Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্রধানমন্ত্রীয়ে জাৰ্মানীৰ মিউনিখত ভাৰতীয় সমুদায়ৰ সৈতে বাৰ্তালাপ কৰ

প্রধানমন্ত্রীয়ে জাৰ্মানীৰ মিউনিখত ভাৰতীয় সমুদায়ৰ সৈতে বাৰ্তালাপ কৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিউনিখত থকা অডি ড’মত জাৰ্মানীত বাস কৰা ভাৰতীয় সমুদায়ক সম্বোধন কৰে আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে। জাৰ্মানীৰ অত্যন্ত সক্ৰিয় তথা তৎপৰ ভাৰতীয় সমুদায়ৰ কেইবাহাজাৰ সদস্যই এই কাৰ্যক্ৰমত ভাগ লয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিকাশ গাঁথাৰ ওপৰত আলোকপাত কৰে আৰু দেশৰ বিকাশৰ এজেণ্ডাবিলাক সফলতাৰে অধিক আগুৱাই নিবলৈ চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ভাৰতৰ সফলতাৰ গাঁথাক উদগণি দিয়া আৰু ভাৰতৰ সফলতাৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে কাম কৰাত প্ৰবাসী ভাৰতীয়সকলৰ বহুমূলীয়া যোগদানৰো প্ৰশংসা কৰে।

 

***

 

DS/AK