Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ব্ৰঞ্জৰ পদক জয়ৰ বাবে মনু ভাকেৰ আৰু সৰৱজোৎ সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিক, ২০২৪ত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্টত ব্ৰঞ্জৰ পদক জয়ৰ বাবে মনু ভাকেৰ আৰু সৰৱজোৎ সিঙক অভিনন্দন জনায়।

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“আমাৰ শ্বুটাৰসকলে আমাক নিৰন্তৰ গৌৰৱান্বিত কৰি আহিছে!

#Olympicsত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্টত ব্ৰঞ্জৰ পদক জয়ৰ বাবে @realmanubhakerৰ আৰু সৰৱজোৎ সিঙক অভিনন্দন জনাইছোঁ। দুয়োজনে অতি দক্ষতা আৰু দলীয় মনোভাৱ প্ৰদৰ্শন কৰিছিল। তেওঁলোকৰ প্ৰদৰ্শনত ভাৰত অতিশয় আনন্দিত।

মনুৰ এইটো দ্বিতীয়টো ধাৰাবাহিক অলিম্পিক পদক, যিয়ে তেওঁৰ অবিৰত উৎকৰ্ষতা আৰু নিষ্ঠাৰ প্ৰতিফলন ঘটায়। #Cheer4Bharat.”

***

DS/ST/DB