Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰিপাব্লিক টিভি সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ


শ্ৰীমান অৰ্ণৱ গোস্বামী ডাঙৰীয়া, উপস্থিত সকলো মহানুভৱ, ৰিপাব্লিক টিভি ভাৰতৰ সদস্যসকল, ইয়াত উপস্থিত সকলো গণ মান্য অতিথিগণ, বন্ধুসকল৷

যোৱাবাৰ যেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিছিলো তেতিয়া ৰিপাব্লিক টিভিৰহে চৰ্চা হৈছিল কিন্তু এতিয়া আপোনালোকে ৰিপাব্লিক ভাৰতো স্থাপন কৰিলে৷ অলপ আগেয়ে অৰ্ণৱে আপোনালোকৰ আঞ্চলিক চেনেল মুকলি তথা বিশ্বজনীন উপস্থিতিৰ বিষয়ে কৈছিল৷ ইয়াৰবাবে মই আপোনালোক সকলোকে শুভকামনা জনাইছো৷

বন্ধুসকল, আজি আমাৰ সংবিধানৰ ৭০তম বৰ্ষও সম্পূৰ্ণ হৈছে, একপ্ৰকাৰে ই এক ঐতিহাসিক দিৱস৷ মই আপোনালোক সকলোকে আৰু ৰিপাব্লিক টিভিৰ সকলো দৰ্শকক এই আয়োজনৰ তথা সংবিধান দিৱসৰ শুভকামনা জনাইছো৷

