পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১১ বজাত ১৯ সংখ্যক ৰোজগাৰ মেলা উপলক্ষ্যে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত যুৱক-যুৱতীক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষ্যে ভাষণ দি তেওঁ এই এই দিনটোক সমগ্ৰ দেশৰ হাজাৰ হাজাৰ যুৱকৰ বাবে এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। চৰকাৰী সেৱাত নতুনকৈ প্ৰৱেশ কৰাসকলক আদৰণি জনাই তেওঁ ৰে’লৱে, বেংকিং, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু শিক্ষাকে ধৰি বিভিন্ন খণ্ডত ভাৰতৰ উন্নয়নত তেওঁলোকে আগবঢ়াবলগীয়া অৱদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘আগন্তুক বছৰবোৰত আপোনালোক সকলোৱেই বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলে এই মাইলৰ খুঁটিত উপনীত হ’বলৈ দেখুওৱা নিষ্ঠা আৰু কঠোৰ প্ৰস্তুতিক সন্মান জনাই প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰতিগৰাকীকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। কোনো ব্যক্তিগত কৃতিত্বই যে অকলে থিয় দিব নোৱাৰে সেই কথা স্বীকাৰ কৰি তেওঁ নৱ নিযুক্তিপ্ৰাপ্তসকলৰ পৰিয়াল তথা অভিভাৱকসকলকো শুভেচ্ছা জনায়, যাৰ সহায় তেওঁলোকৰ সফলতাৰ বাটত অপৰিহাৰ্য হৈ পৰিছিল।
পাঁচখন দেশৰ সদ্য সমাপ্ত কূটনৈতিক ভ্ৰমণৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেইবা ডজন ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰা বিশ্বৰ নিগমৰ অগ্ৰণী ব্যক্তিসকলে ভাৰতৰ যুৱক-যুৱতী তথা ইয়াৰ প্ৰযুক্তিগত উন্নতিকলৈ বিশেষভাবে উৎসাহিত তথা ৰোমাঞ্চিত হৈছে । তেওঁ ভাৰতৰ উয়ন্নত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী এখন বিশ্বৰ বিষয়ে বৰ্ণনা কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে বিশ্বই ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশ হ’ব বিচাৰে।
তেওঁৰ ভ্ৰমণৰ কূটনৈতিক আৰু অৰ্থনৈতিক ফলাফলৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে খণ্ড-নিৰ্দিষ্ট চুক্তিসমূহ স্বাক্ষৰ কৰা আৰু ভ্ৰমণ কৰা প্ৰতিখন ৰাষ্ট্ৰৰ সৈতে হোৱা আলোচনাৰ ৰূপৰেখা দাঙি ধৰে। য’ত নেদাৰলেণ্ডৰ সৈতে অৰ্ধপৰিবাহী, পানী, কৃষি আৰু উন্নত উৎপাদনৰ বিষয়ত আলোচনা কৰা হয়; ছুইডেনৰ সৈতে এআই আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ত আলোচনা; নৰ’ৱেৰ সৈতে সেউজ প্ৰযুক্তি আৰু সামুদ্ৰিক সহযোগিতাৰ বিষয়ত আলোচনা; ইউ এ ইৰ সৈতে কৌশলগত শক্তি আৰু প্ৰযুক্তি বিষয়ক অংশীদাৰিত্বৰ বিষয়ত বুজাবুজি চুক্তি আৰু ইটালীৰ সৈতে প্ৰতিৰক্ষা, গুৰুত্বপূৰ্ণ খনিজ তথা বিজ্ঞান আৰু প্ৰযুক্তি বিষয়ক চুক্তি আদি অন্তৰ্ভুক্ত হৈ আছে । প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বসমূহ নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি ইয়াৰ যুৱক-যুৱতীসকলক সেৱা আগবঢ়োৱাৰ বাবে কৰা হৈছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “এইবোৰৰ উদ্দেশ্য ভাৰতৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন আৰু বিশ্বজুৰি পৰিচয় লাভ কৰা।
নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত প্ৰতিখন চুক্তিৰ প্ৰাসংগিকতাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে প্ৰতিটো নতুন বিনিয়োগ, প্ৰতিটো প্ৰযুক্তিৰ অংশীদাৰিত্ব আৰু প্ৰতিটো ঔদ্যোগিক সহযোগিতাই শেষত ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে সুন্দৰ সুযোগৰ সৃষ্টি কৰিব। তেওঁ এই সহযোগিতাসমূহৰ দীৰ্ঘম্যাদী তাৎপৰ্য্যৰ বিষয়তো আলোকপাত কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “এইবোৰে হৈছে এনে খণ্ড যিয়ে অহা ২৫ বছৰৰ বাবে বিশ্বৰ বৃদ্ধিৰ সংজ্ঞা নিৰূপণ কৰা উদ্যোগসমূহক গঢ় দিব।”
এ এছ এম এল–টাটা ইলেক্ট্ৰনিকছৰ মাজত স্বাক্ষৰিত চুক্তিক বিশ্বজুৰি বিশ্ব যোগান শৃংখলৰ অংশীদাৰ হিচাপে ভাৰতৰ ক্ৰমবৰ্ধমান অগ্ৰগতিৰ সুনিৰ্দিষ্ট উদাহৰণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে ডাচ অৰ্ধপৰিবাহী প্ৰতিষ্ঠানটোৱে চুক্তি স্বাক্ষৰ কৰা কেইখনমান মুষ্টিমেয় দেশৰ ভিতৰত ভাৰতো আছে। তেওঁ লগতে কয় যে এআইৰ ক্ষেত্ৰত ছুইডেনৰ সৈতে গঢ়ি তোলা অংশীদাৰিত্ব তথা ছুপাৰ কম্পিউটিঙৰ ক্ষেত্ৰত ইউএইৰ সৈতে কৰা সহযোগিতাই ভাৰতৰ প্ৰযুক্তিগত সামৰ্থ্যক শক্তিশালী কৰিব। “কেৱল এই এ এছ এম এল–টাটা ইলেক্ট্ৰনিকছৰ চুক্তিয়েই ভাৰতত হাজাৰ হাজাৰ নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব,” শ্ৰী মোদীয়ে কয় ।
অপৰিসীম সুযোগৰ খণ্ড হিচাপে স্বচ্ছ শক্তি, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, সেউজ হাইড্ৰজেন আৰু বহনক্ষম উৎপাদনৰ দ্ৰুত উত্থানৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সেউজ পৰিৱৰ্তন আৰু বহনক্ষম প্ৰযুক্তিৰ ক্ষেত্ৰত ছুইডেন, নৰ’ৱে, আৰু ইটালীৰ সৈতে ক্ৰমবৰ্ধমান সহযোগিতাই ভৱিষ্যতৰ স্বচ্ছ শক্তিৰ উৎপাদনৰ ক্ষেত্ৰ খনত ভাৰতক শক্তিশালী স্থানত উপৱিষ্ট কৰিব। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এই অংশীদাৰিত্বসমূহে নতুন অৰ্থনীতি আৰু নতুন সুযোগৰ দুৱাৰ মুকলি কৰিছে।
বন্দৰ, জাহাজ আৰু সামুদ্ৰিক আন্তঃগাঁথনি চুক্তিৰ বিষয়টো ত্বৰান্বিত হোৱাৰ দিশলৈ আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয় যে ইউ এ ই আৰু নৰ’ৱেৰ সৈতে অংশীদাৰিত্বই ভাৰতৰ জাহাজ নিৰ্মাণ পৰিৱেশ তন্ত্ৰক সুদৃঢ় কৰিব। ফলত দেশখনৰ অভিযন্তা, কাৰিকৰী আৰু দক্ষ শ্ৰমিকসকলৰ বাবে সুযোগৰ সম্ভাৱনা ব্যাপকভাবে সম্প্ৰসাৰিত হ’ব। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “ভাৰতৰ অভিযন্তা, কাৰিকৰী, আৰু দক্ষ শ্ৰমিকৰ বাবে নতুন সুযোগৰ সৃষ্টি হ’ব।
প্ৰতিটো নতুন অংশীদাৰিত্বই ভাৰতীয় ষ্টাৰ্টআপ, গৱেষক, আৰু যুৱ পেছাদাৰীসকলৰ বাবে বিশ্বজুৰি সংযোগক বিস্তৃত কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আজি এনে এখন পৃথিৱীৰ বিষয়ে চিন্তা কৰে যিখন বিশ্বই এনে দেশসমূহক সন্মান কৰে যিয়ে উদ্ভাৱন, নিৰ্মাণ আৰু যোগানৰ পৰিসৰত উল্লেখনীয় অগ্ৰগতি লাভ কৰে। ভাৰত তিনিওটা ক্ষেত্ৰতে আগবাঢ়িছে বুলি তেওঁ গৌৰৱ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “এই ৰূপান্তৰৰ আঁৰৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে ভাৰতৰ যুৱক-যুৱতীসকল, আপোনালোক সকলোৱে।”
