পি এম ইণ্ডিয়া
মাননীয় ৰাষ্ট্রপতি পল কাগামে,
সন্মানীয় প্রতিনিধিবৰ্গ,
সংবাদ মাধ্যমৰ সদস্যসকল,
এয়া ভাৰতীয় প্রধানমন্ত্রীৰ প্ৰথম ৰুৱাণ্ডা ভ্ৰমণ। মোৰ বন্ধুবৰ ৰাষ্ট্রপতি কাগামে ডাঙৰীয়াৰ নিমন্ত্রণ ক্ৰমে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোৰ এই সৌভাগ্য হৈছে।
ৰাষ্ট্রপতি মহোদয়ৰ বন্ধুত্বপূর্ণ কথা-বতৰা আৰু মোৰ লগতে আমাৰ প্রতিনিধিবৰ্গক জনোৱা উষ্ণ অভ্যর্থনা আৰু সন্মানৰ বাবে মই তেওঁক আন্তৰিক কৃতজ্ঞতা জনাইছো। আমাক আদৰণী জনাবলৈ ৰাষ্ট্রপতি ডাঙৰীয়া নিজে বিমানবন্দৰত উপস্থিত হৈছিল। তেওঁৰ এই বিশেষ উষ্ণ আন্তৰিকতাই সমগ্ৰ ভাৰতীয় নাগৰিকক সন্মানীত কৰিলে। কাইলৈ পুৱা আমি কিগালি গণহত্যা স্মৃতিসৌধত শ্রদ্ধাঞ্জলি অর্পণ কৰিবলৈ যাম। ১৯৯৪ চনৰ সেই গণহত্যাৰ পাছত ৰুৱাণ্ডাত যি শান্তি প্রক্রিয়া আৰম্ভ হয়, সেয়া সচাকৈয়ে প্রশংসনীয় আৰু অতুলনীয়। ৰাষ্ট্রপতি কাগামেৰ দক্ষ নেতৃত্বত এক কার্যকৰী আৰু দক্ষ শাসন ব্যৱস্থাই আজি ৰুৱাণ্ডাৰ অর্থনৈতিক উন্নয়নক দ্রুতগতিত আগুৱাই লৈ গৈছে।
বন্ধুসকল,
ভাৰত আৰু ৰুৱাণ্ডাৰ সম্পর্ক সময়ৰ দ্বাৰা পৰীক্ষিত। আমাৰ বাবে গৌৰৱৰ বিষয় যে ৰুৱাণ্ডাৰ আর্থিক উন্নয়ন আৰু ৰাষ্ট্রীয় উন্নয়নৰ যাত্রাত ভাৰত আপোনালোকৰ বিশ্বস্ত অংশীদাৰ। ৰুৱাণ্ডাৰ এই উন্নয়ন যাত্রাত ভবিষ্যতেও আমাৰ অংশগ্রহণ অব্যাহত থাকিব। আমি প্রশিক্ষণ, প্রযুক্তি, আন্তঃগাঁথনি উন্নয়ন আৰু প্রকল্প ৰূপায়ণৰ ক্ষেত্রতো সহযোগিতা আগবঢ়াইছো। আইচিটিৰ দৰে ক্ষেত্রতো ৰুৱাণ্ডাৰ বাবে ভাৰতৰ অগ্ৰণী প্রতিষ্ঠানসমূহত প্রশিক্ষণ দিয়া হৈছে। সক্ষমতা সৃষ্টিৰ ক্ষেত্রত এই সহযোগিতা আমি আৰু বৃদ্ধি কৰিম। আজি আমি ২০০ মিলিয়ন ডলাৰৰ লাইন অৱ ক্রেডিট আৰু প্রশিক্ষণৰ ক্ষেত্ৰত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছো। তদুপৰি, চর্মশিল্প আৰু দুগ্ধ গৱেষণাকেধৰি উভয় দেশৰ সহযোগিতাৰ অন্যান্য কেতবোৰ ক্ষেত্রক লৈও আলোচনা কৰিছো। এই প্রসংগত মই কাইলৈ ৰাষ্ট্রপতি কাগামেৰ সৈতে ৰুবেৰু আদর্শ গাওঁ ভ্ৰমণক লৈ অধীৰ আগ্রহী হৈ আছো। ভাৰত এক কৃষি প্রধান দেশ। আমাৰ অধিকাংশ নাগৰিক গাঁৱত বসবাস কৰে, সেইবাবে ৰাষ্ট্রপতি ডাঙৰীয়াৰ এই প্ৰচেষ্টা আৰু গ্রাম্য জীৱন উন্নয়নত ৰুৱাণ্ডাৰ অভিজ্ঞতাৰ পৰা মই উপকৃত হ’ব বিচাৰো। নির্মাণ ক্ষেত্র, আতিথ্য আৰু পর্যটনকে ধৰি বিভিন্ন ক্ষেত্রত ভাৰত আৰু ৰুৱাণ্ডাৰ অংশীদাৰিত্ব শক্তিশালী কৰাক লৈ আমি আলোচনা কৰিছো। তাৰবাবে ৰাষ্ট্ৰপতি কাগামে আৰু মই কাইলৈ দুয়ো দেশৰ প্রধান ব্যৱসায়িক মুৰব্বীসকলৰ সৈতে মিলিত হ’ম আৰু তেওঁলোকৰ পৰামর্শ অনুসৰি আলোচনা কৰিম।
বন্ধুসকল,
মই অতি আনন্দৰে ঘোষণা কৰো যে শীঘ্রে আমি ৰুৱাণ্ডাত ভাৰতীয় উচ্ছায়ুক্ত আৰম্ভ কৰাৰ দিশে অগ্ৰসৰ হৈছো। ইয়াৰ ফলত কেৱল উভয় চৰকাৰৰ মাজত ঘনিষ্ঠ বার্তালাপৰ সমান্তৰালভাৱে কনছুলৰ, পাৰপত্ৰ আৰু ভিছা তথা অন্যান্য সেৱাও সুলভ হৈ পৰিব। কাইলৈ হ’বলগীয়া আলোচনাত দুয়ো দেশৰ মাজৰ সম্পর্ক আৰু অধিক উন্নীত হ’ব বুলি মই আশাবাদী।
মই পুনৰবাৰ ৰাষ্ট্রপতি কাগামে ডাঙৰীয়াক মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছো আৰু ১২৫ কোটি ভাৰতীয়ৰ হৈ ৰুৱাণ্ডাৰ জনসাধাৰণক শুভেচ্ছা জনাইছো।
ধন্যবাদ।
***
AKT/SH/AK/DB
Held productive discussions with President @PaulKagame.
— Narendra Modi (@narendramodi) July 23, 2018
It is a matter of great joy that India and Rwanda are working together in areas like technology, infrastructure, finance, rural development and technology.
Today’s talks will further boost ties in these sectors. pic.twitter.com/Uq6s6XLOal
During our talks today, President @PaulKagame and I discussed new areas of India-Rwanda cooperation in sectors such as leather and dairy research.
— Narendra Modi (@narendramodi) July 23, 2018
We even talked about increasing people-to-people contacts between our nations. pic.twitter.com/DThKXXosRM
The proposed opening of the Indian High Commission in Rwanda augurs well for our countries. The bond will deepen and various consular services will also be easily available.
— Narendra Modi (@narendramodi) July 23, 2018
Here are my remarks at the press meet with President @PaulKagame. https://t.co/JFmFRs6oXC pic.twitter.com/e60Hs8kYfE