Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাটৰ বনাসকান্ঠাত ১৪,০০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

গুজৰাটৰ  বনাসকান্ঠাত ১৪,০০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিলে  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ  বনাসকান্ঠাত ১৪,০০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, কেইবাটাও প্ৰকল্প উদ্বোধন কৰে আৰু আন কিছুমান প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে।

প্ৰধানমন্ত্ৰীয়ে পৱিত্ৰ নৱৰাত্ৰি উৎসৱৰ পাছত মা অম্বাৰ পৱিত্ৰ ভূমিত ভাষণ প্ৰদান কৰাৰ লগতে  মহিলা, শিশু, কৃষক আৰু পশুপালকসকলৰ বাবে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ শুভাৰম্ভ কৰে। লগতে দেশৰ কোটি কোটি ক্ষুদ্ৰ কৃষকক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ নতুন কিস্তিৰ ধন প্ৰদান কৰে।কৃষক আৰু অন্নদাতাসকলক এখন বিকশিত ভাৰতৰ অন্যতম শক্তিশালী স্তম্ভ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে সদায় কৃষকসকলৰ কল্যাণ আৰু সবলীকৰণৰ বিষয়ত অগ্ৰাধিকাৰ দি আহিছে। ২০১৩-১৪ বিত্তীয় বৰ্ষৰ তুলনাত দেশৰ কৃষি বাজেট পাঁচগুণতকৈও অধিক বৃদ্ধি কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি ক্ষুদ্ৰ কৃষকসকলৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। এই আঁচনিৰ অধীনত গুজৰাটৰ ৫০ লাখতকৈও অধিক কৃষকৰ বেংক একাউণ্টত ১,০০০ কোটি টকাৰো অধিক ধন জমা কৰা হৈছে। ইয়াৰ ভিতৰত বনাসকান্ঠাৰ কেইবালাখো কৃষক পৰিয়ালৰ একাউণ্টত প্ৰায় ৫০ কোটি টকা জমা হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি দেশৰ প্ৰায় ১০ কোটি কৃষকৰ বেংক একাউণ্টলৈ ১৮,০০০ কোটি টকাৰো অধিক ধন প্ৰেৰণ কৰা হৈছে।”যোৱা কেইবছৰমানৰ চৰকাৰী নীতি আৰু পদক্ষেপৰ ফলত কৃষকসকলে ৫০ লাখ কোটি টকাৰো অধিক ধন লাভ কৰি  লাভাৱান্বিত হৈছে অথবা এই পৰিমাণৰ ধন ৰাহি কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাঁচটা গুৰুত্বপূৰ্ণ উদাহৰণ দাঙি ধৰে।

প্ৰথমতে, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ক্ষুদ্ৰ কৃষকসকলৰ বেংক একাউণ্টলৈ প্ৰায় ৪.৫ লাখ কোটি টকা পোনপটীয়াকৈ হস্তান্তৰ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ মুঠ কৃষকৰ ৮৫ শতাংশতকৈও অধিক ক্ষুদ্ৰ কৃষক। এই কৃষকসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে তেওঁলোকক সহায় আগবঢ়াই আহিছে।

আন্তঃৰাষ্ট্ৰীয় অনিশ্চয়তাৰ মাজতে যোৱা কেইবছৰমানত বিশ্বজুৰি সাৰৰ মূল্য যথেষ্ট বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষককেন্দ্ৰিক চৰকাৰে এই মূল্যবৃদ্ধিৰ বোজাৰ পৰা কৃষকসকলক সুৰক্ষা প্ৰদান কৰিছে। “ইয়াৰ বাবে চৰকাৰে প্ৰায় ১৬ লাখ কোটি টকা ব্যয় কৰিছে”, শ্ৰী মোদীয়ে  কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ন্যূনতম সমৰ্থন মূল্য (এমএছপি) সম্পৰ্কীয় প্ৰতিশ্ৰুতিও পূৰণ কৰিছে। তেওঁ উল্লেখ কৰে যে যোৱা ১২ বছৰত ঘেঁহু আৰু ধানৰ খেতিয়কসকলে ন্যূনতম সমৰ্থন মূল্যৰ জৰিয়তে ২৪ লাখ কোটি টকাৰো অধিক ধন লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে কৃষকসকলক প্ৰদান কৰা সুৰক্ষাৰ বিষয়েও আলোকপাত কৰে। তেওঁ কয় যে যোৱা ১০ৰ পৰা ১২ বছৰত শস্য বীমা ক্ষতিপূৰণ হিচাপে কৃষকসকলক ২ লাখ কোটি টকাৰো অধিক ধন প্ৰদান কৰা হৈছে।

