পি এম ইণ্ডিয়া
আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা তথা উল্লেখনীয় অগ্ৰগতি লাভ কৰা মহিলাসকলৰ হাতত নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ গতাই দি সমগ্ৰ ভাৰতবৰ্ষৰ মহিলাসকলৰ অপৰিসীম অৱদান উদযাপনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে।
শ্ৰী মোদীয়ে কয় যে ৰাতিপুৱাৰ পৰা আমি দেশৰ বহু অনবদ্য অসাধাৰণ মহিলাই নিজৰ যাত্ৰাৰ কাহিনী প্ৰকাশ কৰি দেশৰ আন মহিলাসকলক প্ৰেৰণা যোগোৱা ভালেমান প্ৰেৰণাদায়ক পোষ্ট দেখিবলৈ পাইছো। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “তেওঁলোকৰ দৃঢ়তা আৰু সফলতাই আমাক সোঁৱৰাই দিয়ে আমাৰ মহিলাসকলৰ মাজত থকা অপৰিসীম সম্ভাৱনাৰ কথা। আমি বিকশিত ভাৰত গঢ় দিয়াত তেওঁলোকৰ অৱদানক আজিৰ লগতে প্ৰতিদিনেই কৃতজ্ঞতাৰে উদযাপন কৰোঁ।”
প্ৰধানমন্ত্ৰীয়ে এক্সত এই সন্দৰ্ভত উল্লেখ কৰিছে –
আজি পুৱাৰ পৰাই আপোনালোক সকলোৱে দেখিছে যে দেশৰ বিভিন্ন প্ৰান্তৰ অসাধাৰণ মহিলাসকলে নিজ নিজ যাত্ৰাৰ কাহিনী প্ৰকাশ কৰি আন মহিলাসকলকো প্ৰেৰণা যোগাইছে। এই মহিলাসকলে বিভিন্ন ক্ষেত্ৰত অপাৰ পাৰদৰ্শিতা দেখুৱাইছে, কিন্তু ইয়াৰ এটা অন্তৰ্নিহিত বিষয়বস্তু আছে, সেয়া হৈছে – ভাৰতৰ নাৰী শক্তিৰ অপাৰ শক্তি।
তেওঁলোকৰ দৃঢ়তা আৰু সফলতাই আমাক নাৰীৰ মাজত থকা সীমাহীন সম্ভাৱনাৰ কথা সকলোকে সোঁৱৰাই দিয়ে। আমি বিকশিত ভাৰত গঢ় দিয়াত তেওঁলোকৰ অৱদানক আজিৰ লগতে প্ৰতিদিনেই কৃতজ্ঞতাৰে উদযাপন কৰোঁ।”
*****
MJPS/VJ
Since morning, you’ve all seen inspiring posts by extraordinary women sharing their own journeys and inspiring other women. These women belong to different parts of India and have excelled in different areas, but there’s one underlying theme - the prowess of India’s Nari Shakti.…
— Narendra Modi (@narendramodi) March 8, 2025