Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ইণ্ডোনেছিয়াত হোৱা ভূমিকম্পত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াত হোৱা ভূমিকম্পত প্ৰাণহানিৰ ঘটনাত গভীৰ শোক আৰু বেদনা প্ৰকাশ কৰিছে। তেখেতে আহতসকলৰ আশু আৰোগ্য কামনা কৰি দুখৰ এই মুহূৰ্তত ভাৰত ইণ্ডোনেছিয়াৰ সমভাগী হৈছে বুলি কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“ইণ্ডোনেছিয়াত হোৱা ভূমিকম্পত প্ৰাণহানি আৰু সম্পত্তিৰ ক্ষতিসাধনৰ ঘটনাত শোকাহত হৈছো। নিহতসকলৰ আত্মাৰ সদগতি কামনাৰে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। দুখৰ এই মুহূৰ্তত ভাৰত ইণ্ডোনেছিয়াৰ সমভাগী হৈছে।”