ইয়াৰ লগতে প্ৰধানমন্ত্ৰী কিষাণ উৰ্জা সুৰক্ষা তথা উত্থান মহাভিযান (প্ৰধানমন্ত্ৰী কুসুম) আঁচনিৰ জৰিয়তে জলসিঞ্চনৰ ব্যয় হ্ৰাস কৰাৰ বাবেও নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। এই আঁচনিৰ অধীনত প্ৰায় ১২ লাখ সৌৰ পাম্প বিতৰণ কৰাৰ ফলত অতিৰিক্ত বিদ্যুৎ উৎপাদন হৈছে আৰু লাখ লাখ কৃষকে ৮০ কোটি লিটাৰতকৈও অধিক ডিজেল ক্ৰয়ত ব্যয় কৰিবলগীয়া ধন  ৰাহি কৰিবলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই পাঁচখন গুৰুত্বপূৰ্ণ আঁচনি আৰু সিদ্ধান্তৰ জৰিয়তে কৃষকসকলৰ মুঠ লাভ আৰু ৰাহিৰ পৰিমাণ ৫০ লাখ কোটি টকাৰো অধিক হৈছে। “এই ৫০ লাখ কোটি টকাই দেশৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লগতে ভাৰতৰ কৃষিক্ষেত্ৰৰ সামৰ্থ্যও বৃদ্ধি কৰিছে”, তেওঁ কয়।

কৃষি কেৱল এক জীৱিকা নহয়, বৰঞ্চ ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে যোৱা ১২ বছৰত চৰকাৰে কৃষি আৰু পশুপালন খণ্ডত বিজ্ঞান তথা প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই প্ৰসংগতে  মাটিৰ স্বাস্থ্য কাৰ্ড আঁচনিৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বতে কৃষকসকলে নিজৰ পথাৰত কিমান পৰিমাণৰ আৰু কেনেধৰণৰ সাৰ প্ৰয়োগ কৰিব লাগে, সেই বিষয়ে সঠিকভাৱে জনাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল। মাটিৰ স্বাস্থ্য কাৰ্ডে সেই সমস্যা দূৰ কৰি কৃষিকাৰ্যক অধিক আধুনিক কৰি তুলিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমান দেশৰ কৃষকসকলৰ হাতত ২৬ কোটিৰো অধিক মাটিৰ স্বাস্থ্য কাৰ্ড আছে। বতৰৰ পৰিৱৰ্তিত ধৰণে কৃষকসকলৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলক জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিব পৰা নতুন প্ৰজাতিৰ বীজ যোগান ধৰিবলৈ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে, “শেহতীয়া বছৰবোৰত কৃষকসকলৰ বাবে প্ৰায় তিনি হাজাৰ নতুন প্ৰজাতিৰ বীজ উপলব্ধ কৰোৱা হৈছে।”

গ্ৰাম্য অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংগ পশুপালন খণ্ডত গ্ৰামাঞ্চলৰ মহিলাসকলৰ ব্যাপক অংশগ্ৰহণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা এটা দশকত দুগ্ধ উৎপাদন আৰু পশুপালন খণ্ডত বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