বন্ধুসকল, আপোনালোকতকৈ এই কথা কোনে ভালদৰে জানিব যে ‘নেচন ৱাণ্টছ্ টু নো’- ইয়াৰ পৰা যি যাত্ৰা আৰম্ভ হ’ল, তাৰ পৰা ‘নেচন ফাৰ্ষ্ট’লৈ এই যাত্ৰা কিদৰে স্থিৰ কৰা হ’ল৷ বিগত পাঁচটা বৰ্ষত সমগ্ৰ দেশে এই পৰিৱৰ্তন পৰিলক্ষিত কৰিছে৷ পাঁচ-ছয় বছৰ পূৰ্বে জনসাধাৰণ আৰু সংবাদ মাধ্যমত কেৱল প্ৰশ্ন আৰু প্ৰশ্ন, প্ৰশ্নৰেই অৱতাৰণা হৈছিল৷ এনে লাগিছিল যে কোনো ৰেকৰ্ডেড বুলেটিন চলি আছে আৰু মাজে মাজে একেটা কথাৰেই পুনৰাবৃত্তি ঘটিছিল৷ সাধাৰণতে এই চৰ্চা হৈছিল- এসপ্তাহ হাজাৰ-কোটিৰ কেলেংকাৰী, তাৰ পিছৰ সপ্তাহ লাখ-কোটিৰ কেলেংকাৰী, কেতিয়াবা ভ্ৰষ্টাচাৰৰ আৰোপ, কেতিয়াবা মুম্বাই, কেতিয়াবা দিল্লী, কেতিয়াবা জয়পুৰ-বোমা বিস্ফোৰণ, কেতিয়াবা উত্তৰ-পূৰ্বাঞ্চল অৱৰোধ, আকাশস্পৰ্শী মূল্য, অৰ্থাৎ এখন বুলেটিন শেষ হোৱাৰ পিছত পৰৱৰ্তী তাৰিখত পুনৰ সেই একে খবৰেৰে আন এক বুলেটিন দেখিবলৈ পোৱা গৈছিল৷ এতিয়া সেই পৰিস্থিতিসমূহৰ পৰা দেশ বহু আগলৈ আগবাঢ়িছে৷ এতিয়া সমস্যা আৰু প্ৰত্যাহ্বানৰ ঊৰ্ধত সমাধানৰ আলোচনা কৰা হৈছে৷ দশক পুৰণি সমস্যাসমূহৰ সমাধান হোৱা আজি দেশে নিজৰ চকুৰ সন্মুখত দেখিবলৈ পাইছে৷ আৰু কেতিয়াবা কেতিয়াবা মানুহে কয় যে আমি ভবাও নাছিলো যে আমি জীয়াই থকা অৱস্থাত এয়া দেখিবলৈ পাম৷ আৰু ইয়াৰ মূল কাৰণ হ’ল- প্ৰথমটো- ভাৰতৰ ১৩০ কোটি লোকৰ আত্মবিশ্বাস, যিয়ে কয়- হয়, এয়া ভাৰতৰ সময়, আৰু দ্বিতীয়তে- ভাৰতৰ ১৩০ কোটি লোকৰ চিন্তাধাৰা, যিয়ে কয়- ৰাষ্ট্ৰই সৰ্বপ্ৰথম অৰ্থাৎ সৰ্বপ্ৰথম দেশ, সকলোতকৈ ঊৰ্ধত দেশ, সকলোতকৈ আগত দেশ৷ বন্ধুসকল, আপোনালোকৰ বোধহয় মনত আছে, কিছু বছৰ পূৰ্বে মই এক সৰু আহ্বান জনাইছিলো৷ মই কৈছিলো যে যাৰ সম্ভৱ তেওঁলোকে যাতে ৰন্ধন গেছৰ সাহায্য পৰিত্যাগ কৰে৷ সৰু এটা আহ্বান আছিল কিন্তু এই আহ্বানৰ পিছত এক কোটি লোকে নিজৰ গেছৰ সাহায্য ত্যাগ কৰিলে, এয়াইতো হ’ল ৰাষ্ট্ৰই সৰ্বপ্ৰথম৷ জুলাই ২০১৭ৰ পিছত ৬৩ লাখ, তাতকৈও অধিক জ্যেষ্ঠ নাগৰিকে, যিয়ে ৰে’ল যাত্ৰাত সাহায্য লাভ কৰে, ৬৩ লাখ এনে জ্যেষ্ঠ নাগৰিকে স্বেচ্ছামূলকভাৱে সাহায্য পৰিত্যাগ কৰিলে- এয়াইতো হ’ল ৰাষ্ট্ৰই সৰ্বপ্ৰথম৷ আপোনালোকৰ মনত আছে, নিজৰ গাঁৱত শৌচালয় নিৰ্মাণৰ বাবে ১০৫ বছৰীয়া এক আদিবাসী বৃদ্ধা মহিলাই নিজৰ উপাৰ্জনৰ একমাত্ৰ সম্বল-নিজৰ ছাগলীজনী বিক্ৰী কৰি দিছিল৷ শৌচালয় নিৰ্মাণ কৰি ইয়াৰ আন্দোলন আৰম্ভ কৰিলে- এয়াইতো হ’ল ৰাষ্ট্ৰই সৰ্বপ্ৰথম৷ পুণেৰ অৱসৰপ্ৰাপ্ত শিক্ষক যিয়ে স্বচ্ছতা অভিযানৰ বাবে নিজৰ পেঞ্চনৰ এক বৃহৎ অংশ দান কৰিছিল- এয়া ৰাষ্ট্ৰই সৰ্বপ্ৰথম নহয়নে? কোনোবাই নিজে সমুদ্ৰতটৰ পৰিষ্কাৰকৰণৰ কাম কৰি আছে, কোনোবাই দুখীয়া শিশুৰ ভৱিষ্যত নিৰ্মাণৰ বাবে তেওঁলোকক পঢ়ুৱাইছে, কোনোবাই দুখীয়াক ডিজিটেল লেনদেনৰ শিক্ষা দিছে৷ অসংখ্য এনে ঘটনা ভাৰতৰ চৌদিশে হ’বলৈ ধৰিছে আৰু এয়াই হ’ল ৰাষ্ট্ৰই সৰ্বপ্ৰথম৷ বন্ধুসকল, এই ৰাষ্ট্ৰই সৰ্বপ্ৰথম ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি প্ৰত্যেক দেশবাসীৰ এক সমৰ্পণ স্বৰূপ৷ নিজৰ দেশৰ প্ৰতি যি দায়িত্বৰ ভাৱনা সিয়ে আজি ভাৰতক নতুন শক্তি প্ৰদান কৰিছে৷ আৰু সেইবাবে এইবাৰৰ সন্মিলনৰ যি বিষয় আপোনালোকে ধাৰ্য কৰিছে- ভাৰতৰ সময়, ৰাষ্ট্ৰই সৰ্বপ্ৰথম- সেয়াই দেশৰ আবেগ আৰু প্ৰত্যাশা অৰ্থাৎ মুঠ সকলো মিলি আজি দেশৰ ভাৱনাক প্ৰতিনিধিত্ব কৰে, প্ৰতিফলন কৰে৷

