এই ঐতিহাসিক কাৰ্য্যক্ৰমত উপস্থিত আছে মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰী অমিত শ্বাহ, শ্ৰী হৰদীপ পুৰী জী, কেবিনেটৰ অন্যান্য সদস্য, আইএনএৰ ন্যাসৰক্ষী, এনডিএমএৰ সদস্য, জুৰী সদস্য, এনডিআৰএফৰ সঞ্চালক প্ৰধান, উপকূলৰক্ষী বাহিনী আৰু আইএমডি, দুৰ্য্যোগ ব্যৱস্থাপনা বঁটা বিজয়ী, আন সকলো গণ্যমান্য ব্যক্তি, ভাই-ভনী!
ভাৰত মাতাৰ সাহসী পুত্ৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম জয়ন্তীত মই সমগ্ৰ দেশখনৰ হৈ তেওঁক নমস্কাৰ জনাইছো। এই দিনটো ঐতিহাসিক, এই সময়ছোৱাও ঐতিহাসিক আৰু এই ঠাইখন, য’ত আমি সকলো সমবেত হৈছো, সেয়াও ঐতিহাসিক। ভাৰতৰ গণতন্ত্ৰৰ প্ৰতীক, আমাৰ সংসদ, আমাৰ কাৰ্য্যকলাপ আৰু জনতাৰ প্ৰতি সমৰ্পণৰ প্ৰতীক বহুতো ভৱন আৰু আমাৰ বীৰ শ্বহীদসকলৰ প্ৰতি সমৰ্পিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকো ওচৰতে আছে। এই সকলোবোৰৰ পৰিপ্ৰেক্ষিতত, আজি আমি ইণ্ডিয়া গেটত অমৃত মহোৎসৱ উদযাপন কৰিছো আৰু নেতাজী সুভাষ চন্দ্ৰ বসুক সন্মানজনক শ্ৰদ্ধাঞ্জলি জনাইছো, যিয়ে আমাক এখন মুক্ত আৰু সাৰ্বভৌম ভাৰতৰ আত্মবিশ্বাস প্ৰদান কৰিছিল, যিয়ে ব্ৰিটিছ কৰ্তৃপক্ষক অতিশয় আত্মবিশ্বাস আৰু সাহস সহকাৰে গৌৰৱেৰে কৈছিল- “মই স্বাধীনতাৰ বাবে ভিক্ষা নকৰো, মই ইয়াক প্ৰাপ্ত কৰিম”। ভাৰতৰ মাটিত প্ৰথমখন স্বাধীন চৰকাৰ প্ৰতিষ্ঠা কৰা আমাৰ নেতাজীৰ বিশাল মূৰ্তিটো ইণ্ডিয়া গেটৰ ওচৰত ডিজিটেল ৰূপত স্থাপন কৰা হৈছে। সোনকালেই এই হল’গ্ৰাম মূৰ্তিটো এটা বিশাল গ্ৰেনাইট মূৰ্তিৰদ্বাৰা প্ৰতিস্থাপিত হ’ব। এই মূৰ্তিটো নেতাজী সুভাষ নামৰ মহান নায়কজনৰ প্ৰতি কৃতজ্ঞ ৰাষ্ট্ৰৰ শ্ৰদ্ধাঞ্জলি। নেতাজী সুভাষৰ এই প্ৰতিমূৰ্তিয়ে আমাৰ গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু আমাৰ প্ৰজন্মক ৰাষ্ট্ৰীয় কৰ্তব্যৰ অনুভূতি প্ৰদান কৰিব আৰু বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।
বন্ধুসকল,
যোৱা বৰ্ষৰেপৰা, ৰাষ্ট্ৰখনে নেতাজীৰ জন্ম বাৰ্ষিকীক পৰাক্ৰম দিৱস হিচাপে উদযাপন আৰম্ভ কৰিছে। আজি পৰাক্ৰম দিৱস উপলক্ষে সুভাষ চন্দ্ৰ বসু ‘আপদ প্ৰবন্ধন পুৰস্কাৰ’ (দুৰ্যোগ ব্যৱস্থাপনা বঁটা) প্ৰদান কৰা হৈছে। নেতাজীৰ জীৱনৰপৰা অনুপ্ৰেৰণাৰে এই বঁটাসমূহ প্ৰদানৰ কথা ঘোষণা কৰা হৈছিল। মই ২০১৯ ৰপৰা ২০২২ লৈ সকলো ব্যক্তি আৰু সংগঠনক অভিনন্দন জনাইছো যিসকলক আজি সন্মানিত কৰা হৈছে।
বন্ধুসকল,
