Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহিলাসকলক তেওঁলোকৰ প্ৰেৰণাদায়ক জীৱন যাত্ৰাৰ বিষয়ে শ্বেয়াৰ কৰিবলৈ উৎসাহিত কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে NaMo App অপেন ফ’ৰামত অসংখ্য জীৱন যাত্ৰা শ্বেয়াৰ হোৱাটো অনুপ্ৰেৰণাদায়ক। ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে কেইগৰাকীমান নিৰ্বাচিত মহিলাই এই দিৱসৰ বাবে তেওঁৰ ডিজিটেল ছ’চিয়েল মিডিয়া একাউণ্ট পৰিচালনা কৰাৰ সুযোগ পাব। এনে প্ৰেৰণাদায়ক জীৱন যাত্ৰা আৰু অধিক শ্বেয়াৰ কৰিবলৈ তেওঁ আহ্বান জনায়।

শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত উল্লেখ কৰেঃ

“মই NaMo App অ’পেন ফ’ৰামত অতি প্ৰেৰণাদায়ক জীৱন যাত্ৰা শ্বেয়াৰ কৰা দেখি আহিছো, য’ৰ পৰা ৮ মাৰ্চৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত মোৰ ডিজিটেল ছ’চিয়েল মিডিয়া একাউণ্টসমূহ পৰিচালনাৰ বাবে কেইগৰাকীমান মহিলাক নিৰ্বাচিত কৰা হ’ব। মই এনেধৰণৰ আৰু অধিক জীৱন যাত্ৰা সম্পৰ্কে শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছো।”

***

MJPS/SR/DB