Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাশী তামিল সংগমমৰ পঞ্চম সংস্কৰণৰ শুভাৰম্ভণিত অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ উষ্ম আদৰণি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী তামিল সংগমমৰ পঞ্চম সংস্কৰণৰ শুভাৰম্ভণিত গভীৰ সন্তোষ প্ৰকাশ কৰাৰ লগতে তামিলনাডু তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চিৰন্তন নগৰী কাশীলৈ অহা সকলো অংশগ্ৰহণকাৰীকে উষ্ম আদৰণি জনায়।

 

এই বছৰৰ বিষয়বস্তু ‘থিৰুক্কুৰাল পায়িলভোম’ (আহক আমি থিৰুক্কুৰাল শিকো) ৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মহান কবি-সন্ত থিৰুভাল্লুভাৰৰ কালজয়ী জ্ঞানে মানৱ জীৱনৰ বিভিন্ন দিশত অমূল্য নিৰ্দেশনা প্ৰদান কৰে। তেওঁ ১০ টা বিদেশী ভাষাকে ধৰি মুঠ ৫০ টা ভাষাত থিৰুক্কুৰালৰ অনুবাদ মুকলি কৰা কাৰ্যৰ প্ৰশংসা কৰে আৰু এনে উদ্যোগসমূহে থিৰুভাল্লুভাৰৰ দৰ্শন যুৱক-যুৱতীসকলৰ মাজত অধিক জনপ্ৰিয় কৰি তোলাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে পোষ্ট কৰিছেঃ

‘আজি কাশী তামিল সংগমমৰ পঞ্চম সংস্কৰণ আৰম্ভ হোৱাত মই অতি আনন্দিত হৈছো! তামিলনাডু আৰু অন্যান্য প্ৰান্তৰ পৰা অহা সকলো লোককে অনন্ত নগৰী কাশীলৈ স্বাগতম।

এই বছৰৰ সংগমমৰ বিষয়বস্তু, ‘থিৰুক্কুৰাল পায়িলভোম’ (আহক আমি থিৰুক্কুৰাল শিকো)বিশেষ তাৎপৰ্যপূৰ্ণ। মহান থিৰুভাল্লুভাৰৰ জ্ঞানে মানৱ জীৱনৰ বিভিন্ন দিশত অমূল্য নিৰ্দেশনা প্ৰদান কৰে। থিৰুক্কুৰালৰ অনুবাদ ১০ টা বিদেশী ভাষাকে ধৰি মুঠ ৫০ টা ভাষাত মুকলি কৰা কাৰ্যত আনন্দিত হৈছো। এনে প্ৰচেষ্টাই মহান থিৰুভাল্লুভাৰৰ চিন্তাধাৰা যুৱক-যুৱতীসকলৰ মাজত অধিক জনপ্ৰিয় হ’ব বুলি আশা প্ৰকাশ কৰিছো। বছৰ বছৰ ধৰি, কাশী তামিল সংগমম সাংস্কৃতিক আৰু বৌদ্ধিক বিনিময়ৰ এক প্ৰাণৱন্ত মঞ্চ হিচাপে বিকশিত হৈ আহিছে। লগতে, ইয়াৰ ফলত ‘শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱো অধিক শক্তিশালী হৈছে।

@KTSangamam.’

***

NKR/SS/ST/SS/MK