বন্ধুসকল, ৰাষ্ট্ৰই সৰ্বপ্ৰথমৰ এই চিন্তাধাৰাৰ সৈতে আগবাঢ়ি আমি যি কাম কৰিছো, তাত জনতাৰ বিশ্বাস কিমান সেয়া আপোনালোকে এই বছৰৰ লোকসভাৰ নিৰ্বাচনত দেখা পাইছে৷ দেশৰ জনতা জানে আৰু মানে যে আমি ৰাষ্ট্ৰই সৰ্বপ্ৰথমক নিজৰ প্ৰাণতত্ব হিচাপে মানি কাম কৰিছো৷ এতিয়া এই জনাদেশৰ জৰিয়তে আমাক এই আদেশ দিয়া হৈছে যে জনতাৰ আৱশ্যকতাসমূহৰ সৈতে আকাংক্ষা-অপেক্ষা পূৰণ কৰাৰ বাবে নিৰন্তৰে যাতে কাম হওক৷ এই প্ৰত্যাশা কিহৰ বাবে? এই অপেক্ষা কিহৰ বাবে- দেশৰ জনতাক পুৰণি প্ৰত্যাহ্বানসমূহৰ জলাশয়ৰ পৰা বাহিৰ উলিওৱাৰ বাবে৷

বন্ধুসকল, যেতিয়া ৰাষ্ট্ৰই সৰ্বপ্ৰথম হয়, তেতিয়া আমাৰ সংকল্পও বৃহৎ হয় আৰু ইয়াক প্ৰতিপন্ন কৰাৰ প্ৰয়াসো ব্যাপক হয়৷ মই কিছু উদাহৰণ দিব বিচাৰিছো-

বন্ধুসকল, অনুচ্ছেদ ৩৭০ আৰু ৩৫ (ক)- ইয়াৰ বাবে ভাৰতে যি ভুগিবলগীয়া হৈছে সেই বিষয়ে আপোনালোকেও জ্ঞাত আৰু এতিয়া সেই প্ৰত্যাহ্বানসমূহৰ সমাধান কিদৰে কৰা হ’ল সেয়াও আপোনালোকে দেখিলে৷ অনুচ্ছেদ ৩৭০ক আমাৰ সংবিধানে প্ৰথম দিনৰ পৰাই অস্থায়ী বুলি কৈ আহিছে, তথাপিও কিছুমান লোক আৰু পৰিয়ালে ৰাজনৈতিক স্বাৰ্থৰ বাবে ইয়াত মানসিকভাৱে স্থায়ী বুলি মানি লৈছে৷ ইয়াৰ জৰিয়তে তেওঁলোকে সংবিধানৰ অপমান কৰাই নহয়, বৰঞ্চ ইয়াৰ অৱমাননাও কৰিছে৷ অনুচ্ছেদ ৩৭০ৰ দ্বাৰা যি অনিশ্চয়তাৰ সৃষ্টি হ’ল, তেওঁলোতে তাত বিচ্ছিন্নতাবাদ প্ৰচাৰ কৰাতো সফল হ’ল৷ আমাৰ চৰকাৰে অনুচ্ছেদ ৩৭০ আৰু অনুচ্ছেদ ৩৫ (ক)ৰ বিলোপন কৰি দেশৰ সংবিধানৰ সৰ্বোচ্চ গৰিমাক পুনৰ স্থাপিত কৰিলে৷ এতিয়া জম্মু-কাশ্মীৰ আৰু লাডাখত বিকাশৰ নতুন পথ মুকলি হৈছে৷

