Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ঝাৰখণ্ডৰ ৰামগড় জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ ৰামগড় জিলাত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স বাৰ্তাত কয়ঃ

 

“ঝাৰখণ্ডৰ ৰামগড় জিলাত সংঘটিত শোকাৱহ দুৰ্ঘটনাৰ বিষয়ে জানি মৰ্মাহত হৈছোঁ। এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলৰ আশু আৰোগ্য লাভ কৰিলোঁ।

 

এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ নিকটাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০টকাকৈ প্ৰদান কৰা হ’ব: প্ৰধানমন্ত্ৰী @narendramodi”

***

NKR/SS/ST/SS/DB