পি এম ইণ্ডিয়া
সৰ্বপ্ৰথমে মই দুৰ্যোগ প্ৰতিৰোধ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত সকলো বন্ধুক অভিনন্দন জনাইছো। কিয়নো কাম এনেকুৱাই যে আপোনালোকে বহুবাৰ নিজৰ জীৱন সংকটত পেলায়ো আনৰ জীৱন বচাবলৈ বহুত চমকপ্ৰদ কাম কৰিছে। শেহতীয়াকৈ তুৰ্কী আৰু ছিৰিয়াত ভাৰতীয় দলৰ প্ৰয়াস সমগ্ৰ পৃথিৱীয়ে প্ৰশংসা কৰিছে আৰু এই কথা প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। উদ্ধাৰ আৰু সাহায্যৰে জড়িত মানৱ সম্পদ আৰু প্ৰযুক্তিগত সক্ষমতাক ভাৰতে যেনেদৰে বঢ়াইছে, সেয়া দেশতো বেলেগ বেলেগ দুৰ্যোগৰ সময়ত বহুত লোকৰ জীৱন বচোৱাত সহায়ক হৈছে। দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত প্ৰণালী শক্তিশালী হওক, ইয়াৰ বাবে উৎসাহিত হওক, আৰু দেশজুৰি এক সঠিক প্ৰতিযোগিতাৰ বাতাবৰণ হওক এই কামৰ বাবে এক বিশেষ পুৰস্কাৰো ঘোষণা কৰা হৈছে। আজি ইয়াত দুটা সংস্থাক নেতাজী সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰ দিয়া হৈছে। ওডিশা ষ্টেট ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটীয়ে চাইক্লনৰ পৰা আৰম্ভ কৰি ছুনামিলৈকে, বিভিন্ন দুৰ্যোগৰ সময়ত উৎকৃষ্ট কাম কৰি আছে। এনেকৈ মিজোৰামৰ লুংলেই ফায়াৰ ষ্টেচনে হাবিত লগা জুই নুমুৱাবলৈ অক্লান্ত পৰিশ্ৰম কৰে, সমগ্ৰ অঞ্চলটোক বচায় আৰু জুই বিয়পাত বাধা দিয়ে। মই এই সংস্থাত কাম কৰা সকলো বন্ধুক বহুত বহুত অভিনন্দন জনাইছো।
বন্ধুসকল,
এই ছেছনৰ বাবে আপোনালোকে থিম ৰাখিছে- “Building Local Resilience in a Changing Climate”। ভাৰতৰ এই বিষয়ৰ সৈতে পৰিচয় একপ্ৰকাৰ পুৰণি কিয়নো আমাৰ পুৰণা পৰম্পৰাৰ সেয়া এক অভিন্ন অংগ। আজিও যেতিয়াই আমি নিজৰ কুৱাঁ, নাদ, জলাশয়, স্থানীয় বাস্তুশাস্ত্ৰ, প্ৰাচীন নগৰ চাওঁ, তেতিয়াই এই উপাদান স্পষ্ট দেখা পাওঁ। ভাৰতত দুৰ্যোগ প্ৰবন্ধনৰে জড়িত ব্যৱস্থা সদায় লোকেল, সমাধান লোকেল, ৰণনীতিও লোকেল। এতিয়া যেনেকৈ কচ্ছৰ মানুহ যি ঘৰত থাকে তাক ভুংগা বুলি কয়। Mud House হয়। আমি জানো যে এই শতিকাৰ আৰম্ভণিতে অহা ভীষণ ভূমিকম্পৰ কেন্দ্ৰ কচ্ছ আছিল। কিন্তু এই ভুংগা ঘৰৰ ওপৰত কোনো প্ৰভাৱেই নপৰিল। হয়তো কৰবাত কোনোবা ঠাইত কিবা হয়তো জটিলতা