বৃহত্তৰ ৰাষ্ট্ৰীয় অভিযানৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত, বিকশিত ভাৰত গঢ়াৰ সামূহিক সংকল্পৰ কথা কয়, এই উচ্চাকাংক্ষাৰ প্ৰত্যক্ষ পৰিণতি হিচাপে চৰকাৰৰ আন্তঃ খণ্ডীয় বিনিয়োগে লাখ লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। শ্ৰী মোদীয়ে কয় যে এই বিনিয়োগে দেশৰ যুৱক-যুৱতীসকলৰ বাবে লাখ লাখ নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিছে।
ভাৰতৰ উদীয়মান অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে অৰ্ধপৰিবাহী নিৰ্মাণৰ বাবে এক সম্পূৰ্ণ ঘৰুৱা যোগান শৃংখল স্থাপন কৰা হৈছে আৰু দহটা ডাঙৰ অৰ্ধপৰিবাহী গোটে অতি সোনকালে বিশ্বৰ মঞ্চত নিজৰ স্থান দখল কৰিব। এইবোৰত ইতিমধ্যে বৃহৎ সংখ্যক ভাৰতীয় যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন বিচাৰি পাইছে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ অৰ্ধপৰিবাহী ইউনিটসমূহে বিশ্বত নিজৰ নাম উজলাই তুলিব।
ভাৰতৰ সম্প্ৰসাৰিত জাহাজ নিৰ্মাণ, জাহাজ-মেৰামতি, আৰু অভাৰহ’লিং পৰিৱেশ তন্ত্ৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ৭৫,০০০ কোটি টকা বিনিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ৰক্ষণাবেক্ষণ, অভাৰহ’ল আৰু মেৰামতিৰ সুবিধাসমূহ সামৰি লোৱা এটা সম্পূৰ্ণ এম আৰ অ’ পৰিৱেশ তন্ত্ৰৰ বিকাশৰ বিষয়তো আলোকপাত কৰে, যিয়ে বিমান পৰিবহন খণ্ডক ৰূপান্তৰিত কৰাৰ প্ৰতিশ্ৰুতি দিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এটা নতুন নিয়োগৰ খণ্ড মুকলি হ’ব।
প্ৰধান ইলেক্ট্ৰনিকছ নিৰ্মাতা হিচাপে ভাৰতৰ উত্থানৰ কথা বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰডাকচন লিংকড ইনচেন্টিভ আঁচনিখনক অভিলেখ সৃষ্টিকাৰী ইলেক্ট্ৰনিকছ উৎপাদন তথা লাখ লাখ যুৱক-যুৱতীসকলৰ বাবে চাকৰি সৃষ্টি কৰা ইঞ্জিন হিচাপে অভিহিত কৰে। য’ত সমগ্ৰ ইলেক্ট্ৰনিকছৰ মূল্য শৃংখলটো ঘৰুৱাভাৱে গঢ় দিয়া হৈছে। শ্ৰী মোদীয়ে কয় যে পিএলআই আঁচনিৰ ফলত দেশত অভিলেখ পৰিমাণত ইলেক্ট্ৰনিকছ সামগ্ৰী উৎপাদন হৈছে।
ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড উভয়তে গ্ৰহণ কৰা এনে একাধিক পদক্ষেপে যৌথভাৱে বৃহৎ পৰিসৰৰ বিনিয়োগ প্ৰবাহিত কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নৱনিযুক্ত চৰকাৰী কৰ্মচাৰীসকলক ব্যৱসায় তথা উদ্যোগক সুবিধা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ভূমিকা সম্পৰ্কেও সচেতন হৈ থাকিবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে কয়, “ইজ অৱ ডুইং বিজনেছ দেশৰ বাবে এক বৃহৎ অগ্ৰাধিকাৰ।নিয়োগ সৃষ্টি আৰু সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় প্ৰগতিৰ প্ৰকৃত লভ্যাংশ তেতিয়াহে সম্পূৰ্ণ সম্ভাৱনাত উপনীত হয় , যেতিয়া গাঁও, সৰু চহৰ, আৰু দুৰ্গম অঞ্চলসমূহক উন্নয়নৰ সৈতে একত্ৰিত কৰা হয়। শ্ৰী মোদীয়ে কয়, “যেতিয়া গাঁও আৰু দুৰ্গম অঞ্চলসমূহে উন্নয়নৰ সৈতে সংযোগ স্থাপন কৰে, তেতিয়াই দেশে লাভ কৰা প্ৰগতিৰ সুবিধা অধিক লোকৰ মাজলৈ যায়।”
