পি এম ইণ্ডিয়া
অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল চৈয়দ আব্দুল নাজিৰ ডাঙৰীয়া, এই ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, মোৰ মৰমৰ বন্ধু চন্দ্ৰবাবু নাইডু ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থকে. ৰামমোহন নাইডু ডাঙৰীয়া, প্ৰতাপৰাও যাদৱ ডাঙৰীয়া, চন্দ্ৰশেখৰ ডাঙৰীয়া, ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা ডাঙৰীয়া, ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ ডাঙৰীয়া, আন-আন বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল! আপোনালোক সকলোকে নমস্কাৰ জনালোঁ!
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশৰ লগতে সমগ্ৰ বিশ্বৰ জনতালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ১১ সংখ্যক বাৰৰ বাবে সমগ্ৰ বিশ্বই ২১ জুনত একেলগে যোগাসন কৰিছে। যোগৰ অৰ্থ হৈছে কেৱল সংযোগ আৰু যোগে কেনেকৈ সমগ্ৰ বিশ্বখনক সংযোগ কৰিছে, সেয়া আশ্চৰ্য্যকৰ। যোৱা দশকত যোগৰ পৰিক্ৰমালৈ উভতি চালে বহু কথা মনত পৰে। যিদিনা ভাৰতে ৰাষ্ট্ৰসংঘত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিয়া হওঁক বুলি প্ৰস্তাৱ জনাইছিল আৰু তাৰ পিছতে কম সময়ৰ ভিতৰতে বিশ্বৰ ১৭৫খন দেশে আমাৰ প্ৰস্তাৱলৈ সমৰ্থন জনাইছিল, সেয়া এক বিৰল ঘটনা আছিল। এনে সংহতি আৰু সমৰ্থন আজিৰ বিশ্বত এক সাধাৰণ পৰিঘটনা নহয়। এয়া কেৱল এটা প্ৰস্তাৱলৈ সমৰ্থন জনোৱা কাৰ্য্য নাছিল, বৰঞ্চ মানৱতাৰ মংগলৰ বাবে বিশ্বৰ এক সামূহিক প্ৰচেষ্টা আছিল। আজি ১১ বছৰৰ পাছত আমি দেখিবলৈ পাওঁ যে যোগাসন বিশ্বৰ লক্ষ-লক্ষলোকৰ জীৱনশৈলীৰ এক অংশ হৈ পৰিছে। আমাৰ দিব্যাংগজনে ব্ৰেইল মাধ্যমত যোগশাস্ত্ৰ পঢ়িছে, বিজ্ঞানীসকলে মহাকাশত যোগাসন কৰিছে, গাঁৱৰ ডেকা বন্ধুসকলে যোগ অলিম্পিয়াডত অংশগ্ৰহণ কৰা দেখি গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াত চাওঁকচোন, নৌসেনাৰ সকলো জাহাজতে যোগাসনৰ কাৰ্য্যসূচী অব্যাহত আছে। ছিডনী অপেৰা হাউছেই হওঁকবা এভাৰেষ্ট শৃংগই হওঁকবা সাগৰৰ বিস্তৃতিয়েই হওঁক, সকলোৱেএটাইবাৰ্তা প্ৰেৰণ কৰিছে – যোগাসন সকলোৰেআৰু সকলোৰে বাবে। যোগ সকলোৰে বাবে, ইসীমা, পটভূমি, বয়স বা সামৰ্থ্যৰ উৰ্ধত।
বন্ধুসকল,
আজি আমি সকলোৱে বিশাখাপট্টনমত থাকিবলৈ পাই সন্তোষ পাইছোঁ। এই চহৰখন প্ৰকৃতি আৰু প্ৰগতি উভয়ৰে মিলনভূমি। ইয়াৰ জনসাধাৰণেসৰ্বাংগসুন্দৰভাৱে এই অনুষ্ঠানৰ আয়োজন কৰিছে। মই চন্দ্ৰবাবু নাইডু আৰু পৱন কল্যাণক অভিনন্দন জনাইছোঁ, আপোনালোকৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশে যোগান্ধ্ৰ অভিযান নামেৰে এক বৃহৎ উদ্যোগ হাতত লৈছিল। লগতে নাৰা লোকেশৰ এই প্ৰচেষ্টাক বিশেষভাৱে প্ৰশংসা কৰিব বিচাৰিছোঁ। যোগৰ সামাজিক উদযাপন কেনেকুৱা হ’ব লাগে, সমাজৰ প্ৰতিটো শ্ৰেণী ইয়াৰে কেনেকৈ সংযুক্ত হ’ব লাগে, যোৱা ডেৰ মাহজোৰা যোগান্ধ্ৰ অভিযানত তেওঁ এই কথা দেখুৱাইছেআৰু ইয়াৰ বাবে ভাই লোকেশ বহু অভিনন্দনৰ যোগ্য। আৰু মই মোৰ দেশবাসীকো লোকেশ ভাইটিয়ে কৰা কামক, এনে সুযোগক কেনেকৈ গভীৰভাৱে সামাজিক স্তৰলৈ লৈ যাব পাৰি, তাৰ উদাহৰণ হিচাপে চাবলৈ আহ্বান জনালোঁ।
