়ৰ দক্ষতা, শক্তি আৰু সৃষ্টিশীলতাক যিমান পাৰি সিমান প্ৰদৰ্শন কৰক তাৰে কামনা কৰিলো।

***

AKT/SH/DB