আমাৰ দেশত এতিয়ালৈকে দুৰ্য্যোগ ব্যৱস্থাপনাৰ প্ৰতি থকা মনোভাৱৰে এটা প্ৰবাদ ভালদৰে খাপ খায়– পিয়াহ লাগিলেহে কুঁৱা খন্দা। আৰু মই প্ৰতিনিধিত্ব কৰা কাশী অঞ্চলত আন এটা কথা প্ৰচলিতঃ ভোজ ঘড়ি কোহড়া ৰোপে অৰ্থাৎ ভোজৰ সময়ত কোহদা পাচলি খেতি আৰম্ভ কৰা। অৰ্থাৎ, কেৱল দুৰ্যোগৰ সময়তহে প্ৰতিকাৰমূলক ব্যৱস্থাৰ অন্বেষণ কৰা হৈছিল। কেৱল এয়াই নহয়, এক জটিল প্ৰণালী আছিল যাৰ বিষয়ে খুব কম লোকেইহে জানিছিল। বহু বছৰ ধৰি, কৃষি বিভাগটোৱে দুৰ্য্যোগৰে মোকাবিলা কৰিছিল। ইয়াৰ মূল কাৰণ আছিল যে কৃষি মন্ত্ৰালয়ক বানপানী, ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰে মোকাবিলাৰ দায়িত্ব প্ৰদান কৰা হৈছিল। দেশখনত দুৰ্য্যোগ ব্যৱস্থাপনাৰ এই ব্যৱস্থা এনেদৰেই অব্যাহত আছিল। কিন্তু ২০০১ ত গুজৰাটৰ ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰখনে নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হৈছিল। ই দুৰ্য্যোগ ব্যৱস্থাপনাৰ অৰ্থ সলনি কৰিছিল। আমি সকলো বিভাগ আৰু মন্ত্ৰালয়ক সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত কৰিছিলো। সেই সময়ৰ অভিজ্ঞতাৰপৰা শিকি, গুজৰাট ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা আইন ২০০৩ ত প্ৰণয়ন কৰা হৈছিল। দুৰ্য্যোগৰে মোকাবিলা কৰিবলৈ এনে আইন প্ৰণয়ন কৰা গুজৰাট দেশখনৰ প্ৰথমখন ৰাজ্য হৈ পৰিছিল। পিছত, কেন্দ্ৰীয় চৰকাৰখনে গুজৰাটৰ আইনখনৰ অনুসৰণেৰে সমগ্ৰ দেশখনৰ বাবে ২০০৫ ত একে ধৰণৰ দুৰ্য্যোগ ব্যৱস্থাপনা আইন প্ৰণয়ন কৰে। এই আইনৰ পিছতহে ৰাষ্ট্ৰীয় দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ গঠন কৰা হৈছিল। এই আইনে দেশখনক ক’ৰোনাৰ বিৰুদ্ধে যুঁজতো যথেষ্ট সহায় কৰে।
বন্ধুসকল,
২০১৪ ৰপৰা, আমাৰ চৰকাৰে দুৰ্য্যোগ ব্যৱস্থাপনাক কাৰ্য্যকৰীকৰণৰ অৰ্থে ৰাষ্ট্ৰীয় পৰ্য্যায়ত ব্যাপক ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আমি সাহায্য, উদ্ধাৰ, পুনৰ্সংস্থাপনৰ লগতে সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। আমি সমগ্ৰ দেশখনতে এনডিআৰএফক শক্তিশালী, আধুনিকীকৰণ আৰু সম্প্ৰসাৰিত কৰিছো। আমি মহাকাশ প্ৰযুক্তিৰপৰা পৰিকল্পনা আৰু ব্যৱস্থাপনালৈকে সম্ভৱপৰ সৰ্বশ্ৰেষ্ঠ পন্থাৰ অভিযোজনা কৰিছো। আমাৰ এনডিআৰএফ, এছডিআৰএফ আৰু নিৰাপত্তা বাহিনীৰ কৰ্মীসকলে প্ৰতিটো জীৱন ৰক্ষাৰ বাবে তেওঁলোকৰ জীৱন বিসৰ্জন দিছে। সেয়েহে, এনডিআৰএফ বা এছডিআৰএফৰ কৰ্মচাৰী বা আমাৰ নিৰাপত্তা বাহিনী নিৰ্বিশেষে এয়া হৈছে নিজস্ব জীৱন বিপদাপন্ন কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ আৰু অভিবাদন জনোৱাৰ উপলক্ষ।
বন্ধুসকল,