বন্ধুসকল,
মই জানিব পাৰিছোঁ যে যোগান্ধ্ৰ অভিযানত দুই কোটিৰো অধিক লোক জড়িত হৈছে। এয়াই হৈছে জনসাধাৰণৰ অংশগ্ৰহণৰ মনোভাৱ, যি হৈছে এখনি উন্নত ভাৰতৰ মূল আধাৰ। জনসাধাৰণ নিজেই আগবাঢ়ি আহি এটা অভিযান হাতত লোৱা, এটা লক্ষ্যৰ অংশীদাৰ হোৱামাত্ৰেকে সেই লক্ষ্যত উপনীত হোৱাত আমাক কোনেও বাধা দিব নোৱাৰে। ৰাইজৰ এই সদিচ্ছা আৰু আপোনালোকৰ প্ৰচেষ্টা এই অনুষ্ঠানৰ সকলোতে দেখা গৈছে।
বন্ধুসকল,
এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এই বিষয়বস্তুৱে এক গভীৰ সত্যকে প্ৰতিফলিত কৰিছে। পৃথিৱীৰ প্ৰতিটো জীৱনৰ স্বাস্থ্য আন্তঃসংযোগী। মানুহৰ মংগল নিৰ্ভৰ কৰে আমাৰ খাদ্যৰউৎপাদনকৰা ভূমিৰ গুণাগুণৰ ওপৰত, আমাক পানীৰ যোগান ধৰা নৈসমূহৰ ওপৰত, আমাৰ পৰিবেশ তন্ত্ৰৰ অংশীদাৰ জীৱ-জন্তুৰ স্বাস্থ্যৰ ওপৰত, আমাক পুষ্টি প্ৰদান কৰা উদ্ভিদৰ ওপৰত। যোগে আমাক এই আন্তঃসংযোগৰ প্ৰতি সজাগ কৰি তোলে। যোগে আমাক বিশ্বখনৰ সৈতে একতাৰ দিশত এক যাত্ৰাত ধাৱমান কৰে, ই আমাক বিচ্ছিন্ন ব্যক্তিৰ বিপৰীতে প্ৰকৃতিৰ অংশ হোৱা কথাটো শিকাইছে। প্ৰথম অৱস্থাত আমি নিজৰ স্বাস্থ্য আৰু সুস্থতাৰ ভালদৰে যত্ন ল’বলৈ শিকোঁ। লাহে-লাহে আমাৰ যত্ন আৰু চিন্তা আমাৰ পৰিবেশ, সমাজ আৰু গ্ৰহলৈ বিয়পি পৰে। যোগ হৈছে এক মহান ব্যক্তিগত অনুশাসন। একে সময়তে ই এনে এক ব্যৱস্থা, যিয়ে আমাক মোৰ পৰা আমালৈ লৈ যায়।
বন্ধুসকল,
‘মইৰ পৰাআমি’ৰ এই আৱেগেই হৈছে ভাৰতৰ আত্মাৰ সাৰমৰ্ম। এজন ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ কথা পৰিহাৰেৰে সমাজৰ কথা চিন্তা কৰামাত্ৰেকে সমগ্ৰ মানৱতা লাভান্বিত হয়। ভাৰতীয় সংস্কৃতিয়ে আমাক শিকাইছে, সৰ্বে ভৱন্তু সুখিনঃ, অৰ্থাৎ সকলোৰে কল্যাণ সাধনেই হৈছে মোৰ কৰ্তব্য। ‘মই’ৰ পৰা ‘আমি’লৈ এই যাত্ৰাই হৈছে সেৱা, নিষ্ঠা আৰু সহ-অৱস্থানৰ ভিত্তি। এই চিন্তাধাৰাই সামাজিক সম্প্ৰীতিৰ প্ৰসাৰ ঘটায়।
বন্ধুসকল,
দুৰ্ভাগ্যজনকভাৱে আজি সমগ্ৰ বিশ্বখনে কিবা এক উত্তেজনাৰ মাজতসময় কটাবলগীয়া হৈছে। বহু ক্ষেত্ৰত অশান্তি আৰু অস্থিৰতাবৃদ্ধি পাইছে। এনে পৰিস্থিতিত যোগে আমাক প্ৰশান্তিৰ দিশেধাৱমান কৰে। যোগ হৈছে শ্বাস ল’বলৈ, সন্তুলন ৰক্ষা কৰিবলৈ, পুনৰ সম্পূৰ্ণ হ’বলৈ মানৱতাৰ প্ৰয়োজনীয় পজ বুটাম।
