Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰেভাৰেণ্ড ড০ যোশেফ মাৰ থমা মেট্ৰ’পলিটানৰ ৯০সংখ্যক জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ ভাষণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰেভাৰেণ্ড ড০ যোশেফ মাৰ থমা মেট্ৰ’পলিটানৰ ৯০সংখ্যক জন্ম বাৰ্ষিকীত ভাষণ আগবঢ়ায়৷ এই উপলক্ষে তেওঁ শুভেচ্ছা জনোৱাৰ লগতে দীৰ্ঘজীৱি আৰু সু-স্বাস্থ্য কামনা কৰে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ড০ যোশেফ থমা তেওঁ সমগ্ৰ জীৱন আমাৰ সমাজ আৰু দেশৰ উন্নতিৰ বাবে উচৰ্গা কৰিছিল৷ তেওঁ কয়, “কৰিছে৷ তেওঁ বিশেষকৈ দৰিদ্ৰতা দূৰীকৰণ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত উৎসাহী আছিল৷ ” মাৰ থমা প্ৰভু যীশুৰ প্রেৰিত দূত থমাছৰ মহৎ আদর্শৰ প্ৰতি নিবিড়ভাৱে জড়িত বুলিও প্ৰধানমন্ত্রীয়ে কয়৷

তেওঁ কয় যে ভাৰতে সদায় বিভিন্ন উৎসৰ পৰা আধ্যাত্বিক শক্তিৰ বাবে উন্মুক্ত। তেওঁ ড০ যোশেফ মাৰ থমাৰ উদ্ধৃতি দি কয় যে ‘নম্ৰতাই হ’ল আটাইতকৈ ভাল গুন, সদায় ভাল কামত ফলপ্ৰসু হয়।’ প্ৰধানমন্ত্রীয়ে কয় যে মাৰ থমা গিৰ্জাৰ এই নম্ৰতাৰ চেতনা ভাৰতবাসীৰ জীৱনত, বিশেষকৈ স্বাস্থ্যসেৱা আৰু শিক্ষাৰ ক্ষেত্রত ইতিবাচক পৰিৱর্তন অনাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ তেওঁ কয় যে মাৰ থমা গিৰ্জাই ভাৰতৰ স্বাধীনতা সংগ্রামত গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ লগতে জাতীয় সংহতি ৰক্ষাৰ কামত সন্মুখৰ শাৰী আছিল৷

প্ৰধানমন্ত্রীয়ে কয় যে ক’ভিড-১৯ কেৱল এক শাৰীৰিক ৰোগেই নহয়, মানুহৰ জীৱনৰ বাবে ভয়ৰ কাৰণ৷ ই অস্বাস্থ্যকৰ জীৱনযাত্রাৰ প্ৰতিও আমাৰ দৃষ্টি আকর্ষণ কৰে৷ তেওঁ কয় যে বিশ্বজোৰা মহামাৰীয়ে এই ইংগিতকে বহন কৰে যে সামগ্রিকভাবে মানৱতাক ৰক্ষা কৰা প্ৰয়োজন আৰু আমি পৃথিৱীত সম্প্রীতি আৰু সুখক আগুৱাই নিয়াৰ বাবে যথাসাধ্য চেষ্টা কৰা প্ৰয়োজন। তেওঁ কয় যে ক’ৰোনা যোদ্ধাসকলৰ দ্বাৰা চালিত হৈ ভাৰতে দৃঢ়ভাৱে ক’ভিড-১৯এৰ বিৰুদ্ধে যুঁজ দি গৈছে৷