তেওঁ লগতে এইবুলি ব্যাখ্যা কৰে যে উন্নত জাতৰ পশুধনে গাখীৰৰ উৎপাদন বৃদ্ধি কৰে। আনহাতে, সময়মতে প্ৰতিষেধক প্ৰদান তথা চিকিৎসাৰ ব্যৱস্থা কৰিলে পশুধনৰ ৰোগৰ ফলত হোৱা লোকচান হ্ৰাস কৰিব পাৰি।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “ পশুধন সুস্থ হ’লে মোৰ পশুপালক ভাই-ভনীসকলৰ উপাৰ্জনো বৃদ্ধি পাব।”

থলুৱা পশুধনৰ সংৰক্ষণ তথা  বৈজ্ঞানিক প্ৰজনন ব্যৱস্থাৰ প্ৰসাৰত ৰাষ্ট্ৰীয় গোকুল অভিযানৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বনাসকাণ্ঠাত নিৰ্মাণ কৰা নতুন গৱেষণা কেন্দ্ৰটোৱে এই অভিযানক অধিক শক্তিশালী কৰিব। এই কেন্দ্ৰৰ জৰিয়তে গীৰ, সাহিৱাল আৰু কাংক্ৰেজৰ দৰে থলুৱা গৰুৰ জাতৰ লগতে মেহছানা, মুৰ্ৰা আৰু জাফৰাবাদী ম’হৰ জাতৰ সংৰক্ষণ তথা  গুণগত মান উন্নত কৰাৰ ব্যৱস্থা কৰা হ’ব। কাংক্ৰেজ জাতৰ বাবে দেশৰ ভিতৰত এইটোৱেই হৈছে এনে  প্ৰথম গৱেষণা কেন্দ্ৰ।

প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো কৃষকে যদি অধিক গাখীৰ দিয়া, কম যত্নৰ প্ৰয়োজন হোৱা আৰু সুস্থ গৰুৰ উন্নত বৈশিষ্ট্য পৰৱৰ্তী প্ৰজন্মলৈ কঢ়িয়াই নিব বিচাৰে, তেন্তে আইভিএফৰ দৰে আধুনিক প্ৰযুক্তিয়ে সেই উন্নত বৈশিষ্ট্যসমূহ পৰৱৰ্তী প্ৰজন্মলৈ স্থানান্তৰিত কৰাত সহায় কৰিব।“ইয়াৰ প্ৰত্যক্ষ লাভ পশুপালকসকলে লাভ কৰিব”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

খুৰা আৰু মুখৰ ৰোগৰ দৰে ৰোগৰ  পৰা পশুধনক সুৰক্ষা প্ৰদান কৰাটো চৰকাৰৰ অন্যতম প্ৰধান অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে ৰোগে পশুধনৰ স্বাস্থ্যৰ লগতে গাখীৰ উৎপাদনতো প্ৰভাৱ পেলায়।

এই সমস্যাৰ মোকাবিলা কৰিবলৈ দেশজুৰি বিনামূলীয়া প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়ালৈকে প্ৰায় ১৫০ কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে আৰু ৮ কোটিতকৈও অধিক কৃষকৰ পশুধনক বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰা হৈছে। শ্ৰী মোদীয়ে কয়, “ইয়াৰ ফলত পশুপালকসকলৰ ওপৰত পৰা আৰ্থিক বোজাও হ্ৰাস পাইছে।”

এই পদক্ষেপসমূহৰ ফলত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত হোৱা দৃশ্যমান পৰিৱৰ্তনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৩-১৪ চনত প্ৰতিটো গৰু বা ম’হৰ দৈনিক গাখীৰ উৎপাদনৰ গড় পৰিমাণ পাঁচ লিটাৰতকৈও কম আছিল। বৰ্তমান এই পৰিমাণ প্ৰায় আঠ লিটাৰলৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত গাখীৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ সক্ষম হোৱা  দেশত পৰিণত হৈছে ।  ইয়াৰ দ্বাৰা গ্ৰামাঞ্চলৰ কৃষক পৰিয়ালসমূহ বিশেষভাৱে লাভাৱান্বিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় , “গাখীৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে প্ৰথম স্থানত আছে।”

