Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ডুবাইৰ জেবেল আলিত ভাৰ্চুৱেলী ভাৰত মাৰ্টৰ আধাৰশিলা স্থাপন

ডুবাইৰ জেবেল আলিত ভাৰ্চুৱেলী ভাৰত মাৰ্টৰ আধাৰশিলা স্থাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ডুবাইৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু শাসক শ্বেখ মহম্মদ বিন ৰছিদ আল মাকটুমে ১৪ ফেব্ৰুৱাৰী, ২০২৪ত ভাৰ্চুৱেলী ডুবাইৰ জেবেল আলি মুক্ত বাণিজ্য মণ্ডলত ডি পি ৱৰ্ল্ডে নিৰ্মাণ কৰিবলগীয়া ভাৰত মাৰ্টৰ আধাৰশিলা স্থাপন কৰে।

 

দুয়োগৰাকী নেতাই আস্থা প্ৰকাশ কৰে যে ভাৰত মাৰ্টে জেবেল আলি বন্দৰৰ কৌশলগত অৱস্থান আৰু লজিষ্টিকছৰ শক্তিৰ সহায় লৈ ভাৰত-ইউএইৰ দ্বিপাক্ষিক বাণিজ্যক আৰু অধিক আগুৱাই নিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত মাৰ্টে ভাৰতৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া খণ্ডসমূহৰ ৰপ্তানিক ভূমধ্যসাগৰ, পশ্চিম এছিয়া, আফ্ৰিকা আৰু ইউৰেছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাসকলৰ কাষ চাপিবলৈ এক ফলপ্ৰসূ মঞ্চ প্ৰদান কৰি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

 

***

DS/AK/DB