বন্ধুসকল, দেশৰ সন্মুখত আন এটা বিষয় আছিল যি বহু বৰ্ষজুলি চলি আছিল, দশকজুৰি বিভিন্ন ন্যায়ালয়ত ইয়াৰ ওপৰত শুনানি প্ৰদান কৰা হৈছিল৷ আৰু এই বিষয় আছিল অযোধ্যা৷ পূৰ্বে যি দল শাসনত আছিল তেওঁলোকে এই সংবেদনশীল আৰু চিন্তাশীল বিষয়টোৰ সমাধান কৰাৰ ইচ্ছাশক্তি নেদেখুৱালে৷ তেওঁলোকে নিজৰ ভোট বিচাৰি থাকিল, সেইবাবে ন্যায়ালয়ত এই বিষয়টোক ওলমাই ৰখাত গুৰুত্ব দিলে৷ এই বিবাদ সমাধান নোহোৱাৰ পূৰ্বে কোনো কাৰণ নাছিল৷ কিন্তু কিছু ৰাজনৈতিক দল আৰু সংগঠনৰ স্বাৰ্থৰে ভৰা ৰাজনীতিয়ে অযোধ্যা বিবাদ দীঘলীয়া কৰিলে৷ এনে লোকে এই বিষয়টোক কেতিয়াও সমাধান কৰিবলৈ নিবিচাৰিলেহেঁতেন৷

বন্ধুসকল, নিজৰ ৰাজনৈতিক জীৱন উজ্বলোৱাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়টো ওলমাই ৰাখি কিছুমান লোকে দেশত এক ভয়ৰ কৃত্ৰিম পৰিবেশৰ সৃষ্টি কৰিলে৷ ভাৰতে যদি এনে কৰে তেন্তে তেনে হৈ যাব, দেশত এনে সিদ্ধান্ত হ’লে এনে হ’ব, বিদ্ৰোহ হ’ব, বিভিন্ন ধৰণৰ যুক্তিৰে তেওঁলোকে নিজৰ কথা ন্যায়সংগত কৰিবলৈ বিচাৰিছিল৷

বন্ধুসকল, আজি ২৬/১১ মুম্বাই আক্ৰমণৰ ঘটনাটোৰ বৰ্ষ সোঁৱৰণি৷ আমি ভালদৰে জানো যে এই আক্ৰমণৰ পিছত সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকসকলৰ সৈতে কিদৰে নৰম সুৰত কথা পতা হৈছিল৷ এতিয়া দেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কিদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়া জানো মই উল্লেখ কৰা প্ৰয়োজন? সন্ত্ৰাসবাদীক কঠোৰ কাৰ্যব্যৱস্থাৰ দ্বাৰা ৰক্ষা কৰোতাসকলৰ এতিয়া সকলো যুক্তি ধ্বংস হৈছে৷

বন্ধুসকল, তিনি তালাকৰ বিষয়টোও এনেই ইমান দশকলৈ দীঘল কৰা নাছিল৷ এই বিষয়টোকো যিমান টানিব পাৰি সিমান টানিছিল আৰু তাতেও কৃত্ৰিম যুক্তিৰ অৱতাৰণা কৰিছিল৷ এইদৰে দুখীয়াৰ সংৰক্ষণৰ বিষয়তো সদায়েই এক ভ্ৰমৰ সৃষ্টিৰ কৰা হৈছিল৷ ভোট বেংকৰ ৰাজনীতি কৰোতাসকলে কেতিয়াবা কাৰোবাক মিথ্যা আশা দি প্ৰৰোচিত কৰিছিল অথবা কাৰোবাক ভয় খুৱাই নিজৰ কাম উলিয়াই লৈছিল৷ কিন্তু এয়া কিমান দিনলৈ চলিব৷ সেয়া লাগিলে অনুচ্ছেদ ৩৭০য়েই হওক, অযোধ্যাই হওক, তিনি তালাকেই হওক অথবা দুখীয়াৰ সংৰক্ষণ- দেশে এনে সিদ্ধান্ত গ্ৰহণ কৰিলে, পুৰণি প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’ল আৰু এতিয়া এই দিশত অগ্ৰসৰ হৈছে৷ আৰু এনে নহয় যে দেশৰ বিৰোধী শক্তিয়ে জনতাক প্ৰৰোচিত কৰাৰ, বিচ্ছিন্নতাবাদ বৃদ্ধই কৰাৰ প্ৰয়াস কৰা নাই৷ সকলো প্ৰয়াস কৰা হৈছে, কিন্তু জনতাই সেই প্ৰয়াস বিফল কৰিছে আৰু জনতাই এই চিন্তাই হ’ল ‘ৰাষ্ট্ৰই সৰ্বপ্ৰথম’৷ আজি সময়ৰ চক্ৰই এয়াও প্ৰত্যক্ষ কৰিছে যে যেতিয়া ৰাষ্ট্ৰই সৰ্বপ্ৰথম হয় তেতিয়া দেশে বৃহৎ সিদ্ধান্তসমূহো গ্ৰহণ কৰে আৰু সেই সিদ্ধান্তসমূহ স্বীকাৰ কৰাৰ ক্ষমতাও প্ৰদৰ্শিত কৰে৷