গাখীৰৰ লগতে গোবৰ বিক্ৰী কৰিও যাতে পশুপালকসকলে উপাৰ্জন কৰিব পাৰে, তাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গোবৰ আৰু কৃষিজাত অৱশিষ্টৰ পৰা জৈৱ গেছ, জৈৱ-চিএনজি আৰু জৈৱিক সাৰ উৎপাদনৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে।

এই ক্ষেত্ৰত বনাস ডেইৰীৰ দৰে প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ সহযোগিতা আগবঢ়াইছে। আজি দুটা জৈৱ-চিএনজি প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ জৰিয়তে এই দিশত আন এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে এই পদক্ষেপৰ মূল লক্ষ্য হৈছে পশুধনৰ স্বাস্থ্য সুৰক্ষিত ৰখা, গাখীৰৰ উৎপাদন বৃদ্ধি কৰা আৰু গোবৰৰ সম্পূৰ্ণ ব্যৱহাৰ নিশ্চিত কৰা।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “আমি পশুপালনক কেৱল পৰম্পৰাতে সীমাবদ্ধ নাৰাখি কৃষকৰ উপাৰ্জন বৃদ্ধি তথা গাঁওসমূহক সমৃদ্ধিশালী কৰাৰ এক শক্তিশালী মাধ্যম হিচাপে গঢ়ি তুলিছোঁ।”

গ্ৰামাঞ্চলৰ সামগ্ৰিক সমৃদ্ধি নিশ্চিত কৰাৰ বাবে চৰকাৰে যোৱা কেইবছৰমানত এক সামগ্ৰিক দৃষ্টিভংগীৰে কাম কৰি আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মীনপালন খণ্ডৰ ব্যাপক সম্প্ৰসাৰণ আৰু এই খণ্ডত সমবায় ব্যৱস্থাৰ প্ৰসাৰৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আপোনালোকে জানি আনন্দিত হ’ব যে ভাৰতৰ সামুদ্ৰিক খাদ্য সামগ্ৰীৰ ৰপ্তানি পূৰ্বৰ তুলনাত দুগুণতকৈও অধিক বৃদ্ধি পাইছে।” কৃষকসকলৰ অতিৰিক্ত উপাৰ্জনৰ আন এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে মৌ পালনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ১২ বছৰত দেশত মৌ উৎপাদন দুগুণ বৃদ্ধি পাইছে। এই ‘মধু বিপ্লৱ’ক আগুৱাই নিয়াৰ ক্ষেত্ৰত মহিলাৰ আত্মসহায়ক গোটসমূহৰ বৰ্ধিত অৱদানৰো তেওঁ প্ৰশংসা কৰে।শ্ৰী মোদীয়ে কয়, “আপোনালোকে গৌৰৱ অনুভৱ কৰিব যে আমাৰ দেশ প্ৰাকৃতিক মৌ ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ৰপ্তানিকাৰী দেশত পৰিণত হৈছে।”

২০০১ চনৰ ৭ অক্টোবৰত প্ৰথমবাৰৰ বাবে শপত গ্ৰহণ কৰি চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ৭ অক্টোবৰত তেওঁ এই দীৰ্ঘ যাত্ৰাৰ এক বিশেষ মাইলৰ খুঁটি অতিক্ৰম কৰিছে।