এই গুৰুত্বপূৰ্ণ উপলক্ষত মই বিশ্ব সমাজলৈ এটা অনুৰোধ জনাব খুজিছোঁ। এই যোগ দিৱস মানৱতাৰ বাবে যোগ ২.০-ৰ আৰম্ভণি হওঁক, য’ত অভ্যন্তৰীণ শান্তি বিশ্ব নীতি হৈ পৰে। য’ত যোগ কেৱল ব্যক্তিগত অনুশীলনেই নহয়, বৰঞ্চ বিশ্ব অংশীদাৰিত্বৰ এক মাধ্যম হৈ পৰে। য’ত প্ৰতিখন দেশ, প্ৰতিখন সমাজে যোগক জীৱনশৈলী আৰু ৰাজহুৱা নীতিৰ অংগ কৰি তোলে। য’ত আমি একেলগে এখনি শান্তিপূৰ্ণ, সুষম আৰু বহনক্ষম বিশ্বক গতি প্ৰদান কৰিব পাৰোঁ। য’ত যোগে পৃথিৱীখনক সংঘাতৰ পৰা সহযোগিতালৈ আৰু উত্তেজনাৰ পৰা সমাধানৰ বাটলৈ লৈ যায়।
বন্ধুসকল,
বিশ্বখনত যোগৰ প্ৰচাৰৰ বাবে ভাৰতে আধুনিক গৱেষণাৰ জৰিয়তে যোগ বিজ্ঞানক অধিক সমৃদ্ধ কৰি তুলিছে। দেশৰ প্ৰধান চিকিৎসা প্ৰতিষ্ঠানসমূহ যোগ সন্দৰ্ভত গৱেষণাত নিয়োজিত হৈছে। যোগৰ বিজ্ঞানসন্মত স্বৰূপে যাতে আধুনিক চিকিৎসা ব্যৱস্থাত স্থান লাভ কৰে,তাৰ অৰ্থে আমি প্ৰয়াস গ্ৰহণ কৰিছোঁ। লগতে আমি দেশৰ চিকিৎসা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহত যোগৰ ক্ষেত্ৰত প্ৰমাণভিত্তিক চিকিৎসাক উৎসাহিত কৰিছোঁ। এই দিশত এইমছ, দিল্লীয়েও বহুখিনি ভাল কাম কৰিছে। এইমছৰ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে হৃদযন্ত্ৰ আৰু স্নায়ুজনিত বিকাৰৰ চিকিৎসা তথা মহিলাৰ স্বাস্থ্য আৰু মানসিক সুস্থতাত যোগে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
বন্ধুসকল,
ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ জৰিয়তেও যোগ আৰু সুস্থতাৰ মন্ত্ৰ প্ৰচাৰ কৰা হৈছে। ইয়াত ডিজিটেল প্ৰযুক্তিয়েও এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। যোগ পৰ্টেল আৰু যোগান্ধ্ৰ পৰ্টেলৰ জৰিয়তে দেশজুৰি ১০ লাখৰো অধিক কাৰ্য্যসূচীৰ পঞ্জীয়ন সম্পন্ন হৈছে। আজি দেশৰ প্ৰতিটো প্ৰান্ততে ইমানখিনি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ পৰা যোগৰ পৰিসৰ কিমান সম্প্ৰসাৰিত হৈছে, সেয়াও বুজা যায়।
বন্ধুসকল,
আমাৰ সকলোৰেজ্ঞাত যে আজি হিল ইন ইণ্ডিয়া মন্ত্ৰটোও বিশ্বত অতিশয় জনপ্ৰিয় হৈ পৰিছে। ভাৰত বিশ্বৰ বাবে নিৰাময় লাভৰ সৰ্বোত্তম গন্তব্যস্থান হৈ পৰিছে। ইয়াত যোগৰো এটি গুৰুত্বপূৰ্ণ ভূমিকা আছে। যোগৰ বাবে এটা কমন যোগ প্ৰট’কল যুগুত হোৱাত মই সন্তোষ পাইছোঁ। যোগ প্ৰমাণীকৰণ ব’ৰ্ডৰ ৬.৫ লাখৰো অধিক প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্ছাসেৱক,প্ৰায় ১৩০ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান আৰু চিকিৎসা মহাবিদ্যালয়ত১০-দিনীয়া যোগ মডিউল আদিএকাধিক প্ৰচেষ্টাই এক সামগ্ৰিক বাতাবৰণৰ সৃষ্টি কৰিছে। সমগ্ৰ দেশৰে আমাৰ আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত প্ৰশিক্ষণপ্ৰাপ্ত যোগ শিক্ষক নিয়োগ কৰা হৈছে। ভাৰতৰ এই সুস্থতা ব্যৱস্থাৰ জৰিয়তে বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকসকল উপকৃত হ’ব পৰাকৈ বিশেষ ই-আয়ুষভিছা প্ৰদান কৰা হৈছে।
বন্ধুসকল,
