Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা সন্দীপক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা  গেমছত পুৰুষৰ ১০০ মিটাৰ T44 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা সন্দীপক অভিনন্দন জনাইছে। 

শ্ৰী মোদীয়ে কয় যে ৪০০ মিটাৰত তেওঁৰ স্বৰ্ণ বিজয়ী বিশ্ব অভিলেখৰ সৈতে এই পদকৰ সংযোগে ইয়াক অধিক স্মৰণীয় কৰি তুলিছে। শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে তেওঁ নতুন উচ্চতা অৰ্জন কৰি ভাৰতক গৌৰৱান্বিত কৰি থাকিব। 

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ

‘এছিয়ান পেৰা গেমছত পুৰুষৰ ১০০ মিটাৰ T44 ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰা সন্দীপক অভিনন্দন! 
৪০০ মিটাৰত তেওঁৰ স্বৰ্ণ বিজয়ী বিশ্ব অভিলেখৰ সৈতে এই পদকৰ সংযোগে ইয়াক অধিক স্মৰণীয় কৰি তুলিছে। তেওঁ নতুন উচ্চতা অৰ্জন কৰি ভাৰতক গৌৰৱান্বিত কৰাটো অব্যাহত ৰাখকঃ প্ৰধানমন্ত্ৰী @narendramodi’
 

 

***

MJPS/SS/PRK/MK