Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গ্লাছগো কমনৱেলথ গেমছৰ ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰা ৰাজা মুথুপাণ্ডীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰোত্তোলনত ভাৰতে আন এটা পদক লাভৰ কথা উল্লেখ কৰে। তেওঁ গ্লাছগো কমনৱেলথ গেমছত পুৰুষৰ ৬৫ কেজি শাখাত ৰূপৰ পদক জয় কৰাৰ বাবে ৰাজা মুথুপাণ্ডীক অভিনন্দন জনায়।

তেওঁৰ সফলতাই প্ৰতিজন ভাৰতীয়ক সুখী আৰু গৌৰৱান্বিত কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে ভৱিষ্যতৰ বাবে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰেঃ

‘ভাৰোত্তোলনত ভাৰতৰ বাবে আন এটা পদক!

গ্লাছগো কমনৱেলথ গেমছৰ ভাৰোত্তোলনত পুৰুষৰ ৬৫ কেজি ওজন শাখাত ৰূপৰ পদক জয় কৰাৰ বাবে ৰাজা মুথুপাণ্ডীক অভিনন্দন জনাইছো। তেওঁৰ সফলতাই প্ৰতিগৰাকী ভাৰতীয়ক সুখী আৰু গৌৰৱান্বিত কৰিছে। ভৱিষ্যতৰ বাবে তেওঁলৈ শুভেচ্ছা জ্ঞাপন জনালো।

#CWG2026

*****

MJPS/SS/PRK/NB