বন্ধুসকল, পৰিৱৰ্তিত ভাৰতৰ আমাৰ, আপোনাৰ, দেশৰ প্ৰতিটো ৰাজনৈতিক দলৰ বাবেও এই চিন্তাধাৰা এক শক্তিশালী বাৰ্তাস্বৰূপ৷ দেশৰ জনতা বিপত্তিৰ মাজত থাকিব নিবিচাৰে৷ ঋণাত্মক চিন্তাধাৰাৰ মাজত থাকিব নিবিচাৰে৷ তেওঁলোকে কেৱল দেশৰ বিকাশ হোৱাটো বিচাৰে৷

বন্ধুসকল, নতুন সফলতাৰ দুৱাৰ তেতিয়াহে মুকলি হয় যেতিয়া জীৱনত প্ৰত্যাহ্বানক স্বীকাৰ কৰি লোৱা হয়৷ আপোনালোকে অৰ্ণৱকেই চাওক, তেওঁৰ টিভি শ্ব’ চাওক যিয়ে ইমান দীঘল উইণ্ড’ৰে ইমানবোৰ অতিথিক নিমন্ত্ৰিত কৰি ‘অৰ্ণৱৰ আদালত’ আৰম্ভ কৰে৷ আৰু এয়া কম ক্ষতিশংকাযুক্ত নে? অৰ্ণৱৰ অতিথিয়েও তেওঁৰ শ্ব’লৈ আহিবলৈ ক্ষতিশংকা কৰে৷ ঠিক আছে, ধেমালি নিজৰ স্থানত থাকক৷ অৰ্ণৱে প্ৰত্যাহ্বান স্বীকাৰ কৰিলে আৰু সেইবাবে আজি ৰিপাব্লিক টিভিৰ দৰে নেটৱৰ্ক স্থাপন কৰিবলৈ সমৰ্থ হ’ল৷