যোৱা বাৰ বছৰত নিৰ্মিত আন্তঃগাঁথনি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰে’লপথ, ঘাইপথ, বিমানবন্দৰ, লজিষ্টিক, বন্দৰ আৰু ডিজিটেল নেটৱৰ্কক সামৰি লোৱা সংযোগে কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন পথ মুকলি কৰিছে। পৰিৱৰ্তনে এতিয়া আনকি ভাৰতৰ গাঁওসমূহকো দৃশ্যমানৰূপত ধৰা দিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে , “গাঁৱতো পৰিৱৰ্তন দৃশ্যমানৰূপত দ্ৰুতগতিৰে সংঘটিত হৈছে।
কোটি কোটি ভাৰতীয় পৰিয়াললৈ আগবঢ়োৱা মৌলিক সুবিধাসমূহৰ সামাজিক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মানুহে এতিয়া স্থায়ী ঘৰ, ঘৰুৱা শৌচাগাৰ, বিদ্যুৎ আৰু জল জীৱন অভিযানৰ অধীনত টেপৰ পানী লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই মৌলিক পৰিৱৰ্তনসমূহ সুবিধাৰ বহু ওপৰলৈকে বিস্তৃত। শ্ৰী মোদীয়ে লগতে কয় যে এই পৰিৱৰ্তনৰ প্ৰভাৱ কেৱল সুবিধাতেই সীমাবদ্ধ হৈ থকা নাই।
গ্ৰাম্য পথ, উন্নত বিদ্যুৎৰ ব্যৱস্থা আৰু ডিজিটেল সংযোগে কেনেদৰে অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধিত বহুগুণক হিচাপে কাম কৰিছে, বজাৰত প্ৰৱেশ সহজ কৰি তুলিছে, ক্ষুদ্ৰ উদ্যোগসমূহৰ উন্নতি সাধন কৰিবলৈ সক্ষম কৰি তুলিছে আৰু গাঁওসমূহক নতুন ডিজিটেল ব্যৱস্থাৰ আওতালৈ আনিছে, সেই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই আন্তঃসংযোগী উন্নতিসমূহে একেলগে ভাৰতৰ অৰ্থনীতিক ত্বৰান্বিত কৰিছে আৰু লাখ লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে এই সকলোবোৰে নিয়োগ সৃষ্টিৰ বিষয়ত ইতিবাচক প্ৰভাৱ পেলাইছে।
আজি ভাৰতৰ যুৱক-যুৱতীসকলে উৎপাদন, প্ৰযুক্তি, ষ্টাৰ্টআপ, ডিজিটেল সেৱা, ৰে’লৱে, প্ৰতিৰক্ষা আৰু মহাকাশৰ খণ্ড আদিত লাভ কৰা সুযোগসমূহ দেশৰ ইতিহাসত অভূতপূৰ্ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সৰ্বাধিক সংখ্যক যুৱক-যুৱতীয়ে যাতে এই সুযোগসমূহ লাভ কৰিব পাৰে আৰু নিজৰ প্ৰতিভাক সম্পূৰ্ণৰূপে প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ যুৱক-যুৱতীসকলে নিজৰ সপোন পূৰণৰ বাবে আজি যি সুযোগ পাইছে, সেয়া আগতে কেতিয়াও পোৱা নাছিল।
আই টি আইৰ আধুনিকীকৰণ, ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰা, পি এম সেতুৰ দৰে পদক্ষেপৰ ৰূপায়ণকে ধৰি দক্ষতা বিকাশ, উদ্যোগ-সংলগ্ন শিক্ষা আৰু ভৱিষ্যত প্ৰযুক্তিৰ ক্ষেত্ৰত চৰকাৰে কৰা বিনিয়োগৰ ৰূপৰেখা দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে দ্ৰুতগতিত বিকশিত হোৱা অৰ্থনীতিৰ গতিৰ সৈতে যুৱক-যুৱতীসকলে নিজকে মিলাবলৈ কৰিবলগীয়া নিৰন্তৰ প্ৰস্তুতিৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। শ্ৰী মোদীয়ে কয়, “দক্ষতা বিকাশ, উদ্যোগ-সংলগ্ন শিক্ষা আৰু ভৱিষ্যতৰ প্ৰযুক্তিৰ বিষয়ত নিৰন্তৰ গুৰুত্ব দিয়া হৈছে।