তেওঁ কয় যে সেই সময়ত চৰকাৰী কাৰ্যালয় বা চৰকাৰী নথি-পত্ৰৰ বিষয়ে তেওঁৰ বিশেষ জ্ঞান নাছিল। তথাপি প্ৰতিগৰাকী গুজৰাটীৰ পৰা তেওঁ লাভ কৰা অপৰিসীম মৰম, আশীৰ্বাদ আৰু পথ-প্ৰদৰ্শনে তেওঁক আগুৱাই যোৱাত সহায় কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে এটা দৰিদ্ৰ পৰিয়ালৰ পৰা অহা এনে এজন ব্যক্তিক, যাৰ পূৰ্বপুৰুষসকলেও কেতিয়াও গাঁও পঞ্চায়তৰ সভাপতি হোৱাৰ সপোন দেখা নাছিল, প্ৰথমে গুজৰাট আৰু তাৰ পাছত সমগ্ৰ দেশৰ সেৱাৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে তেওঁ ৰাইজৰ ওচৰত কৃতজ্ঞ।প্ৰধানমন্ত্ৰী মোদীয়ে কয় , “ মৰম দিয়াৰ লগতে প্ৰতিগৰাকী গুজৰাটীয়ে মোক শিকাইছে তথা সঠিক পথত আগবাঢ়িবলৈ পথ দেখুৱাইছে।”

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰৰ সেৱাৰ বাবে জনসেৱা আৰু গুজৰাটৰ উন্নয়নৰ জৰিয়তে দেশৰ বিকাশ সাধন—এই দুটা মূলমন্ত্ৰৰ বাহিৰে আন সকলো কথা তেওঁ ৰাইজৰ পৰাই শিকিছিল। দেশৰ বাবে তেওঁ যিখিনি অৰ্জন কৰিবলৈ সক্ষম হৈছে, তাৰ সকলো কৃতিত্ব তেওঁ দেশবাসীক দিয়ে।

শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “ইয়াৰ বাবে মই আজীৱন আপোনালোকৰ ওচৰত ঋণী হৈ থাকিম আৰু জীৱনৰ অন্তিম মুহূৰ্তলৈকে আপোনালোকৰ সেৱাত ব্ৰতী হৈ থাকিম।”

প্ৰায় ২৫ বছৰ পূৰ্বে অঞ্চলটোত দেখা দিয়া তীব্ৰ  জল সংকট তথা বিদ্যুতৰ নাটনিৰ কথা জ্যেষ্ঠ নাগৰিকসকলক স্মৰণ কৰাই প্ৰধানমন্ত্ৰীয়ে কয় যে সেই সময়ত পানী আৰু বিদ্যুৎ সঞ্চয় কৰিবলৈ তেওঁ জনসাধাৰণক আহ্বান জনাইছিল। ৰাইজে তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই দুয়োটা সম্পদৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ ফলত পৰিস্থিতিৰ আমূল পৰিৱৰ্তন ঘটিল আৰু সেই সময়ৰ সমস্যাবোৰ এতিয়া কেৱল স্মৃতি হৈ ৰৈছে।প্ৰধানমন্ত্ৰী মোদীয়েকয়, “আজি মই আপোনালোকক পুনৰ একেটা কথাই ক’ব বিচাৰিছোঁ—আমি পানী ৰাহি কৰিব লাগিব, বিদ্যুৎ ৰাহি কৰিব লাগিব।”