বন্ধুসকল, আমাৰ চৰকাৰে কেৱল প্ৰত্যাহ্বানসমূহক স্বীকাৰ কৰাই নহয়, বৰঞ্চ তাৰ সমাধানৰ বাবে গুৰুত্বসহকাৰে প্ৰয়াসো কৰিছে৷ মোৰ মনত আছে, ২০১৪ চনত চৰকাৰ গঠন হোৱাৰ পিছত তেতিয়া পূৰ্বৰ চৰকাৰৰ সময়ত হোৱা এনপিএছ আৰু তাক লুকুৱাৰ বাবে কৰা গোলমালসমূহৰ কথা পোহৰলৈ অহাৰ পিছত কি স্থিতিৰ সৃষ্টি হৈছিল৷ আমি এই কেলেংকাৰী দেশৰ সন্মুখলৈ আনি ইয়াৰ সৈতে মোকাবিলা কৰাৰ পথ নিৰূপণ কৰিলো৷ এতিয়া insolvency and bankruptcy code (IBC) ৰ বাবে প্ৰায় তিনি লাখ কোটি টকা ঘুৰি অহাটো সুনিশ্চিত হৈছে৷ আপোনালোকৰ মনত আছেনে নে এনপিএছক লৈ কিছুলোকে কেনে হুলস্থুলৰ সৃষ্টি কৰিছিল৷ এয়া এক পেটাৰ্ণৰ অংশ আছিল৷ প্ৰতিটো সংসদ অধিৱেশনৰ পূৰ্বে এওঁলোকে কিবা নহয় কিবা এটা মিছা কাহিনী সৃষ্টি কৰি লৈছিল আৰু ইয়াক সকলোৰে ওপৰত জাপিবলৈ চেষ্টা কৰিছিল৷ আপোনালোকে মিডিয়াত বেকগ্ৰাউণ্ডাৰ পেকেজ প্ৰস্তুত কৰে, সকলো ঘটনা সংযোজিত কৰে৷ স্মৰণ কৰক, এনপিএছক লৈ এই পেটাৰ্ণেই চলিছিল, ইভিএমক লৈ এই পেটাৰ্ণেই চলিছিল, ৰাফেলক লৈ এই পেটাৰ্ণেই চলিছিল৷ কিছুদিন পূৰ্বে যেতিয়া চৰকাৰে ঐতিহাসিক সিদ্ধান্তৰ অধীনত ঔদ্যোগিক কৰ হ্ৰাস কৰিলে তেতিয়া আৰম্ভণিতে কিছু হুলস্থুল হৈছিল, আৰু আজিকালি নিৰ্বাচনী আয়োগ এওঁলোকৰ প্ৰিয় হৈ পৰিছে৷

বন্ধুসকল, দেশত পাৰদৰ্শী ব্যৱস্থাৰ বাবে পাৰদৰ্শী ধৰণে কিছু কাম হ’লে কিছুমান লোকৰ পেটত বিষ হয়৷ আপোনালোকে মোক কওক, আধাৰৰ ওপৰত হোৱা বিবাদৰ বিষয়ে আপোনালোক সকলোৰে মনত আছে৷ এওঁলোকে উচ্চতম ন্যায়ালয় পৰ্যন্ত গুচি গ’ল যাতে আধাৰে আইনী মান্যতা নাপায়৷ এওঁলোকে আধাৰক বদনাম কৰাৰ বাবে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিলে৷

বন্ধুসকল, আজি আধাৰ দেশৰ সাধাৰণ লোকৰ অধিকাৰ সুনিশ্চিত কৰাৰ এক বৃহৎ মাধ্যম হিচাপে বিবেচিত হৈছে৷ কেৱল এয়াই নহয়, আধাৰ বায়’মেট্ৰিক-চিনাক্তকৰণৰ এই যি তথ্য আমাৰ হাতত আছে, সেয়া বিশ্বৰ বাবে আশ্বৰ্যৰ বিষয় হৈ পৰিছে৷ বিশ্বৰ এনে কোনো দেশৰ নেতা নাই যিয়ে মোৰ সৈতে আধাৰ আৰু আধাৰৰ প্ৰক্ৰিয়াসম্পৰ্কে আলোচনা কৰা নাই৷ ইমান গুৰুত্বপূৰ্ণ সম্পদ আমাৰ ওচৰত আছে যি বিবাদমান হৈ পৰিছে৷