হৈছিল। নিশ্চিত ৰূপত ইয়াত প্ৰযুক্তিৰে জড়িত বহুত শিক্ষা আছেই। স্থানীয় স্তৰত হাউছিং বা টাউন প্লেনিঙৰ যি মডেল আছে, সেয়া আমি নতুন প্ৰযুক্তিৰ হিচাপত ইভল্ভ কৰিব নোৱাৰোনে? লাগে লোকেল কনষ্ট্ৰাকছন মেটেৰিয়েল হওক, বা কনষ্ট্ৰাকছন প্ৰযুক্তি, ইয়াক আমি আজিৰ প্ৰয়োজন, আজিৰ প্ৰযুক্তিৰে সমৃদ্ধ কৰাটো সময়ৰ দাবী। যেতিয়াই আমি স্থানীয় প্ৰতিৰোধৰ এনে উদাহৰণেৰে ভৱিষ্যতৰ প্ৰযুক্তিক সংযুক্ত কৰিম, তেতিয়াই দুৰ্যোগ প্ৰতিৰোধৰ দিশত ভাল কাম কৰিব পাৰিম।
বন্ধুসকল,
আগৰ জীৱন শৈলী বহুত সহজ আছিল আৰু অভিজ্ঞতাই আমাক শিকাইছিল যে বহুত বেছি বৰষুণ, বান, খৰাং, দুৰ্যোগৰ পৰা কেনেকৈ বাচিব পাৰি। সেয়ে স্বাভাৱিক ৰূপত, চৰকাৰেও আমাৰ ইয়াত দুৰ্যোগ সাহায্য কৃষি বিভাগৰ সৈতেই সংযুক্ত কৰি ৰাখিছিল। ভূমিকম্পৰ দৰে গম্ভীৰ দুৰ্যোগ আহিছিল যদিও স্থানীয় সম্পদেৰেই এনে দুৰ্যোগৰ মোকাবিলা কৰা হৈছিল। এতিয়া পৃথিৱী সৰু হৈ আছে। এজনে আনজনৰ অভিজ্ঞতাৰ পৰা শিকি নিৰ্মাণৰ প্ৰযুক্তিত নতুন নতুন প্ৰয়োগো হৈ আছে। পুৰণি সমগ্ৰ গাঁৱত এজন বৈদ্যৰাজে সকলোৰে চিকিৎসা কৰিছিল আৰু গোটেই গাঁওখন সুস্থ আছিল। এতিয়া প্ৰতিটো ৰোগৰ বেলেগ বেলেগ ডাক্তৰ আছে। এনেকৈ দুৰ্যোগৰ বাবেও গতিশীল ব্যৱস্থা বিকশিত কৰিব লাগিব। যেনেকৈ যোৱা এশ বছৰৰ দুৰ্যোগৰ অধ্যয়নৰ পৰা zoning কৰিব পাৰি যে বানৰ স্তৰ কিমানলৈকে হ’ব পাৰে আৰু ইয়াৰ বাবে কিমানলৈকে নিৰ্মাণ কৰিব লাগিব। সময়ৰ লগে লগে এই মাপকাঠিৰ পুনৰীক্ষণো হোৱা উচিত লাগে সামগ্ৰীৰ কথাই হওক বা ব্যৱস্থাৰ।
বন্ধুসকল,
দুৰ্যোগ ব্যৱস্থাপনাক মজবুত কৰিবলৈ Recognition আৰু Reform বহুত আৱশ্যক। ৰিকগনিশ্যনৰ অৰ্থ হৈছে, এয়া বুজা যে দুৰ্যোগৰ আশংকা ক’ত আছে আৰু সেয়া ভৱিষ্যতে কেনেকৈ ঘটিব পাৰে? ৰিফৰ্মৰ অৰ্থ হৈছে আমি এনে ছিষ্টেম বিকশিত কৰিব লাগে যাৰ জৰিয়তে দুৰ্যোগৰ আশংকা কম হয়। দুৰ্যোগৰ আশংকা কম কৰাৰ সবাতোকৈ ভাল উপায় হৈছে আমি ছিষ্টেমৰ সংশোধন কৰো। সময় থাকোতেই তাক অধিক সক্ষম বনোৱা আৰু ইয়াৰ বাবে হ্ৰস্বকালীন পদক্ষেপৰ সলনি দীৰ্ঘকালীন ভাবনাৰ দৰকাৰ। এতিয়া আমি যদি চাইক্লনৰ কথা কওঁ তেন্তে চাইক্লনৰ সময়ত ভাৰতৰ স্থিতিৰ প্ৰতি আমি যদি চাওঁ তেন্তে মনলৈ আহে। এটা