প্ৰধানমন্ত্রীয়ে কয় যে লকডাউনৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আনকি জনগণৰ বহুমুখী উদ্যোগ গ্ৰহণৰ ফলত ভাৰতে আজি অন্যান্য দেশৰ তুলনাত ভাল অৱস্থাত আছে৷ দেশত ক’ৰোনা ৰোগীৰ আৰোগ্য হাৰ বৃদ্ধি পাইছে। এইবোৰ কাৰণতে দেশত ভাৰইৰাছৰ তীব্ৰতা আশা কৰাতকৈ কম হৈছে৷ তেওঁ উল্লেখ কৰে যে ক’ভিডৰ বাবে ইটীলীত য’ত প্ৰতি ১০ লাখত ৫৭৪ জনৰ মৃত্যু হৈছে, সেই সময়ত ভাৰতত প্ৰতি ১০ লাখত মাত্ৰ ১২ জনৰ মৃত্যু হৈছে৷ তেওঁ লগতে কয় যে আমেৰিকা, ব্রিটেইন, স্পেইন আৰু ফ্রান্সৰ মৃত্যুৰ পৰিসংখ্যা ভাৰততকৈ যথেষ্ট বেছি৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেইবা লাখ গাঁৱৰ ৮৫ কোটি লোকে ক’ৰোনা ভাইৰাছৰ পৰা এতিয়াও বাছি আছে৷

তেওঁ কয় যে সাধাৰণ জনতাই ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত চলাই যোৱাৰ ফলত এতিয়ালৈকে ভাল ফল পোৱা গৈছে। আমাৰ এই সজাগতা কেতিয়াও ভাঙি পেলোৱা উচিত নহয় বুলিও জোৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয় যে আমি এতিয়া ইয়াতকৈও অধিক সতর্ক হ’ব লাগিব আৰু মাস্ক পিন্ধা, সামাজিক দূৰত্ব, ২ গজৰ দূৰত্ব মানি চলিব লাগিব৷ জনবহুল স্থানবোৰ এতিয়াও এৰাই চলাৰ ওপৰত গুৰুত্ব দিব লাগিব৷

প্ৰধানমন্ত্রীয়ে কয় যে বিগত কেইবা সপ্তাহত ভাৰত চৰকাৰে অর্থনীতি সম্পর্কীয় কেতবোৰ হস্ৰম্যাদী আৰু দীর্ঘম্যাদী পৰিকল্পনা হাতত লৈছে৷ এই সন্দৰ্ভত তেওঁ কয় যে সমুদ্ৰৰ পৰা মহাকাশলৈ, কৃষিৰ পৰা কলকাৰখানা সকলো ক্ষেত্রতে মানুহৰ স্বার্থত তথা উন্নতিৰ লক্ষ্যৰে সিদ্ধান্ত লোৱা হৈছে৷ তেওঁ আশাপ্ৰকাশ কৰে যে ‘আত্মনির্ভৰ ভাৰত’, বা আত্মনির্ভৰশীল ভাৰত নিৰ্মাণৰ যি আহ্বান জনোৱা হৈছে তাৰ জৰিয়তে প্ৰতিগৰাকী ভাৰতীয়ৰ অর্থনীতি শক্তিশালী হোৱাৰ লগতে সমৃদ্ধি সুনিশ্চিত কৰিব৷

‘প্ৰধানমন্ত্রী মৎস্য সম্পদ যোজনা’ সম্পর্কে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পত ২০,০০০ কোটি টকাতকৈও অধিক বিনিয়োগৰ ফলত মীনপালন ক্ষেত্রত পৰিৱর্তন আহিব, ৰপ্তানি ক্ষেত্রত আয় বৃদ্ধি কৰিব আৰু ৫০ লাখতকৈও অধিক লোকৰ কর্মস্থাপনৰ সুযোগ সৃষ্টি হ’ব৷ তেওঁ কয় যে উন্নত প্ৰযুক্তি আৰু পৰিকাঠামো মূল্যবান শৃংখল ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰিব লাগিব৷ বিভিন্ন প্ৰকল্পৰ পৰা কেৰালাৰ মীনপালকসকল উপকৃত হ’ব বুলিও আত্মবিশ্বাস ব্যক্ত কৰে৷

প্ৰধানমন্ত্রীয়ে কয় যে মহাকাশৰ ক্ষেত্রত গৃহীত ঐতিহাসিক সংস্কাৰসমূহে মহাকাশত কার্যক্ষেত্রত বৃহত্তৰ ব্যৱহাৰ সুনিশ্চিত কৰিব৷ তথ্য আৰু প্ৰযুক্তি ক্ষেত্রত সুযোগ আৰু অধিক বৃদ্ধি পাব৷ তেওঁ লগতে কয় যে কেৰলাৰ একাধিক তৰুণ যুৱক-যুৱতী, বিশেষকৈ দক্ষিণ ভাৰতত যিসকলে বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্রত বিশেষ আগ্ৰহী তেওঁলোকে এই সংস্কাৰৰ সুফল লাভ কৰিব৷

