Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰপতি বাইডেনক সাক্ষাৎ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰপতি বাইডেনক সাক্ষাৎ


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণৰত ৰাষ্ট্ৰপতি বাইডেনে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত আয়োজিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় কৌশলগত বন্ধুত্বক অধিক শক্তিশালী কৰি তোলাৰ বাবে ৰাষ্ট্ৰপতি বাইডেনৰ জনসাধাৰণৰ পৰস্পৰৰ মাজত থকা শক্তিশালী পাৰস্পৰিক বান্ধোন আৰু উমৈহতীয়া গণতান্ত্ৰিক প্ৰমূল্য তথা কৌশলগত সমন্বয়-ভিত্তিক দৃষ্টিভংগী আৰু প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰশংসা কৰে।

দুয়োগৰাকী নেতাই ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তিৰ বাবে পদক্ষেপ (iCET)ৰ অধীনৰ কাম-কাজকে ধৰি চলিত বৰ্ষৰ জুনত প্ৰধানমন্ত্ৰীগৰাকীৰ ঐতিহাসিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী ভ্ৰমণৰ ব্যাপক তথা ভৱিষ্যমুখী সিদ্ধান্তসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিক প্ৰশংসা কৰে।

নেতাসকলে জনসাধাৰণৰ মাজত থকা পাৰস্পৰিক বান্ধোন, প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শিক্ষা, স্বাস্থ্য, গৱেষণা, উদ্ভাৱন আৰু সংস্কৃতিকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত হোৱা অগ্ৰগতিসমূহক আদৰণি জনায়।

ৰাষ্ট্ৰপতি বাইডেনে চন্দ্ৰৰ দক্ষিণ মেৰুৰ সমীপত চন্দ্ৰযান-৩ৰ ঐতিহাসিক অৱতৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ জনসাধাৰণক উষ্ম অভিনন্দন জনোৱাৰ লগতে মহাকাশ খণ্ডত দুয়োখন দেশৰ মাজত সহযোগিতা গভীৰ কৰি তোলাৰ ওপৰত আলোকপাত কৰে।

দুয়োগৰাকী নেতাই বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত মত বিনিময় কৰে। ভাৰত আৰু আমেৰিকাৰ বন্ধুত্বই দুয়োখন দেশৰ জনসাধাৰণক উপকৃত কৰাৰ লগতে গোলকীয় কল্যাণো সাধন কৰিব বুলি দুয়োগৰাকী নেতাই ঐক্যমত প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সফলতা সুনিশ্চিত কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা লাভ কৰা অবিৰত সমৰ্থনৰ বাবে ৰাষ্ট্ৰপতি বাইডেনক ধন্যবাদ জনায়।

 

*****