Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

#10YearsOfMyGov: প্ৰধানমন্ত্ৰীয়ে মঞ্চখনক সুশাসনৰ বাবে স্পন্দনশীল মঞ্চ বুলি প্ৰশংসা কৰিছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০ বছৰ সম্পূৰ্ণ কৰাৰ মুহূৰ্তত ‘মাইগভ মঞ্চ’ক অংশগ্ৰহণমূলক আৰু সুশাসনৰ বাবে এক স্পন্দনশীল মঞ্চ বুলি প্ৰশংসা কৰে।

শ্ৰী মোদীয়ে মূল্যৱান অন্তৰ্দৃষ্টি আৰু ‘ইনপুট’ৰ জৰিয়তে ‘মাইগভ’-ক সমৃদ্ধ কৰা সকলোকে প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:

“আজি আমি #10YearsOfMyGov উদযাপন কৰিছো। মই সেই সকলো লোকক প্ৰশংসা কৰো যিসকলে এই মঞ্চখনক সমৃদ্ধ কৰিছে আৰু তেওঁলোকৰ মূল্যৱান অন্তৰ্দৃষ্টিৰ লগতে ‘ইনপুট’সমূহ সহভাগ কৰি আহিছে। যোৱা এটা দশকত ‘মাইগভ’ অংশগ্ৰহণকাৰী আৰু সুশাসনৰ বাবে এক স্পন্দনশীল মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে।”

***

 

DS/RT/KB