আমি আমাৰ প্ৰণালীসমূহৰ শক্তিশালীকৰণ অব্যাহত ৰখা মাত্ৰেকে দুৰ্য্যোগৰে মোকাবিলাৰ ক্ষমতাও একেলগে বৃদ্ধি হয়। যদি মই ক’ৰোনা কালছোৱাৰ এক বা দুই বছৰৰ কথা কওঁ, এই মহামাৰীৰ মাজতো কেইবাটাও দুৰ্য্যোগ হৈছিল। এফালে, আমি ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দি আছিলো, আনফালে, বহু অঞ্চলত ভূমিকম্প আৰু বানপানী হৈছিল। ঘূৰ্ণীবতাহে উড়িশা আৰু পশ্চিম বংগকে ধৰি পূব উপকূল আৰু গোৱা, মহাৰাষ্ট্ৰ আৰু গুজৰাটকে ধৰি পশ্চিম উপকূলক প্ৰভাৱিত কৰিছিল। পূৰ্বে, ঘূৰ্ণীবতাহত শ-শ লোকৰ মৃত্যু হৈছিল, কিন্তু এইবাৰ হ’বলৈ নাপালে। ৰাষ্ট্ৰখনে প্ৰতিটো প্ৰত্যাহ্বানৰে উত্তৰ এটা নতুন শক্তিৰে প্ৰদান কৰিছিল। ফলস্বৰূপে, আমি এই দুৰ্য্যোগসমূহৰ সময়ত সৰ্বাধিক জীৱন ৰক্ষা কৰিবলৈ সক্ষম হওঁ। আজি মুখ্য আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে ভাৰতত এই সম্ভাৱনা আৰু পৰিৱৰ্তনক প্ৰশংসা কৰিছে। আজি দেশখনত এনে এক আদিৰপৰা অন্তলৈকে (end-to-end) ঘূৰ্ণীবতাহ সঁহাৰি প্ৰণালী আছে য’ত কেন্দ্ৰীয়, ৰাজ্য চৰকাৰ, স্থানীয় প্ৰশাসন আৰু সকলো সংস্থাই একেলগে কাম কৰে। বানপানী, খৰাং আৰু ঘূৰ্ণীবতাহৰ বাবে সতৰ্কবাণী প্ৰণালী উন্নত কৰা হৈছে। ৰাজ্যসমূহৰ সহায়ত বিভিন্ন অঞ্চলৰ বাবে দুৰ্য্যোগৰ বিপদাশংকা বিশ্লেষণ আৰু দুৰ্য্যোগৰ বিপদাশংকাৰ মানচিত্ৰৰ অৰ্থে উন্নত আহিলা যুগুত কৰা হৈছে। ই সকলো ৰাজ্য আৰু অংশীদাৰক লাভান্বিত কৰিছে। আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, দুৰ্য্যোগ ব্যৱস্থাপনা আজি দেশখনত জনসাধাৰণৰ অংশগ্ৰহণ আৰু জনসাধাৰণৰ বিশ্বাসৰ বিষয় হৈ পৰিছে। মোক কোৱা হৈছে যে যুৱকসকল এনডিএমএৰ ‘আপদ মিত্ৰ’ ৰ দৰে আঁচনিৰ অংশ হৈ পৰিছে আৰু দায়িত্ব পালন কৰিছে। অৰ্থাৎ জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি পাইছে। ক’ৰবাত দুৰ্য্যোগ হোৱা মাত্ৰেকে জনসাধাৰণ ভুক্তভোগী হৈ নাথাকি তেওঁলোকে স্বেচ্ছাসেৱক হিচাপে দুৰ্য্যোগটোৰ সন্মুখীন হয়। অৰ্থাৎ, দুৰ্য্যোগ ব্যৱস্থাপনা এতিয়া কেৱল চৰকাৰী দায়িত্ব হৈ থকা নাই, বৰঞ্চ ই ‘সবকা প্ৰয়াস’ ৰ এক আৰ্হি হৈ পৰিছে।
আৰু বন্ধুসকল,
যেতিয়া মই ‘সবকা প্ৰয়াস’ ৰ কথা কওঁ, ইয়াত প্ৰতিটো ক্ষেত্ৰৰ প্ৰচেষ্টা অন্তৰ্ভুক্ত হয়; এক সামগ্ৰিক দৃষ্টিভংগী। দুৰ্য্যোগ ব্যৱস্থাপনাক অগ্ৰাধিকাৰ প্ৰদানৰ সময়তে, আমি আমাৰ শিক্ষা ব্যৱস্থাতো বহু পৰিৱৰ্তন সাধন কৰিছো। চিভিল ইঞ্জিনিয়াৰিং আৰু আৰ্কিটেক্সাৰ পাঠ্যক্ৰমত দুৰ্য্যোগ ব্যৱস্থাপনা আৰু আন্তঃগাঁথনি সম্পৰ্কীয় বিষয়সমূহ সন্নিৱিষ্টকৰণৰ প্ৰচেষ্টা চলি আছে। চৰকাৰখনে বান্ধ বিফলতাৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বান্ধ সুৰক্ষা আইনো প্ৰণয়ন কৰিছে।
বন্ধুসকল,