সময় আছিল, যেতিয়া ভাৰতত চাইক্লন আহিছিল তেতিয়া হাজাৰ হাজাৰ লোকৰ অকাল মৃত্যু হৈছিল। আমি ওডিশা আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চলত এনেকুৱা বহুবাৰ হোৱা দেখিছো। কিন্তু সময় সলনি হ’ল, ৰণনীতি সলনি হ’ল, প্ৰস্তুতি আৰু উন্নত হ’ল, সেয়ে চাইক্লনৰ সৈতে মোকাবিলা কৰাৰ ভাৰতৰ ক্ষমতাও বাঢ়ি গ’ল। এতিয়া চাইক্লন আহিলে জান-মালৰ কম হানি হয়। এয়াই সঠিক যে আমি প্ৰাকৃতিক দুৰ্যোগ ৰখাব নোৱাৰো, কিন্তু আমি সেই দুৰ্যোগৰ পৰা হানি কমাব পাৰো, ইয়াৰ বাবে ব্যৱস্থা জৰুৰ বনাব পাৰো। আৰু সেয়ে এইটো জৰুৰী যে reactive হোৱাৰ সলনি আমি proactive হওঁ।
বন্ধুসকল,
আমাৰ দেশত proactive হোৱাক লৈ আগতে কি স্থিতি আছিল, এতিয়া কি স্থিতি, মই ইয়াৰ উল্লেখো আপোনালোকৰ আগত কৰিব বিচাৰো। ভাৰতত স্বাধীনতাৰ পাছত ৫ দশক পাৰ হৈ গৈছিল, আধা শতাব্দী পাৰ হৈ গৈছিল, কিন্তু দুৰ্যোগ ব্যৱস্থাপনাক লৈ কোনো আইন নাছিল। ২০০১ চনত কচ্ছত ভূমিকম্প অহাৰ পাছত গুজৰাট প্ৰথম এনেকুৱা ৰাজ্য আছিল, যি Gujarat State Disaster Management Act প্ৰস্তুত কৰে। এই আইনৰ আধাৰত ২০০৫ চনত কেন্দ্ৰ চৰকাৰেও দুৰ্যোগ ব্যৱস্থাপনা আইন প্ৰস্তুত কৰে। ইয়াৰ পাছতহে ভাৰতত National Disaster Management Authority হয়।
বন্ধুসকল,
আমি, আমাৰ স্থানীয় নিকায়, আৰ্বান লোকেল সমিতিত দুৰ্যোগ ব্যৱস্থাপনা শাসন মজবুত কৰিব লাগিব। যেতিয়া দুৰ্যোগ আহে, তেতিয়া নগৰ সমিতিয়ে প্ৰতিক্ৰিয়া কৰিলে কাম নহ’ব, আমি প্লেনিঙক প্ৰতিষ্ঠানিক ৰূপ দিব লাগিব। আমি অট্টালিকা নিৰ্মাণৰ বাবে নতুন আন্তঃগাঁথনিৰ প্ৰকল্পৰ বাবে দুৰ্যোগ ব্যৱস্থাপনাৰ কথা মনত ৰাখি নতুন গাইডলাইন প্ৰস্তুত কৰিব লাগিব। একপ্ৰকাৰ সমগ্ৰ ছিষ্টেমৰ overhauling কৰা দৰকাৰ। ইয়াৰ বাবে আমি দুটা স্তৰত কাম কৰা দৰকাৰ। প্ৰথম- ইয়াত যি দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত বিশেষজ্ঞ আছে, তেওঁলোকে জন ভাগিদাৰীৰ ওপৰত সৰ্বাধিক মনোযোগ দিব লাগিব। আমি নাগৰিকসকলক ভূমিকম্প, চাইক্লন, জুই আৰু অন্য দুৰ্যোগ সম্পৰ্কীয় সংকটৰ প্ৰতি সজাগ কৰাটো এটা নিৰন্তৰ প্ৰক্ৰিয়া হ’ব লাগিব। ইয়াৰ সৈতে জড়িত সঠিক নিয়ম, কায়দা আৰু কৰ্তব্য এই সকলো বিষয়ৰ জ্ঞান