নৰ্মদাৰ পানী আৰু  গভীৰ জলসিঞ্চনৰ দৰে আধুনিক প্ৰযুক্তিয়ে বনাসকাণ্ঠাৰ কৃষিক্ষেত্ৰত কেনেদৰে পৰিৱৰ্তন আনিছে, সেই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত অঞ্চলটোৰ আলু বিশ্ববিখ্যাত হৈ পৰিছে। আনহাতে, বনাস ডেইৰীয়ে সমবায় আন্দোলন কাশীকে ধৰি দেশৰ অন্যান্য অঞ্চললৈ সম্প্ৰসাৰিত কৰিছে। তেওঁ লগতে কয় যে ফ্ৰেঞ্চ ফ্ৰাই প্ৰস্তুত কৰা আলু উদ্যোগৰ উৎপাদন ক্ষমতাও বৃদ্ধি কৰা হৈছে, যাতে অধিক পৰিমাণৰ আলু ক্ৰয় কৰিব পৰা যায়। শ্ৰী মোদীয়ে কয়, “এয়া আলু খেতিয়কসকলৰ বাবে এক অতি ডাঙৰ সুবিধা।” ফল-মূল আৰু শাক-পাচলি খেতিয়কসকলৰ বাবে চলি থকা থূপভিত্তিক উন্নয়ন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিলাহী, আলু, জলকীয়া, আঙুৰ, কল, পিয়াঁজ, কমলা, ডালিম আৰু ক’ক’ৰ খেতিৰ বাবে ১২টা থূপত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ অধীনত কৃষকসকলক নতুন ফলৰ বাগিচা স্থাপন আৰু পুৰণি বাগিচাসমূহৰ পুনৰুজ্জীৱনৰ বাবে ৰাজসাহায্য প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “উত্তৰ গুজৰাটত লাভ কৰা দুটা থূপে বনাসকাণ্ঠা আৰু সবৰকাণ্ঠাৰ আলু খেতিয়কসকলক যথেষ্ট উপকৃত কৰিব।”গুজৰাটৰ উন্নয়নৰ বাবে আজি উদ্বোধন কৰা আৰু আৰম্ভ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দুখন নতুন ৰে’ল সেৱাৰ শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰে। এই সেৱা হৈছে আহমেদাবাদ-বেনাৰস সাবৰমতী এক্সপ্ৰেছ আৰু মেহছানা-বেচৰাজী-সাবৰমতী মেমু ৰে’ল। ইয়াৰ উপৰি আহমেদাবাদ মেট্ৰ’ ৰে’ল সেৱাৰ সম্প্ৰসাৰণৰ বাবে গিফ্ট চিটি তথা  বিমানবন্দৰৰ সৈতে সংযোগ স্থাপন কৰিবলগীয়া মেট্ৰ’ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছে। শ্ৰী মোদীয়ে কয়, “আহমেদাবাদ-মেহছানা ঘাইপথটো বৰ্তমানৰ চাৰিলেনযুক্ত পথৰ পৰা আঠলেনযুক্ত পথলৈ উন্নীত কৰা হ’ব।”

ৰাজ্যখনৰ শিশুসকলৰ বাবে আজি আৰম্ভ কৰা নতুন সামাজিক কল্যাণমূলক আন্তঃগাঁথনিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটত ৪,০০০ৰো অধিক আধুনিক অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ইয়াৰ ফলত প্ৰায় ৪ লাখ শিশু আৰু গৰ্ভৱতী মাতৃ উপকৃত হ’ব।”

প্ৰধানমন্ত্ৰীয়ে কয় যে এনে প্ৰতিটো উন্নয়নমূলক প্ৰচেষ্টাৰ মূল লক্ষ্য হৈছে এখন বিকশিত ভাৰত গঢ়ি তোলা। প্ৰতিগৰাকী কৃষক, যুৱক-যুৱতী, ভগ্নী আৰু কন্যাই বিকশিত ভাৰতৰ সংকল্পৰে আগবাঢ়ি যোৱাৰ সময়তে দেশৰ উন্নয়নৰ এই যাত্ৰা অব্যাহত আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছুমান লোকে দেশৰ এই অগ্ৰগতি সহ্য কৰিব  পৰা নাই আৰু তেওঁলোকে কেৱল দেশখনক সংকটৰ মাজত নিমজ্জিত হৈ থকা দেখিবলৈ বিচাৰে বুলি তেওঁ মন্তব্য কৰে। শ্ৰী মোদীয়ে কয়, “দেশৰ ওপৰত সংকট আহিলে তেওঁলোকে আনন্দ অনুভৱ কৰে।”