পৃথিৱীখনৰ কোনো স্থানত দুৰ্য্যোগ হোৱা মাত্ৰেকে বৃহৎ অৰ্থনৈতিক লোকচানৰ উপৰিও কৰুণ মৃত্যু আৰু স্থানান্তৰ সম্পৰ্কে আলোচনা হয়। কিন্তু এটা দুৰ্য্যোগত আন্তঃগাঁথনি হেৰুওৱাটো কল্পনাৰো অগোচৰ। সেইকাৰণে আন্তঃগাঁথনিক দুৰ্য্যোগৰ সন্মুখীন হ’ব পৰাকৈ বিকশিত কৰাটো অতি প্ৰয়োজনীয়। আজি ভাৰতে এই দিশত ক্ষীপ্ৰতাৰে আগবাঢ়িছে। ভূমিকম্প, বানপানী বা ঘূৰ্ণীবতাহৰ উচ্চ আশংকা থকা অঞ্চলসমূহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা ঘৰসমূহে এই উদ্বেগসমূহৰ সমিধান আগবঢ়াইছে। উত্তৰাখণ্ডত অব্যাহত থকা চাৰ ধাম মেগা প্ৰকল্পতো দুৰ্য্যোগ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। উত্তৰ প্ৰদেশত নিৰ্মাণ কৰা নতুন এক্সপ্ৰেছৱেত দুৰ্য্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় নিৰ্দিষ্ট কথাসমূহত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। জৰুৰীকালীন অৱস্থাত বিমান অৱতৰণৰ বাবে এই এক্সপ্ৰেছৱেসমূহ ব্যৱহাৰ কৰিব পৰাকৈয়ো ব্যৱস্থা কৰা হৈছে। এয়া হৈছে নৱ্য ভাৰতৰ দৃষ্টি আৰু চিন্তাধাৰা।
বন্ধুসকল,
দুৰ্য্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে বিশ্বখনক এক বৃহৎ প্ৰতিষ্ঠানৰ ধাৰণাও প্ৰদান কৰিছে। ই হৈছে চিডিআৰআই- দুৰ্য্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট। ভাৰতৰ এই উদ্যোগত ব্ৰিটেইন আমাৰ মুখ্য অংশীদাৰ হৈ পৰিছে আৰু আজি বিশ্বখনৰ ৩৫ খন দেশে ইয়াত যোগদান কৰিছে। আমি বিশ্বখনৰ বিভিন্ন দেশত সৈন্যবাহিনীৰদ্বাৰা বহুতো যৌথ সামৰিক অনুশীলন দেখিছো। এয়া এক পুৰণি পৰম্পৰা আৰু এই সম্পৰ্কে প্ৰায়েই আলোচনা কৰা হয়। কিন্তু ভাৰতে প্ৰথমবাৰৰ বাবে দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত যুটীয়া ড্ৰিলৰ পৰম্পৰা আৰম্ভ কৰিছে। আমাৰ দুৰ্য্যোগ ব্যৱস্থাপনা সংস্থাসমূহে কঠিন সময়ত বহুতো দেশক নিজা সেৱা আগবঢ়াইছে, মানৱতাৰ প্ৰতি তেওঁলোকৰ কৰ্তব্য পালন কৰিছে। নেপালক ভূমিকম্পই বিধ্বস্ত কৰোতে, বন্ধু ৰাষ্ট্ৰ হিচাপে ভাৰতে সেই দুৰ্দশাৰ অংশীদাৰ হোৱাত পলম কৰা নাছিল। আমাৰ এনডিআৰএফৰ জোৱানসকল তৎক্ষণাৎ তাত উপস্থিত হৈছিল। দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰতৰ অভিজ্ঞতা কেৱল আমাৰ বাবেই নহয়, সমগ্ৰ মানৱ জাতিৰ বাবে। আপোনাৰ মনত আছে যে ভাৰতে ২০১৭ ত দক্ষিণ এছিয়া ভূ-স্থিৰ (Geostationary) যোগাযোগ উপগ্ৰহ উৎক্ষেপণ কৰিছিল। আমাৰ দক্ষিণ এছিয়াৰ বন্ধু দেশসমূহে বতৰ আৰু যোগাযোগৰ ক্ষেত্ৰত ইয়াৰ লাভা-লাভ অৰ্জন কৰি আছে।
বন্ধুসকল,