নিৰন্তৰ জগোৱা দৰকাৰ। আমি গাঁও, গলি, মহলাৰ স্তৰত আমাৰ যুৱক-যুৱতীৰ গোট, সখি মণ্ডল, অন্য গোটসমূহক উদ্ধাৰ আৰু সাহায্যৰ প্ৰশিক্ষণ দিব লাগিব। দুৰ্যোগ মিত্ৰ, এনচিচি-এনএছএছ, প্ৰাক্তন সৈনিকৰ শক্তি, তেওঁলোককো যদি আমি ডেটা বেংক বনাই তেওঁলোকৰ শক্তিৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, ইয়াৰ কমিউনিকেচনৰ ব্যৱস্থা বনাব লাগিব। মই যেতিয়া গুজৰাটত আছিলো, তেতিয়া আমাৰ ইয়াত খেড়া জিলাত এখন নদী আছে। তাত কেতিয়াবা ৫-৭ বছৰত বান আহিছিল। এবাৰ এনেকুৱা হৈছিল যে এবছৰতে পাঁচবাৰ বান আহে কিন্তু সেই সময়ত এই দুৰ্যোগক লৈ বহুত গতিবিধি বিকশিত হৈছিল। তেতিয়া প্ৰতিখন গাঁৱৰ মোবাইল ফোন আছিল। ইংৰাজীতে গুজৰাটী ভাষাত মেছেজ কৰিছিল, গাঁৱৰ মানুহে দেখিছিল যে এনে স্থিতি, ইমান ঘণ্টাৰ পাছত পানী অহাৰ আশংকা আছে। আৰু মোৰ মনত আছে যে পাঁচবাৰ বান অহা সত্ত্বেও মানুহৰ তো প্ৰশ্নই নাই, এটাও পশু মৰা নাছিল। কিয়নো সময়মতে কমিউনিকেচন হৈছিল আৰু সেয়ে আমি এই ব্যৱস্থাৰ কেনেদৰে ব্যৱহাৰ কৰো। উদ্ধাৰ অভিযান যদি সময়মতে আৰম্ভ হয়, তেন্তে জীৱনৰ হানি আমি কম কৰিব পাৰো। দ্বিতীয়তে, প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আমি প্ৰতিটো ঘৰ, প্ৰতিটো গলিক লৈ ৰিয়েল টাইম ৰেজিষ্ট্ৰেচন, মণিটৰিঙৰ ব্যৱস্থা বনাব লাগিব। কোনটো ঘৰ কিমান পুৰণা, কোনটো গলি, কোনটো নলাৰ কি স্থিতি? আমাৰ বিজুলি, পানীৰ দৰে আন্তঃগাঁথনিৰ প্ৰতিৰোধ কিমান? মই কিছুদিন আগতে মিটিং কৰি আছিলো আৰু মোৰ মিটিঙৰ বিষয় এইটোৱেই আছিল যে উষ্ণ বতাহৰ চৰ্চা হৈছে যেতিয়া যোৱাবাৰ আমি দেখিলো যে দুবাৰ আমাৰ হাস্পতালত জুই লাগে আৰু সেয়া বহুত কষ্টকৰ হয়। এতিয়া গোটেই হাস্পতালৰ ব্যৱস্থা এবাৰ ভালদৰে চাওক, হ’বপাৰে এটা বহুত ডাঙৰ দুৰ্ঘটনাৰ পৰা আমাক বচাব পাৰে। মই ভাবো যে যিমানেই বেছি তাৰ ব্যৱস্থাৰ সঠিক তথ্য আমাৰ ওচৰত থাকিব তেতিয়াই আমি proactive step ল’ব পাৰিম।
বন্ধুসকল,