আজি যোগ দিৱসৰ দিনা আকৌ এবাৰ মেদবহুলতাৰ প্ৰতিসকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ক্ৰমবৰ্ধমান মেদবহুলতা সমগ্ৰ বিশ্বৰ বাবে এক বিৰাট প্ৰত্যাহ্বান হৈ পৰিছে। মই মন কী বাত অনুষ্ঠানতো এই বিষয়ে বিতংভাৱে আলোচনা কৰিছিলোঁ। ইয়াৰ বাবে মই আমাৰ খাদ্যাভাসত ১০ শতাংশ তেল হ্ৰাসৰ প্ৰচেষ্টাও আৰম্ভ কৰিছিলোঁ। মই পুনৰবাৰ সমগ্ৰ বিশ্ব তথা দেশৰ জনসাধাৰণক এই প্ৰচেষ্টাত যোগদান কৰিবলৈ আহ্বান জনাইছোঁ। আমি আমাৰ খাদ্যত তেলৰ ব্যৱহাৰ কমেও ১০ শতাংশ কেনেকৈ হ্ৰাস কৰিব পাৰোঁ, সেই সম্পৰ্কে সজাগতা সৃষ্টি কৰিব লাগিব। তেলৰ ব্যৱহাৰ হ্ৰাস, অ-স্বাস্থ্যসন্মত খাদ্য পৰিহাৰ আৰু যোগাসন কৰাই হৈছে উন্নত স্বাস্থ্যৰ চাবিকাঠি।
বন্ধুসকল,
আহকচোন, আমি সকলোৱে মিলি যোগক এক গণ আন্দোলন কৰি তোলোঁ। বিশ্বখনক শান্তি, সু-স্বাস্থ্য আৰু সম্প্ৰীতিৰ দিশত ধাৱমান কৰোৱা এক আন্দোলন গঢ়োঁ। যি বাতাবৰণত প্ৰতিজন ব্যক্তিয়েই যোগাসনেৰে দিনটো আৰম্ভ কৰে আৰু জীৱনৰসন্তুলন ৰক্ষা কৰিবলৈ সক্ষম হয়। য’ত প্ৰতিখন সমাজ যোগৰ সৈতে জড়িত আৰু মানসিক চাপৰ পৰা মুক্ত হৈ পৰিব। য’ত যোগ মানৱতাৰ ঐক্য ৰক্ষাৰ এক মাধ্যম হৈ পৰে। আৰু য’ত ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’ হৈ পৰে এক বৈশ্বিক সংকল্প। আকৌ এবাৰ অন্ধ্ৰৰ নেতৃত্ব আৰু অন্ধ্ৰবাসীক অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ বিশ্বৰ যোগ সাধক আৰু যোগপ্ৰেমীসকলকো অভিনন্দন জনাই আপোনালোক সকলোকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। অশেষ ধন্যবাদ জনালোঁ!
***
MJPS/VJ/SS/SB
Yoga isn't just an exercise. It is a way of life. Wonderful to join this year's Yoga Day celebrations in Visakhapatnam. https://t.co/ReTJ0Ju2sN
— Narendra Modi (@narendramodi) June 21, 2025
Yoga has united the entire world. pic.twitter.com/b5Hn1kZmHf
— PMO India (@PMOIndia) June 21, 2025
Yoga is for Everyone. pic.twitter.com/0TV3xFocEW
— PMO India (@PMOIndia) June 21, 2025
Yoga leads us on a journey towards oneness with the world. pic.twitter.com/yE0mylnhWW
— PMO India (@PMOIndia) June 21, 2025
Yoga is a system that takes us from Me to We. pic.twitter.com/tdBsW4TYmp
— PMO India (@PMOIndia) June 21, 2025
‘मैं’ से ‘हम’ की ये यात्रा ही सेवा, समर्पण और सहअस्तित्व का आधार है। pic.twitter.com/BnG0zVmOj2
— PMO India (@PMOIndia) June 21, 2025
Yoga is the pause button humanity needs... to breathe, to balance, to become whole again. pic.twitter.com/vsGghEsNxq
— PMO India (@PMOIndia) June 21, 2025
Let this Yoga Day mark the beginning of Yoga for Humanity 2.0... where Inner Peace becomes Global Policy. pic.twitter.com/9CZPuhDPJz
— PMO India (@PMOIndia) June 21, 2025