Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় সংস্থাৰ সদস্য তথা অধ্যক্ষৰ কাৰ্যকাল স্থায়ী কৰাৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন


প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ১৯৯৯ চনৰ অটিজম, চেৰিব্ৰেল পাল্ছি, মানসিকভাৱে বিকাৰগ্ৰস্ত তথা বহুৰোগৰদ্বাৰা আক্ৰান্ত লোকৰ আইনৰ ৪ (১) আৰু ৫ (১) শাখাক সংশোধন কৰি সেই সকল লোকৰ কল্যাণৰ বাবে থকা ৰাষ্ট্ৰীয় সংস্থাৰ সদস্য তথা অধ্যক্ষৰ কাৰ্যকাল তিনিবছৰৰ বাবে স্থায়ী কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।

১৯৯৯ চনৰ ৰাষ্ট্ৰীয় সংস্থাৰ আইনৰ ৪ (১)শাখা মতে ৰাষ্ট্ৰীয় সংস্থাৰ সদস্য তথা অধ্যক্ষৰ কাৰ্যকাল তিনিবছৰৰ পিছতো অব্যাহত থাকিব পাৰে যদিহে তেওঁলোকৰ উত্তৰীধিকাৰীক যথাসময়ত নিযুক্ত কৰা নহয়।যদি অধ্যক্ষই পদত্যাক কৰে এই আইনৰ ৫ (১) শাখা মতে চৰকাৰে তেওঁৰ উত্তৰীধিকাৰী নিয়োগ নকৰালৈকে তেওঁ কাৰ্যভাৰ চম্ভালিব লাগিব। এই সুবিধাসমূহৰ বাবে বৰ্তমান একেজন অধ্যক্ষই অনিৰ্ধাৰিত সময় ধৰি কাৰ্যকাল চলাই থকা দেখা গৈছিল।প্ৰস্তাৱিত সংশোধনে এই ব্যৱস্থা নোহোৱা কৰিব বুলি আশা কৰা হৈছে।

*****

AKT/VBA/SH/PRK