পৰিস্থিতি যিয়েই নহওঁক কিয়, যদি আমাৰ সাহস থাকে, আমি দুৰ্য্যোগক এক সুযোগলৈ পৰিৱৰ্তন কৰিব পাৰো। স্বাধীনতা সংগ্ৰামখনৰ সময়ত নেতাজীয়ে আমাক এই বাৰ্তা প্ৰদান কৰিছিল। নেতাজীয়ে এইদৰে কৈছিলঃ “স্বাধীন ভাৰতৰ সপোনটোক লৈ কেতিয়াও বিশ্বাস হেৰুৱাব নালাগে। বিশ্বখনত এনে কোনো শক্তি নাই যিয়ে ভাৰতক জোকাৰিব পাৰে।” আজি আমাৰ এখন স্বাধীন ভাৰতৰ সপোন পৰিপূৰণৰ এটা লক্ষ্য আছে। ২০৪৭ অৰ্থাৎ স্বাধীনতাৰ শততম বৰ্ষৰ পূৰ্বেই এখনি নৱ্য ভাৰত গঢ়ি তোলাৰ লক্ষ্য আমাৰ সন্মুখত আছে। নেতাজীৰ দেশখনৰ ওপৰত থকা বিশ্বাস, তেওঁৰ থকা অনুভূতিৰ ওপৰত ভিত্তি কৰি মই ক’ব পাৰো যে পৃথিৱীখনত এনে কোনো শক্তি নাই যিয়ে ভাৰতক এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বাধা দিব পাৰে। আমাৰ সফলতা হৈছে আমাৰ সংকল্পৰ প্ৰমাণ। কিন্তু, এই যাত্ৰা এতিয়াও দীঘলীয়া। আমাৰ এতিয়াও বহুতো শিখৰ অতিক্ৰম কৰিবলৈ আছে। ইয়াৰ বাবে, আমি দেশখনৰ ইতিহাস, হাজাৰ-হাজাৰ বছৰৰ যাত্ৰাত ইয়াক গঢ় দিয়া দৃঢ়তা আৰু ত্যাগৰ বিষয়ে অৱগত হোৱাটো প্ৰয়োজনীয়।
ভ্ৰাতৃ আৰু ভগ্নীসকল,
স্বাধীনতাৰ অমৃত মহোৎসৱৰ সংকল্প হৈছে ভাৰতে ইয়াৰ পৰিচয় আৰু অনুপ্ৰেৰণা পুনৰুজ্জীৱিত কৰিব। কিন্তু দুৰ্ভাগ্যজনক এয়ে যে স্বাধীনতাৰ পিছত দেশখনৰ সংস্কৃতি আৰু লোকাচাৰৰ লগতে একাধিক মহান ব্যক্তিত্বৰ অৱদান মচি পেলাবলৈ চেষ্টা কৰা হৈছিল। স্বাধীনতা সংগ্ৰামখনত লাখ-লাখ দেশবাসীৰ তপস্যা জড়িত আছিল, কিন্তু তেওঁলোকৰ ইতিহাসকো সীমিতকৰণৰ চেষ্টা কৰা যায়। কিন্তু আজি, স্বাধীনতাৰ কেইবা দশকৰ পিছত, দেশখনে সেই ভুলবোৰ সংশোধন কৰি আছে। দেশখনে তেওঁলোকৰ মৰ্য্যাদা অনুসৰি বাবাচাহেব আম্বেদকাৰৰে সম্পৰ্কীয় ‘পঞ্চতীৰ্থ’ ৰ বিকাশ সাধন কৰি আছে। আজি ষ্টেচু অৱ ইউনিটি সমগ্ৰ বিশ্বখনতে চৰ্দাৰ বল্লভভাই পেটেলৰ গৌৰৱৰ বাবে তীৰ্থস্থল হৈ পৰিছে। আমি ভগৱান বিৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী ‘জনজাতীয়া গৌৰৱ দিৱস’ হিচাপে উদযাপন কৰিবলৈয়ো আৰম্ভ কৰিছো। জনজাতীয় সমাজখনৰ অৱদান আৰু ইতিহাসৰ ওপৰত আলোকপাতেৰে আদিবাসী (জনজাতীয়) সংগ্ৰহালয়সমূহ ভিন্ন ৰাজ্যত নিৰ্মাণ কৰা হৈছে। আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱনৰে সম্পৰ্কীয় প্ৰতিটো লিগেছীকো দেশখনে সম্পূৰ্ণ গৌৰৱেৰে সজীৱ কৰি ৰাখিছে। নেতাজীয়ে আন্দামানত ত্ৰিৰংগা উত্তোলনৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে আন্দামানৰ এটা দ্বীপ তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। ডিচেম্বৰত, আন্দামানত নেতাজী সুভাষ চন্দ্ৰ বসুলৈ এটি বিশেষ ‘সংকল্প স্মাৰক’ উৎসৰ্গা কৰা হৈছিল। এই স্মাৰকটোৰ জৰিয়তে নেতাজীৰ লগতে স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰতীয় জাতীয় সেনাৰ সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। যোৱা বছৰৰ আজিৰ দিনটোতে মই নেতাজীৰ কলকাতাস্থিত পৈতৃ ঘৰ দৰ্শনৰ সৌভাগ্য লাভ কৰিছিলো। তেওঁ যিদৰে কলকাতাৰ পৰা ওলাই আহিছিল, যিটো কোঠাত তেওঁ পঢ়িছিল, তেওঁৰ ঘৰৰ চিৰি আৰু দেৱালসমূহ দৰ্শনেৰে যি অভিজ্ঞতা লাভ কৰো সেয়া শব্দৰে বৰ্ণনা কৰিব নোৱাৰি।
