Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ছিকাৰ ৰাজস্থানৰ খাতু শ্যামজী মন্দিৰ কমপ্লেক্সত হেঁচাঠেলাৰ ফলত প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকাৰ ৰাজস্থানৰ খাতু শ্যামজী মন্দিৰ কমপ্লেক্সত হেঁচাঠেলাৰ ফলত প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“ৰাজস্থানৰ ছিকাৰৰ খাতু শ্যামজী মন্দিৰ কমপ্লেক্সত হোৱা হেঁচাঠেলাৰ ফলত ভক্তৰ মৃত্যু হোৱাত ব্যথিত হৈছো। শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। যিসকল আহত হৈছে তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিব বুলি আশা কৰিছো।”

 

***

DS/ST/MS