Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰে’লৱে খণ্ডত কাৰিকৰী সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত কেবিনেটক অৱগত


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৰে’লৱে খণ্ডত কাৰিকৰী সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত অৱগত কৰে। ২০১৮ৰ ২৯ মে’ত বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হৈছিল।

এই বুজাবুজি চুক্তিৰ অধীনত নিম্নোলিখিত দিশত সহযোগিতা আগবঢ়াবঃ

ক) সক্ষমতা সৃষ্টিকে ধৰি জ্ঞানৰ বিনিময়, প্ৰযুক্তি, প্ৰতিষ্ঠানগত দিশত সহযোগিতা;

খ) ৰে’লৱেৰ ৰোলিং ষ্টকৰ সমান্তৰালভাৱে সংকেত আৰু যোগাযোগ ব্যৱস্থাৰো আধূনিকীকৰণ কৰা;

গ) ৰে’ল চলাচল, ব্যৱস্থাপনা আৰু নিয়ম-নীতিৰো আধূনিকীকৰণ কৰা;

ঘ) আন্তঃআৰ্হি পৰিবহন, লজিষ্টিক পাৰ্ক আৰু মালবাহী ৰে’লৰ টাৰ্মিনেলৰ আধূনিকীকৰণ কৰা;

ঙ) ৰে’লৰ পথ, দলং, সুৰংগ আৰু বিদ্যুতীকৰণ আৰু বিদ্যুৎ যোগান পদ্ধতিকে ধৰি সকলো আন্তঃগাঁথনিমুলক নিৰ্মাণ আৰু ব্যৱস্থাপনা প্ৰযুক্তিৰ বিনিময় কৰা;

চ) দুয়োটা পক্ষই আলোচনাৰ মাধ্যমত সিদ্ধান্তমৰ্মে অন্যান্য ক্ষেত্ৰতো সহযোগিতা আগবঢ়াব।

পটভূমিঃ

ৰে’ল মন্ত্ৰালয়ে ৰে’লৱেৰ বিভিন্ন দিশত কাৰিকৰী সহযোগিতাৰে বিভাগটোৰ আধূনিকৰণকে ধৰি অন্যান্য কেতবোৰ ক্ষেত্ৰৰ উন্নয়নত গুৰুত্ব আৰোপ কৰি বিভিন্ন বিদেশী ৰাষ্ট্ৰ তথা ৰাষ্ট্ৰীয় ৰে’লৱেৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰি আহিছে।

***

KS/SNC/SH/DB