বন্ধুসকল,
২০১৮ ৰ ২১ অক্টোবৰত আজাদ হিন্দ চৰকাৰে ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ দিনটোও মই পাহৰিব নোৱাৰো। লালকিল্লাত অনুষ্ঠিত এটি বিশেষ অনুষ্ঠানত মই আজাদ হিন্দ ফৌজৰ টুপী পৰিধানেৰে ত্ৰিৰংগা উত্তোলন কৰিছিলো। সেই মুহূৰ্তটো আছিল অভূতপূৰ্ব আৰু পাহৰিব নোৱাৰা। মই আনন্দিত যে আজাদ হিন্দ ফৌজৰে সম্পৰ্কীয় এটি স্মাৰক লালকিল্লাত নিৰ্মাণ কৰা হৈছে। ২০১৯ ৰ ২৬ জানুৱাৰীৰ পেৰেডত মই আজাদ হিন্দ ফৌজৰ প্ৰাক্তন-সৈনিকসকলক দৰ্শনৰ স্মৃতিও মোৰ বাবে অমূল্য। মই আমাৰ চৰকাৰে নেতাজীৰ সৈতে সম্পৰ্কীয় ফাইলসমূহ শ্ৰেণীবদ্ধ (declassify) কৰাৰ সুযোগ পোৱাটোক মোৰ সৌভাগ্য বুলি বিবেচনা কৰো।
বন্ধুসকল,
নেতাজী সুভাষে কিবা এটা কৰিবলৈ বদ্ধপৰিকৰ হোৱা মাত্ৰেকে কোনো শক্তিয়ে তেওঁক বাধা দিব নোৱাৰে। নেতাজী সুভাষৰ ‘কেন ডু, উইল ডু’ উদ্দীপনাৰপৰা অনুপ্ৰেৰণা লভি আমি আগবাঢ়িব লাগিব। তেওঁ জানিছিল আৰু সেয়েহে প্ৰায়েই কৈছিল যে বহু শতাব্দী ধৰি জনতাৰ অন্তৰত সুপ্ত অৱস্থাত থকা ৰাষ্ট্ৰীয়তাবাদে ভাৰতত এক সৃষ্টিশীল শক্তি সঞ্চাৰিত কৰিছে। আমি ৰাষ্ট্ৰীয়তাবাদক জীয়াই ৰাখিব আৰু একেলগে সৃষ্টি কৰিব লাগিব। সমান্তৰালভাৱে, ৰাষ্ট্ৰীয় চেতনাক সজাগ কৰি ৰাখিব লাগিব। মই নিশ্চিত যে আমি একেলগে ভাৰতক নেতাজী সুভাষৰ সপোনৰ ভাৰত হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ’ম। মই আকৌ এবাৰ আপোনালোক আটাইকে পৰাক্ৰম দিৱসৰ শুভেচ্ছা জনাইছো। আজি মই অতি কম সময়ৰ ভিতৰতে পদাংক খোদিত কৰা এনডিআৰএফ আৰু এছডিআৰএফৰ জোৱানসকলক বিশেষভাৱে অভিনন্দন জনাইছো। আজি, যিকোনো স্থানতেই দুৰ্য্যোগ বা ঘূৰ্ণীবতাহৰ দৰে দুৰ্য্যোগৰ সম্ভাৱনা লাভ কৰা মাত্ৰেকে সাধাৰণ জনতাই এনডিআৰএফৰ জোৱানসকলক ইউনিফৰ্মত দেখিলে সহায়ৰ আশ্বাস প্ৰদান কৰে। এইটো এনেকুৱা যেতিয়া তেওঁলোকে যিকোনো দুৰ্য্যোগত উদ্ধাৰৰ বাবে সেনা জোৱানসকলক অহা দেখিছিল। একেদৰে, এনডিআৰএফ আৰু এছডিআৰএফৰ সৈনিকসকলে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিছে। পৰাক্ৰম দিৱসত নেতাজীক স্মৰণ কৰি মই এনডিআৰএফ আৰু এছডিআৰএফৰ জোৱানসকলক সহানুভূতি আৰু সংবেদনশীলতাৰে কাম কৰাৰ বাবে অভিবাদন আৰু অভিনন্দন জনাইছো। মই জানো, দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কাম কৰা বহুলোকেও নিজৰ জীৱন উৎসর্গা কৰিছে। আজি মই আনৰ জীৱন ৰক্ষাৰ বাবে নিজৰ জীৱন বিপদাপন্ন কৰা জোৱানসকলকো শ্ৰদ্ধাঞ্জলি জনাইছো। এনে সকলো লোকৰ প্ৰতি সন্মানসহকাৰে নমস্কাৰেৰে, মই আপোনালোক সকলোকে পৰাক্ৰম দিৱসৰ শুভেচ্ছা জনাই মোৰ ভাষণৰ সামৰণি মাৰিলো। বহু-বহু ধন্যবাদ!