আজিকালি আমি দেখো যে, যোৱা বছৰবোৰত ঘন বসতিপূৰ্ণ চহৰৰ ঠাইত জুই লগাৰ ঘটনা বহুত বাঢ়িছে। ইয়াৰ মোকাবিলা কৰিবলৈ আমি বহুত পদ্ধতিগতভাৱে কাম কৰিব লাগিব। যি ঘন বসতিপূৰ্ণ ঠাই আছে, য’লৈকে গাড়ীৰে গৈ পোৱা বহুত কঠিন, তাত জুই নুমুৱাবলৈ যোৱা বহুত ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে। আমি ইয়াৰ সমাধান বিচাৰিব লাগিব। ওখ ওখ অট্টালিকাত লগা জুই নুমুৱাবলৈ আমাৰ যি ফায়াৰ ফাইটাৰ বন্ধুসকল আছে, তেওঁলোকৰ দক্ষতা আমি অহৰহ বঢ়াব লাগিব। আমি এয়াও চাব লাগিব যে এই যি ঔদ্যোগিক অগ্নি লাগে, তাক নুমুৱাবলৈ পৰ্যাপ্ত সম্পদ থাকক।
বন্ধুসকল,
দুৰ্যোগ ব্যৱস্থাপনাৰ এই প্ৰয়াসৰ মাজত, স্থানীয় স্তৰত দক্ষতা আৰু প্ৰয়োজনীয় উপকৰণ এই দুয়োটা আধুনিক হৈ থকাটো বহুত আৱশ্যক। আমি নিজৰ মহিলা আত্মসহায়ক গোটৰ ভগ্নীসকলক একত্ৰিত কৰি তেওঁলোকক যদি এনে উপকৰণ দিওঁ তেন্তে তেওঁলোকে নিজৰ এই জংঘলৰ যি পেলনীয়া থাকে সেয়া একত্ৰিত কৰি, সেইবোৰ প্ৰচেছ কৰি, তাৰ পৰা বস্তু বনাই দিব যাতে জংঘলত জুই লগাৰ আশংকা কমে। আৰু ইয়াৰ ফলত তেওঁলোকৰ আমদানিও বাঢ়িব আৰু জংঘলত জুই লগাৰ ঘটনাও কম হ’ব। উদ্যোগ আৰু হাস্পতালৰ দৰে প্ৰতিষ্ঠান য’ত জুই, গেছ লিকৰ দৰে বিপদ অধিক, চৰকাৰৰ সৈতে পাৰ্টনাৰশ্বিপ কৰি, বিশেষজ্ঞ মানুহৰ বাহিনী প্ৰস্তুত কৰিব পাৰে। নিজৰ এম্বুলেন্স নেটৱৰ্কৰ আমি বিস্তাৰ কৰিব লাগিব আৰু ইয়াক ফিউচাৰ ৰেডিও বনাব লাগিব। ইয়াক আমি 5G, AI আৰু IoTৰ দৰে প্ৰযুক্তিৰে অধিক ফলদায়ক কেনেকৈ বনাব পাৰো, ইয়াৰ ওপৰতো ব্যাপক চৰ্চা কৰি ৰোডমেপ প্ৰস্তুত কৰিব লাগিব। ড্ৰোণ প্ৰযুক্তিৰ সাহায্য আৰু উদ্ধাৰ অভিযানত অধিক ব্যৱহাৰ আমি কেনেকৈ কৰিব পাৰো? আমি এনেকুৱা ইনভেচনৰ ওপৰত ফকাছ কৰিব লাগিব। পৃথিৱীৰ বহু দেশত এনে সামাজিক সংস্থা আছে, যি প্ৰযুক্তিৰ সহায়ত, নতুন নতুন ব্যৱস্থা প্ৰস্তুত কৰি আছে। আমি তাৰো অধ্যয়ন কৰা দৰকাৰ। তাৰ সৰ্বোত্তম পদক্ষেপ গ্ৰহণ কৰা উচিত।
বন্ধুসকল,
ভাৰতে আজি পৃথিৱীজুৰি আহিবলগা দুৰ্যোগক লৈ দ্ৰুতগতিত প্ৰতিক্ৰিয়া কৰিবলৈ চেষ্টা কৰি আছে আৰু প্ৰতিৰোধৰ আন্তঃগাঁথনিৰ পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতৰ নেতৃত্বত হোৱা Coalition for Disaster Resilient Infrastructureৰ জৰিয়তে পৃথিৱীৰ ১০০ৰো অধিক দেশ আজি একত্ৰিত হৈছে। পৰম্পৰা আৰু প্ৰযুক্তি আমাৰ শক্তি। এই শক্তিৰেই আমি ভাৰতকে নহয় বৰং সমগ্ৰ বিশ্বৰ বাবে দুৰ্যোগ প্ৰতিৰোধৰ সৈতে জড়িত উন্নত মডেল প্ৰস্তুত কৰিব