প্ৰধানমন্ত্রীয়ে কয় যে যে চৰকাৰে সংবেদনশীলতাৰে পৰিচালিত হৈছে আৰু দীর্ঘম্যাদী পৰিকল্পনা গ্ৰহণে ভাৰতক উন্নয়নৰ লক্ষ্যত আগুৱাই নিব৷ তেওঁ কয় যে এই সিদ্ধান্তসমূহ কেৱল দিল্লীত বহিয়েই চৰকাৰী বিভাগে লোৱা নাই, বৰঞ্চ তৃণমূল পৰ্যায়ৰ মানুহৰ মতামত পোৱাৰ পাছতহে লোৱা হৈছে৷ প্ৰতিগৰাকী ভাৰতীয়ৰ বেংক একাউন্টৰ সুবিধা সুনিশ্চিত কৰা, ৮ কোটিতকৈও অধিক পৰিয়ালক ধোঁৱামুক্ত ৰন্ধনগৃহৰ ব্যৱহাৰৰ সুবিধা কৰি দিয়া, গৃহহীনসকলক ডেৰ কোটিতকৈও অধিক ঘৰ দিয়া হৈছে আৰু বিশ্বৰ বৃহত্তম স্বাস্থ্য সেৱা আঁচনি আয়ুষ্মান ভাৰতৰ নিৰাপদ আশ্ৰয়স্থলত ভাৰতীয়সকলক অনা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দৰিদ্ৰসকলৰ বাবে এক দেশ এক ৰেচন কার্ড প্ৰকল্প হাতত লোৱা হৈছে৷ তেওঁলোকে য’লৈকে নাযাওক কিয় ৰেচন পোৱাত তেওঁলোকক এই আঁচনিয়ে সহায় কৰিব৷ সহজ জীৱনযাপনত উৎসাহ যোগাবলৈ মধ্যবিত্তসকলৰ বাবে একাধিক উদ্যোগ গ্ৰহণ কৰা হৈছে৷ কৃষকসকলৰ বাবে ন্যূনতম সহায়ক মূল্য বৃদ্ধি কৰা আৰু তেওঁলোকে যাতে ফচলৰ সঠিক দাম পায় সেয়া সুনিশ্চিত কৰা হৈছে৷ মহিলাসকলৰ ক্ষেত্রত একাধিক আঁচনি গ্ৰহণৰ জৰিয়তে তেওঁলোক স্বাস্থ্য ক্ষেত্রত বিশেষ দৃষ্টি দিয়া হৈছে৷ মাতৃত্বকালীন সময়ত ছুটিৰ দিন বৃদ্ধিৰ জৰিয়তে তেওঁলোকৰ কর্মজীৱনৰ পথত কোনো আপোচ কৰা হোৱা নাই৷

প্ৰধানমন্ত্রীয়ে কয় যে বিশ্বাস, লিংগ, বর্ণ, জাতি, ধর্ম নিৰ্বিশেষে ১৩০ কোটি ভাৰতীয়ৰ সবলীকৰণৰ ইচ্ছাত পৰিচালিত হোৱা ভাৰতৰ সংবিধানে আমাৰ পথ দেখুৱাইছে৷

দেশৰ উন্নয়নত আমি কিদৰে অৱদান আগবঢ়াব পাৰি তাক লৈ চিন্তা-চৰ্চা কৰিবলৈও তেওঁ আহ্বান জনায়৷ প্ৰধানমন্ত্রীয়ে কয় যে আজি ভাৰতে কৈছেৃ আমি স্থানীয়ভাবে উৎপাদন কৰিম আৰু স্থানীয় সামগ্ৰীহে কিনিম৷ ই বহু পৰিয়ালত সমৃদ্ধিৰ বন্তি জ্বলাব৷

***

VRRK/AK/DB