Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱা শ্ৰীমান চাইৰিল ৰামাফোছাক প্ৰধানমন্ত্ৰী মোদীয়ে অভিনন্দন জনাইছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীমান চাইৰিল ৰামাফোছাক দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী বুলিও প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে “এক্স”ত এটা পোষ্টত টুইট কৰিছিল;

“দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে মহামহিম @CyrilRamaphosaক উষ্ম অভিনন্দন জনাইছো। ভাৰত-দক্ষিণ আফ্ৰিকাৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে আপোনাৰ সৈতে কাম কৰিবলৈ মই আগ্ৰহী।”

 

***

DS/SR/MS