Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰৰ আত্মনিৰ্ভৰশীলতাক শক্তিশালী কৰাৰ বাবে ভাৰতৰ যুৱ-নেতৃত্বাধীন প্ৰযুক্তি উদ্ভাৱনক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ যুৱ উদ্ভাৱকসকলক প্ৰযুক্তিৰ অগ্ৰগতি আৰু ৰাষ্ট্ৰৰ আত্মনিৰ্ভৰশীলতাক চালিত কৰাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে প্ৰশংসা কৰে। যোৱা ১১ বছৰত ডিজিটেল ইণ্ডিয়াই যুৱপ্ৰজন্মক উদ্ভাৱনৰ সুবিধা ল’বলৈ সক্ষম কৰি তুলিছে, যাৰ ফলত গোলকীয় প্ৰযুক্তিৰ শক্তি কেন্দ্ৰ হিচাপে ভাৰতৰ স্থিতি শক্তিশালী হৈছে।

 

শ্ৰী মোদীয়ে লগতে মন্তব্য কৰে যে যোৱা ১১ বছৰত প্ৰযুক্তিৰ শক্তিৰ ব্যৱহাৰে ভাৰতৰ জনসাধাৰণৰ বাবে অগণন লাভালাভ কঢ়িয়াই আনিছে। তেওঁ লগতে কয় যে সেৱা প্ৰদান আৰু স্বচ্ছতা যথেষ্ট বৃদ্ধি কৰা হৈছে।

 

মাইগভ ইণ্ডিয়াৰ এক্সত কৰা পোষ্টৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰী মোদীয়ে কয়ঃ

 

“ভাৰতৰ যুৱক-যুৱতীসকলৰ দ্বাৰা চালিত হৈ আমি উদ্ভাৱন আৰু প্ৰযুক্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছো। ই আত্মনিৰ্ভৰশীল আৰু বিশ্বব্যাপী প্ৰযুক্তিৰ শক্তি কেন্দ্ৰ হোৱাৰ বাবে আমাৰ প্ৰচেষ্টাক শক্তিশালী কৰি তুলিছে।

 

# ডিজিটেল ইণ্ডিয়াৰ ১১বছৰ’’

“প্ৰযুক্তিৰ শক্তিৰ ব্যৱহাৰে জনসাধাৰণৰ বাবে অগণন লাভালাভ কঢ়িয়াই আনিছে। সেৱা প্ৰদান আৰু স্বচ্ছতা যথেষ্ট বৃদ্ধি কৰা হৈছে। তদুপৰি, প্ৰযুক্তি দৰিদ্ৰ লোকৰ জীৱন শক্তিশালী কৰাৰ এক মাধ্যম হৈ পৰিছে।

# ডিজিটেল ইণ্ডিয়াৰ ১১বছৰ’’

****

MJPS/SR/SKS/MK