ইৰাণ আৰু উপসাগৰীয় দেশসমূহত চলি থকা যুদ্ধৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলৈ ভাৰত ঐক্যবদ্ধ হৈছিল। কিন্তু কিছুমান লোকে সাৰৰ নাটনি হ’ব বুলি কৃষকসকলৰ মাজত আৰু ৰন্ধন গেছৰ যোগান ব্যাহত হ’ব বুলি মহিলাসকলৰ মাজত উৰাবাতৰি বিয়পাই আতংকৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ কয় যে এই লোকসকলৰ উদ্দেশ্য আছিল দেশত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি তেওঁক বদনাম কৰা। প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে, “ভাৰতে যেতিয়া ঐক্যবদ্ধভাৱে এই পৰিস্থিতিৰ মোকাবিলা কৰি আছিল, তেতিয়া এই লোকসকলে উৰাবাতৰি বিয়পাই আছিল।” কৃষকসকলক দিয়া নিজৰ প্ৰতিশ্ৰুতিৰ কথা স্মৰণ কৰি  প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সদায় কৃষকসকলৰ কাষত দৃঢ়তাৰে থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। চলি থকা যুদ্ধৰ মাজতো চৰকাৰে কৃষিকাৰ্যৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ কোনো নাটনি হ’বলৈ দিয়া নাই বুলিও তেওঁ উল্লেখ কৰে।যুদ্ধৰ ফলত বিশ্বজুৰি সাৰ আৰু ৰাসায়নিক কেঁচামালৰ মূল্য আকাশলংঘী হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ভাৰতীয় কৃষকসকলক এই মূল্যবৃদ্ধিৰ বোজাৰ পৰা ৰক্ষা কৰিছে।

তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৩,০০০ টকাতকৈও অধিক মূল্যৰ ইউৰিয়া সাৰৰ বস্তা ভাৰতত ৩০০ টকাতকৈও কম মূল্যত কৃষকসকলক যোগান ধৰা হৈছে। একেদৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৫,০০০ টকাতকৈ অধিক মূল্যৰ ডিএপি সাৰৰ বস্তা ভাৰতত মাত্ৰ ১,৩৫০ টকাতে উপলব্ধ কৰোৱা হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “আমাৰ কৃষকসকলক সবল কৰি তুলিবলৈ আৰু তেওঁলোকৰ জীৱন অধিক উন্নত কৰিবলৈ দেশখনে এই সহায় আগবঢ়াইছে।”বিশ্বৰ অনিশ্চিত পৰিস্থিতিৰ মাজত ভাৰতৰ দ্ৰুত উন্নয়নে নতুন আশাৰ সঞ্চাৰ ঘটাইছে  বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই যাত্ৰা অব্যাহত ৰাখিবলৈ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ আদৰ্শৰে নিৰন্তৰ আগবাঢ়ি যোৱাটো প্ৰয়োজনীয়।তেওঁ কয় যে ৩১ অক্টোবৰৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষ্যে সমগ্ৰ দেশতে একতাৰ প্ৰেৰণাৰে ‘একতাৰ দৌৰ’ৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে  কয়, “মই দেশৰ সকলো নাগৰিকক, বিশেষকৈ মোৰ যুৱ বন্ধুসকলক কাইলৈ পুৱা অনুষ্ঠিত হ’বলগীয়া একতাৰ দৌৰত উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।”

৩১ অক্টোবৰত একতা নগৰত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক একতা মহোৎসৱৰ সময়সূচীৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে কাইলৈ সন্ধিয়া ৫.৩০ বজাত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই উৎসৱ উদযাপন কৰা হ’ব।এই অনুষ্ঠানত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ কুচকাৱাজৰ লগতে বিভিন্ন প্ৰতীকপট প্ৰদৰ্শন কৰা হ’ব।

কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু কচ্ছৰ পৰা কামাখ্যালৈকে দেশৰ সকলো নাগৰিককে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে চৰ্দাৰ পেটেলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ সংকল্প পুনৰ দৃঢ় কৰাৰ এয়া এক বিশেষ সুযোগ।শেষত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এই আহ্বানৰ সৈতে উন্নয়নমূলক কাম-কাজৰ বাবে আপোনালোক সকলোলৈ পুনৰবাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।”

 

****

MJPS/SS/PRK/DM