Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়া কাপৰ খিতাপ দখলৰ বাবে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়া কাপৰ খিতাপ দখল কৰাৰ বাবে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ দলটোৰ অপৰিসীম সাহস আৰু দৃঢ়তাক প্ৰশংসা কৰে।

এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ

‘এছিয়া কাপৰ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলক অভিনন্দন জনাইছোঁ। দলটোৱে অপৰিসীম সাহস আৰু দৃঢ়তা প্ৰদৰ্শন কৰিলে। এই সফলতাই বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত হকীৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আকৰ্ষণকো প্ৰতিফলিত কৰিছে। দলটোৰ সদস্যসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মোৰ শুভেচ্ছা জনালোঁ।”

***

MJPS/SR/DB