বন্ধুসকল, আমাৰ ইয়াত আধাৰৰ ফলত লাভ কি হৈছে, মই এটা সৰু উদাহৰণ দিছো-আমাৰ ইয়াত কাগজত আঠ কোটিতকৈও অধিক, আপোনালোক আচৰিত হ’ব, আঠ কোটিতকৈও অধিক এনে লোক আছে যাৰ কেতিয়াও জন্মই হোৱা নাই৷ জন্মই হোৱা নাই, তেওঁলোকৰ বিয়াও হ’ল, বিধৱাও হ’ল, বিধৱা পেঞ্চনো পালো৷ এওঁলোকৰ অস্তিত্ব কেৱল কাগজতহে আছিল৷ এই কাগজী লোকসকলে গেছৰ সাহায্য, পেঞ্চন, দৰমহা, বৃত্তি সকলো গ্ৰহণ কৰিছিল৷ চৰকাৰৰ ৰাজকোষৰ পৰা ধন ব্যয় হৈছিল৷ এতিয়া ক’লৈ গৈছিল সেয়া মই কোৱাটো প্ৰয়োজন নাই৷ আধাৰে এওঁলোকৰ ছবি পোহৰলৈ অনাত বহু সহায় কৰিলে আৰু ইয়াৰ জৰিয়তে প্ৰায় ডেৰ লাখ কোটি টকা-মই পুনৰবাৰ কৈছো- ডেৰ লাখ কোটি টকা অনৈতিক হাতলৈ যোৱাৰ পৰা ৰক্ষা পৰিল৷ ছিদ্ৰ ৰোধ হ’ল, ভ্ৰষ্টাচাৰ নিৰ্মূল হ’ল৷ ডেৰ লাখ কোটি টকা কম টকা নহয়৷ পূৰ্বে বছৰ বছৰজুৰি এই গোটেই ৰাশি অন্যায়ভাৱে ব্যয় হৈ আছিল আৰু বাধা দিবলৈ কোনো নাছিল৷ প্ৰণালীৰ এই বৃহৎ ছিদ্ৰ ৰোধ কৰাৰ কাম আমি কৰিলো, আধাৰৰ জৰিতে কৰিলো৷ আপোনালোকে জানেনে ইয়াৰ ফলত কিমানৰ লোকচান হ’ল? কিমান লোকৰ জেপলৈ টকা যোৱাটো বন্ধ হ’ল? কিমান লোকৰ মনত কাঁইটে বিন্ধা দিয়াৰ দৰে ক্ৰিয়া কৰিলে? কিন্তু এয়া এই কাৰণেই কৰা হ’ল কিয়নো ৰাষ্ট্ৰই সৰ্বপ্ৰথম৷

বন্ধুসকল, এওঁলোকৰ কথা মতে চলিলে দেশত কেতিয়াও জিএছটি প্ৰৱৰ্তন নহ’লহেঁতেন৷ জিএছটিকো বহু ডাঙৰ ডাঙৰ নেতাই বিপদ বুলি ভাবিছিল৷ যি দেশত ইয়াক প্ৰৱৰ্তন কৰা হৈছিল সেই দেশৰ চৰকাৰৰ পতন ঘটিছিল৷ এই প্ৰত্যাহ্বানে আমাক স্তব্ধ কৰিব নোৱাৰিলে৷ বৰঞ্চ আমি ৰাজনৈতিক লাভ-লোকচানৰ কথা চিন্তা নকৰাকৈয়ে দেশৰ হিতাৰ্থে ইয়াক প্ৰণয়ন কৰিলো৷ আজি জিএছটিৰ বাবে দেশত এক ন্যায়সংগত ব্যৱসায়িক সংস্কৃতিৰ সৃষ্টি হৈছে আৰু উচ্চ দামত নাকি লগোৱা হৈছে৷ আজি সাধাৰণ নাগৰিকৰ সৈতে জড়িত, এয়া অৱশ্যে সংবাদ মাধ্যমে নেদেখুৱাই, নাজানো তেওঁলোকৰ সমস্যা কি?আজি সাধাৰণ নাগৰিকৰ সৈতে জড়িত ৯৯ শতাংশ, মই দায়িত্বসহকাৰে কৈছো, ৯৯ শতাংশ সামগ্ৰীত পূৰ্বৰ তুলনাত কৰৰ পৰিমাণ আধালৈ হ্ৰাস হৈছে৷ জিএছটিৰ পূৰ্বে যি প্ৰণয়ন হৈছিল তাতকৈ আধালৈ হ্ৰাস হৈছে৷ এটা সময় আছিল যেতিয়া ৰেফ্ৰিজাৰেটৰ, মিক্সাৰ, জুচাৰ, ভেকুৱাম ক্লীনাৰ, গীজাৰ, ম’বাইল ফোন, ৱাশ্বিং মেচিন, ঘড়ী আদি সকলোতে ৩১ শতাংশতকৈও অধিক কৰ দিবলগীয়া হৈছিল৷ আজি এই সামগ্ৰীসমূহত ১০ৰ পৰা ১২ শতাংশ কৰ দিব লাগে৷ আনকি পূৰ্বে ঘেঁহু, চাউল, দৈ আদি সকলোতে কৰ দিবলগীয়া হৈছিল৷ আজি জিএছটিৰ পিছত এইসমূহ কৰশূন্য হৈ পৰিছে৷