***
DS/VK/AK/SB
भारत मां के वीर सपूत, नेताजी सुभाष चंद्र बोस की 125वीं जन्मजयंती पर पूरे देश की तरफ से कोटि-कोटि नमन: PM @narendramodi
— PMO India (@PMOIndia) January 23, 2022
जिन्होंने भारत की धरती पर पहली आज़ाद सरकार को स्थापित किया था, हमारे उन नेताजी की भव्य प्रतिमा आज डिजिटल स्वरूप में इंडिया गेट के समीप स्थापित हो रही है।
— PMO India (@PMOIndia) January 23, 2022
जल्द ही इस होलोग्राम प्रतिमा के स्थान पर ग्रेनाइट की विशाल प्रतिमा भी लगेगी: PM @narendramodi
हमारे देश में वर्षों तक आपदा का विषय एग्रीकल्चर डिपार्टमेंट के पास रहा था।
— PMO India (@PMOIndia) January 23, 2022
इसका मूल कारण ये था कि बाढ़, अतिवृष्टि, ओले गिरना, इनसे बनी स्थितियों से निपटने का जिम्मा कृषि मंत्रालय के पास था।
देश में आपदा प्रबंधन ऐसे ही चल रहा था: PM @narendramodi
लेकिन 2001 में गुजरात में भूकंप आने के बाद जो कुछ हुआ, उसने आपदा प्रबंधन के मायने बदल दिए।
— PMO India (@PMOIndia) January 23, 2022
हमने तमाम विभागों और मंत्रालयों को राहत और बचाव के काम में झोंक दिया।
उस समय के जो अनुभव थे, उनसे सीखते हुए ही 2003 में Gujarat State Disaster Management Act बनाया गया: PM @narendramodi
हमने Relief, Rescue और Rehabilitation पर जोर देने के साथ ही Reform पर भी बल दिया है।
— PMO India (@PMOIndia) January 23, 2022
हमने NDRF को मजबूत किया, उसका आधुनिकीकरण किया, देश भर में उसका विस्तार किया।
स्पेस टेक्नालजी से लेकर प्लानिंग और मैनेजमेंट तक, best possible practices को अपनाया गया: PM @narendramodi
दुनिया के अलग-अलग देशों के बीच में, सेनाओं के बीच में हमने Joint Military Exercise बहुत देखी है।
— PMO India (@PMOIndia) January 23, 2022
लेकिन भारत ने पहली बार डिजास्टर मैनेजमेंट के लिए Joint ड्रिल की परंपरा शुरू की है: PM @narendramodi
नेताजी कहते थे- "कभी भी स्वतंत्र भारत के सपने का विश्वास मत खोना, दुनिया की कोई ताकत नहीं है जो भारत को झकझोर सके।"
— PMO India (@PMOIndia) January 23, 2022
आज हमारे सामने आज़ाद भारत के सपनों को पूरा करने का लक्ष्य है।
हमारे सामने आज़ादी के सौंवे साल से पहले नए भारत के निर्माण का लक्ष्य है: PM @narendramodi