সমগ্ৰ দেশতে আত্ম সংস্থাপন আৰু উদ্যোগীকৰণৰ নতুন সংস্কৃতিৰ উত্থানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত বিশ্বৰ তৃতীয় বৃহৎ ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰত পৰিণত হৈছে, য’ত ২.৩ লাখৰো অধিক স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ আছে আৰু এই পৰিৱৰ্তন এতিয়া মহানগৰীতে সীমাবদ্ধ হৈ থকা নাই। শ্ৰী মোদীয়ে পৰ্যবেক্ষণ কৰে যে এই পৰিৱৰ্তন কেৱল ডাঙৰ চহৰতে সীমাবদ্ধ নহয়।
টিয়াৰ-২ আৰু টায়াৰ-৩ চহৰৰ যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক ষ্টাৰ্টআপ আৰু উদ্ভাৱনৰ জগতখনত প্ৰৱেশ কৰি এই আন্দোলনক ৰাষ্ট্ৰীয় অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ উপাদানত পৰিণত কৰাৰ কথা গৌৰৱেৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই উদ্যোগীকৰণৰ উত্থানত ভাৰতৰ মহিলাসকলৰ ক্ৰমবৰ্ধমান তথা নিৰ্ণায়ক ভূমিকাৰ বিষয়েও আলোকপাত কৰে। মুদ্ৰা যোজনাৰ জৰিয়তে কোটি কোটি মহিলাৰ আৰ্থিক সবলীকৰণ আৰু পি এম স্বনিধিৰ দৰে আঁচনিৰ দ্বাৰা সক্ষম হৈ পৰা আত্মনিৰ্ভৰশীলতাক স্বীকৃতি দি শ্ৰী মোদীয়ে কয় , “ আজি গাঁও আৰু সৰু চহৰত পূৰ্বতকৈ অধিক মহিলাই সম্পূৰ্ণ নিজাববীয়াকৈ নতুন উদ্যোগ আৰম্ভ কৰিছে।”
নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলক পোনপটীয়াকৈ সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক সোঁৱৰাই দিয়ে যে যিকোনো প্ৰতিষ্ঠানৰ প্ৰকৃত শক্তি ইয়াৰ জনসাধাৰণৰ মাজত নিহিত হৈ থাকে আৰু তেওঁলোকে যোগদান কৰা ব্যৱস্থাটো কোটি কোটি নাগৰিকৰ জীৱনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। তেওঁ কয় যে চৰকাৰী চাকৰি এটা হৈছে প্ৰধানকৈ মানুহৰ জীৱন সহজ কৰি তোলাৰ এক মাধ্যম। “আপোনালোকে যি বিভাগতে সেৱা আগবঢ়াওক, আপোনালোকৰ আচৰণ, সহানুভূতি আৰু কাম কৰাৰ ধৰণৰ গুৰুত্ব অপৰিসীম হ’ব,” শ্ৰী মোদীয়ে কয়।
নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলৰ ওপৰত দেশৰ আস্থা থকাৰ কথা দৃঢ় কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন যুৱ কৰ্মযোগীক নিজৰ পদক গুৰুত্বপূৰ্ণ দায়িত্ব হিচাপে ল’বলৈ, ভাৰতৰ জনসাধাৰণৰ ক্ৰমবৰ্ধমান আকাংক্ষাক বুজিব উঠিবলৈ আৰু সেই অনুসৰি নিজৰ কাম কৰিবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘এতিয়া আপোনালোকৰ কামৰ জৰিয়তে সেই আস্থাক শক্তিশালী কৰাটো আপোনালোকৰ দায়িত্ব।
নতুনকৈ নিযুক্তিপ্ৰাপ্ত চৰকাৰী সেৱকসকলক আজীৱন শিক্ষণ আৰু নতুন প্ৰযুক্তি, ব্যৱস্থা আৰু বিকাশশীল প্ৰয়োজনীয়তাৰ সৈতে নিৰন্তৰ অভিযোজনৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে আই জি অ’ টি কৰ্মযোগী মঞ্চ আৰু কৰ্মযোগী প্ৰাৰম্ভ মডিউলক শক্তিশালী আহিলা হিচাপে প্ৰশংসা কৰে। যাতে ইয়াৰ দ্বাৰা তেওঁলোকে আত্মবিশ্বাসেৰে নিজৰ দায়িত্ব বুজিবলৈ আৰু সেয়া পালন কৰাত সহায় হয় । শ্ৰী মোদীয়ে কয়, ‘মই আপোনালোকক ইয়াৰ সৰ্বাধিক সুবিধা ল’বলৈ আহ্বান জনাইছো।