বন্ধুসকল, মই আপোনালোকক এটা উদাহৰণ দিবলৈ বিচাৰিছো- দশকজুৰি দিল্লীৰ লক্ষাধিক পৰিয়ালৰ জীৱনত অনিশ্চয়তা আছিল৷ অৰ্থাৎ এক প্ৰকাৰে ভাৰত বিভাজন হোৱাৰ সময়ৰ পৰা৷ভাৰতৰ স্বাধীন হোৱাৰ সময় অতিক্ৰম কৰাৰ লগে লগে এওঁলোকৰ সমস্যা বাঢ়িবলৈ ধৰিলে৷ জনসাধাৰণে নিজৰ পৰিশ্ৰমৰ ধনেৰে ইয়াত ঘৰ ক্ৰয় কৰিছিল কিন্তু সেই ঘৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ হোৱাগৈ নাছিল৷ আমাৰ চৰকাৰে এয়া সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু এতিয়া মই কেৱল দিল্লীৰ কথা কৈ আছো৷ ৫০ লাখতকৈও অধিক দিল্লীবাসীয়ে নিজৰ ঘৰ আৰু উন্নত জীৱনৰ আশ্বাস লাভ কৰিছে৷ এইদৰে দশকজুৰি আমাৰ দেশৰ ৰীয়েল ইষ্টেট খণ্ড বিনা কোনো পৰ্যাপ্ত নিয়ম অবিহনে চলি আছিল৷ ইয়াৰ লাঞ্ছনা দিল্লী-এনচিআৰবাসীয়ে কিদৰে ভোগ কৰিছে সেয়া ইয়াৰ লোকসকলে ভালদৰেই জানে৷ কিন্তু এই সমস্যা সমগ্ৰ দেশতে হৈছে৷ বৰ্ষ পুৰণি স্থিতিসমূহ পৰিৱৰ্তনৰ বাবে আমাৰ চৰকাৰে ‘ৰেৰা’কে ধৰি অনেক আইন প্ৰণয়ন কৰিছে, সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অলপতে চৰকাৰে ৰীয়েল ইষ্টেটৰ আধৰুৱা আৰু ওলমি থকা প্ৰকল্পসমূহ পূৰণ কৰাৰ বাবে প্ৰায় ২৫ হাজাৰ কোটি টকা একত্ৰিত কৰাৰ কাম আৰম্ভ কৰিছে৷ নিশ্চিত ৰূপে ইয়াৰ লাভ আমাৰ মধ্যবিত্তলোকসকলে পাব আৰু তেওঁলোকৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰিবলৈ সহায় পাব৷

বন্ধুসকল, মই আশা কৰিছো যে এই সন্মিলনৰ এই ভাৱনাৰ সৈতে, নতুন ভাৰতৰ নতুন সম্ভাৱনা, নতুন অৱকাশৰ ওপৰত ব্যাপক চৰ্চা হ’ব৷ সংবিধান দিৱসত ৰিপাব্লিক পৰিয়ালৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিলো৷ আপোনালোকৰ জৰিয়তে দেশ আৰু বিশ্বত প্ৰসাৰিত আপোনালোকৰ দৰ্শকক নিজৰ কথা কোৱাৰ সুযোগ লাভ কৰিলো৷ এইবাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ আৰু মই আপোনালোক সকলোলৈ অশেষ শুভকামনা যাচিলো৷

মোক ইয়ালৈ আহি কথা কোৱাৰ সুযোগ দিয়াৰ বাবে আপোনালোকৰ ওচৰত মই কৃতজ্ঞ৷

অশেষ ধন্যবাদ৷

*****

वी.रवि रामा कृष्णा/शाहबाज़ हसीबी/बाल्मीकि महतो/नवनीत कौर/मोहिनी सिंह/ममता साहनी/MANN