आज़ादी के अमृत महोत्सव का संकल्प है कि भारत अपनी पहचान और प्रेरणाओं को पुनर्जीवित करेगा।
— PMO India (@PMOIndia) January 23, 2022
ये दुर्भाग्य रहा कि आजादी के बाद देश की संस्कृति और संस्कारों के साथ ही अनेक महान व्यक्तित्वों के योगदान को मिटाने का काम किया गया: PM @narendramodi
ये मेरा सौभाग्य है कि पिछले वर्ष, आज के ही दिन मुझे कोलकाता में नेताजी के पैतृक आवास भी जाने का अवसर मिला था।
— PMO India (@PMOIndia) January 23, 2022
जिस कार से वो कोलकाता से निकले थे, जिस कमरे में बैठकर वो पढ़ते थे, उनके घर की सीढ़ियां, उनके घर की दीवारें, उनके दर्शन करना, वो अनुभव, शब्दों से परे है: PM @narendramodi
मैं 21 अक्टूबर 2018 का वो दिन भी नहीं भूल सकता जब आजाद हिंद सरकार के 75 वर्ष हुए थे।
— PMO India (@PMOIndia) January 23, 2022
लाल किले में हुए विशेष समारोह में मैंने आजाद हिंद फौज की कैप पहनकर तिरंगा फहराया था।
वो पल अद्भुत है, अविस्मरणीय है: PM @narendramodi
नेताजी सुभाष कुछ ठान लेते थे तो फिर उन्हें कोई ताकत रोक नहीं पाती थी।
— PMO India (@PMOIndia) January 23, 2022
हमें नेताजी सुभाष की ‘Can Do, Will Do’ स्पिरिट से प्रेरणा लेते हुए आगे बढ़ना है: PM @narendramodi
At the programme to mark the unveiling of the hologram statue of Netaji Bose. https://t.co/OxRPKqf1Q7
— Narendra Modi (@narendramodi) January 23, 2022
A historic day,
— Narendra Modi (@narendramodi) January 23, 2022
A historic programme,
At a historic location…
The statue of Netaji Subhas Chandra Bose is a fitting tribute to his indelible contribution to our nation. pic.twitter.com/Azb4LF0o2E
Some unforgettable tributes to Netaji Subhas Chandra Bose. pic.twitter.com/AX7dxGswGk
— Narendra Modi (@narendramodi) January 23, 2022
Did you know that matters relating to disasters and disaster management earlier came under the agriculture department…
— Narendra Modi (@narendramodi) January 23, 2022
Much has changed in the last two decades and it is good to see this subject come to the mainstream of policymaking. pic.twitter.com/RzN0QPXyUU
We are making a sincere effort to ensure each and every contributor to India’s freedom struggle gets his or her due place in our history. pic.twitter.com/Zr8dV4A6vr
— Narendra Modi (@narendramodi) January 23, 2022