পি এম ইণ্ডিয়া
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত আজি ৰে’ল খণ্ডৰ বিভিন্ন কৌশলগত প্ৰকল্প ৰূপায়ণৰ লক্ষ্যৰে ভাৰত আৰু জার্মানীৰ মাজত আগ্ৰহৰ যৌথ ঘোষণাপত্রৰ বিষয়ত অৱগত কৰা হয়৷ এই ঘোষণাপত্ৰ যোৱা মাহত স্বাক্ষৰিত হয়।
সুবিধাসমূহ :
এই যৌথ ঘোষণাপত্ৰ অনুসৰি জার্মানীৰ অর্থনৈতিক পৰিক্ৰমা আৰু শক্তি মন্ত্ৰালয়ে ভাৰতীয় ৰে’লৰ বাবে এক ব্যৱস্থাপনা গঢ়ি তুলিব, য’ত ৰে’ল উদ্যোগৰ বিষয়ত শেহতীয়া অগ্ৰগতিৰ তথ্য আদি আদান-প্ৰদান কৰা হ’ব৷ তদুপৰি, বিশেষজ্ঞসকলৰ মাজত যুটীয়াভাবে চিহ্নিত সহযোগিতামূলক প্ৰকল্পসমূহ ৰূপায়ণৰ লক্ষ্যৰে আলোচনা-চক্ৰ, সন্মিলন আয়োজনৰ লগতে কাৰিকৰী দক্ষতা পৰিদর্শনৰ ব্যৱস্থা কৰা হ’ব৷
পটভূমিঃ
ভাৰতত দ্ৰুতগতিৰ ৰে’ল, বর্তমানৰ ৰে’লপথৰ গতি বৃদ্ধি, ৰে’লৰ ষ্টেচনসমূহ বিশ্ব মানৰ কৰা তথা ৰে’লৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ উদ্দেশ্যে বিভিন্ন ক্ষেত্ৰ চিহ্নিত কৰি ৰে’ল মন্ত্ৰালয়ে বিভিন্ন দেশৰ ৰে’ল সংস্থাৰ সৈতে বুজাবুজি চুক্তি/সহযোগিতামূলক চুক্তি/প্ৰশাসনিক ব্যৱস্থাপনা/যৌথ ঘোষণাপত্ৰ স্বাক্ষৰ কৰি আহিছে৷
এই বুজাবুজি চুক্তি/সহযোগিতামূলক চুক্তি/প্ৰশাসনিক ব্যৱস্থাপনা/যৌথ ঘোষণাপত্ৰৰ জৰিয়তে প্ৰযুক্তিগত খণ্ডৰ ওপৰত বিশেষজ্ঞসকল, কাৰিকৰী বিষয়ক বিভিন্ন প্ৰতিবেদনকে ধৰি বিভিন্ন তথ্যৰ আদানপ্ৰদান আৰু সন্মিলন, কর্মশালা তথা প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিব পাৰিব৷
********
VRK/SC/PK/SH/DB