Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০২৬ চনৰ কমনৱেলথ গেমছত মহিলাৰ শ্বট পুট এফ57 ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে শিল্পা কাঞ্চুগাৰকোপ্পালু শ্বাইলাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ গ্লাছগো কমনৱেলথ গেমছত মহিলাৰ শ্বট পুট এফ 57 ফাইনেলত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে শিল্পা কাঞ্চুগাৰকোপ্পালু শ্বাইলাক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ব্যক্তিগতভাবে শিল্পাৰ  সৰ্বশ্ৰেষ্ঠ নিক্ষেপে এই কৃতিত্বক আৰু অধিক উল্লেখযোগ্য কৰি তুলিছে।

শ্ৰী মোদীয়ে এই সাফল্যৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘২০২৬ চনৰ কমনৱেলথ গেমছত শিল্পা কাঞ্চুগাৰকোপ্পালু শ্বাইলাৰ এয়া এক উজ্জ্বল প্ৰদৰ্শন! মহিলাৰ শ্বট পুট এফ 57 ফাইনেলত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে শিল্পাক অভিনন্দন আৰু সেয়াও নিজৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ’ৰে। এয়া সঁচাকৈয়ে এক উল্লেখযোগ্য সাফল্য। #CWG2026’

****

MJPS/SS/ST/MK