পাৰো। মোৰ বিশ্বাস আছে যে আৰু সময়ো উচিত হৈছে যে বৰষুণৰ দিনৰ পূৰ্বে এনেধৰণৰ প্ৰস্তুতি আৰু ইয়াৰ পাছত ৰাজ্যসমূহত, মহানগৰ আৰু নগৰসমূহত এই ব্যৱস্থা আমি আগবঢ়াই নিলে হ’ব পাৰে যে বাৰিষাৰ আগতেই বহুত বস্তু আমি একপ্ৰকাৰ গোটেই ব্যৱস্থাক সংবেদনশীল কৰিব পাৰো য’ত আৱশ্যকতা আছে তাত যোগানো কৰিব পাৰো আৰু আমি ন্যূনতম হানি হওক তাৰ বাবে সাজু হ’ব পাৰিম। মোৰ ফালৰ পৰা আপোনালোকৰ এই ছামিটক বহুত বহুত শুভকামনা।
ধন্যবাদ।
**********
DS/IG/AK
Addressing the 3rd Session of the National Platform for Disaster Risk Reduction in Delhi. https://t.co/f8k9CwvyXC
— Narendra Modi (@narendramodi) March 10, 2023
After the earthquakes in Türkiye and Syria, the world has recognised and appreciated the role of India's disaster management efforts. pic.twitter.com/MpmidV4V8y
— PMO India (@PMOIndia) March 10, 2023
We have to develop models of housing or town planning at the local level. We need to encourage use of advanced technology in these sectors. pic.twitter.com/2ixjX5xThU
— PMO India (@PMOIndia) March 10, 2023
Disaster management को मजबूत करने के लिए Recognition और Reform बहुत जरूरी है। pic.twitter.com/Rm2lh23n4t
— PMO India (@PMOIndia) March 10, 2023
Tradition और technology हमारी ताकत हैं।
— PMO India (@PMOIndia) March 10, 2023
इसी ताकत से हम भारत ही नहीं बल्कि पूरे विश्व के लिए disaster resilience से जुड़े बेहतरीन मॉडल तैयार कर सकते हैं। pic.twitter.com/rK73aK5X4A
Technology can play a big role in boosting disaster management efforts. pic.twitter.com/lJBL3qzhgn
— Narendra Modi (@narendramodi) March 10, 2023
When it comes to disaster management, a proactive approach is always better than a reactive one. pic.twitter.com/ES6OcgT9qD
— Narendra Modi (@narendramodi) March 10, 2023
Jan Bhagidari is vital for a strong disaster management framework. pic.twitter.com/WKypci10eH
— Narendra Modi (@narendramodi) March 10, 2023