Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মৰ্বিৰ ৰাজমাতা বিজয়কুনৱৰ্বাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰ্বিৰ ৰাজমাতা বিজয়কুনৱৰ্বাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ ব্যক্তিত্ব, সেৱাৰ মনোভাৱ আৰু মোৰবীৰ জনসাধাৰণৰ সৈতে থকা নিবিড় সম্পৰ্ক সদায় স্মৰণীয় হৈ থাকিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াত ৰাজমাতাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে এই অপূৰণীয় ক্ষতি সহ্য কৰিবলৈ তেওঁৰ পৰিয়ালবৰ্গ তথা  গুণমুগ্ধসকলক শক্তি প্ৰদান কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

শ্ৰী মোদীয়ে এক্সত লিখিছে;

“মৰ্বিৰ  ৰাজমাতা সন্মানীয় বিজয়কুনৱৰ্বাৰ বিয়োগৰ বাতৰিয়ে মোক অত্যন্ত মৰ্মাহত কৰিছে। তেওঁৰ ব্যক্তিত্ব, সেৱাৰ মনোভাৱ আৰু মোৰবীৰ জনসাধাৰণৰ সৈতে থকা নিবিড় সম্পৰ্ক সদায় স্মৰণীয় হৈ থাকিব।

পৰম কৃপাময় ভগৱানে বিদেহ আত্মাক চিৰশান্তি প্ৰদান কৰক আৰু তেওঁৰ পৰিয়ালবৰ্গ তথা গুণমুগ্ধসকলক এই দুখ সহ্য কৰিবলৈ শক্তি দিয়ক।

গভীৰ শ্ৰদ্ধাঞ্জলি।

ঔঁ শান্তি।

************

 

MJPS/SS/ST/DM