এক প্ৰেৰণাদায়ক কৰ্মৰ আহ্বানৰে ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে এইবুলি আস্থা প্ৰকাশ কৰে যে আজি নিযুক্তি পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলে যি মনোভাৱ আৰু শক্তিৰে কাম কৰিছে, তেওঁলোকে সেই মনোভাৱেৰেই সমগ্ৰ বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে নিজৰ স্থান দখল কৰি থকা আন যুৱ শক্তিৰ দৰেই জনসেৱাক সজীৱ কৰি তুলিব লাগিব। শ্ৰী মোদীয়ে কয়, “নিজৰ কামক দেশ সেৱাৰ মাধ্যম বুলি গণ্য কৰা যুৱক-যুৱতীসকলৰ প্ৰচেষ্টাৰ জৰিয়তে বিকশিত ভাৰত গঢ় লৈ উঠিব।”
ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আস্থা পুনৰবাৰ ব্যক্ত কৰি কয় যে নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলে ভাৰতৰ উন্নয়নৰ যাত্ৰাত সতেজ গতি প্ৰদান কৰিব আৰু তেওঁলোকৰ কাম তথা সিদ্ধান্তৰ জৰিয়তে বিকশিত ভাৰতৰ সংকল্প পূৰণ হ’ব। আগন্তুক দিনৰ বাবে নিযুক্তি পত্ৰ লাভ কৰা সকলো যুৱক-যুৱতীলৈ তেওঁ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
India’s youth are playing a vital role in accelerating the journey towards a Viksit Bharat. Rozgar Mela reflects our Government’s commitment to empowering the Yuva Shakti with new opportunities.
https://t.co/u3CQqgrluM— Narendra Modi (@narendramodi) May 23, 2026
***
MJPS/SS/PRK/DM
India’s youth are playing a vital role in accelerating the journey towards a Viksit Bharat. Rozgar Mela reflects our Government’s commitment to empowering the Yuva Shakti with new opportunities.
— Narendra Modi (@narendramodi) May 23, 2026
https://t.co/u3CQqgrluM
दुनिया भारत के युवाओं और भारत की technological progress को लेकर बहुत उत्साहित है।
— PMO India (@PMOIndia) May 23, 2026
आज दुनिया भारत की विकास यात्रा का हिस्सा बनना चाहती है: PM @narendramodi
आज clean energy, critical minerals, green hydrogen और sustainable manufacturing से जुड़े sectors भी तेजी से आगे बढ़ रहे हैं।
— PMO India (@PMOIndia) May 23, 2026
इनसे जुड़ी partnership एक नई economy के...new opportunities के दरवाजे खोल रही हैं: PM @narendramodi
आज हर भारतीय एक बड़े संकल्प के साथ आगे बढ़ रहा है। ये संकल्प, 2047 तक विकसित भारत के निर्माण का है।
— PMO India (@PMOIndia) May 23, 2026
इस लक्ष्य की प्राप्ति के लिए आज देश अलग-अलग sectors में निवेश कर रहा है और इस निवेश से देश के युवाओं के लिए रोजगार के लाखों नए अवसर बन रहे हैं: PM @narendramodi
आज गांवों में भी बदलाव तेजी से दिखाई दे रहा है।
— PMO India (@PMOIndia) May 23, 2026
Connectivity बढ़ने से किसानों, छोटे व्यापारियों, विद्यार्थियों के लिए नए रास्ते खुले हैं: PM @narendramodi
आज भारत का युवा दुनिया के हर क्षेत्र में अपनी पहचान बना रहा है।
— PMO India (@PMOIndia) May 23, 2026
यही spirit, यही ऊर्जा public service में भी दिखाई देनी चाहिए।
विकसित भारत ऐसे ही युवाओं के प्रयास से बनेगा, जो अपने काम को देशसेवा का माध्यम मानते हैं: PM @narendramodi