Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে শ্ৰী ওমৰ আব্দুল্লাৰ গুজৰাটৰ কেৱাদিয়াস্থিত ষ্টেচু অৱ ইউনিটি দৰ্শন কাৰ্য্যৰ শলাগ লয়


আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ওমৰ আব্দুল্লাৰ সবৰমতী ৰিভাৰফ্ৰন্ট আৰু গুজৰাটৰ কেৱাদিয়াস্থিত আকৰ্ষণীয় ষ্টেচু অৱ ইউনিটি দৰ্শন কাৰ্য্যক আদৰণি জনায় আৰু শলাগ লয়।

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লাই এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“কাশ্মীৰৰ পৰা কেৱাদিয়ালৈ!

শ্ৰী ওমৰ আব্দুল্লা জীয়ে সবৰমতী ৰিভাৰফ্ৰন্ট আৰু ষ্টেচু অৱ ইউনিটি দৰ্শন কৰা দেখি ভাল লাগিল। তেওঁৰ ঐক্যৰ প্ৰতিমূৰ্তি দৰ্শনে ঐক্যৰ এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদান কৰিছে আৰু এই কাৰ্য্যই আমাৰ সতীৰ্থ ভাৰতীয়সকলক ভাৰতৰ ভিন্ন প্ৰান্ত ভ্ৰমণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।

@OmarAbdullah”

 

 

****

MJPS/SR/SB