পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মধ্যপ্রদেশৰ ভোপালৰ ৰাণী কমলাপতি ৰে‘ল ষ্টেচনত পাঁচখন বন্দে ভাৰত এক্সপ্রেছৰ যাত্রাৰ সূচনা কৰিছে। এইবিলাক হ‘ল – ভোপাল (ৰাণী কমলাপতি)–ইন্দোৰ বন্দে ভাৰত এক্সপ্রেছ; ভোপাল (ৰাণী কমলাপতি)–জব্বলপুৰ বন্দে ভাৰত এক্সপ্রেছ; ৰাঁচি–পাটনা বন্দে ভাৰত এক্সপ্রেছ; ধাৰওৱাড়–বেঙ্গালুৰু বন্দে ভাৰত এক্সপ্রেছ আৰু গোৱা (মাদগাঁও)-মুম্বাই বন্দে ভাৰত এক্সপ্রেছ।
প্রধানমন্ত্রীয়ে ৰাণী কমলাপতি–ইন্দোৰ বন্দে ভাৰত এক্সপ্রেছৰ প্রথম ডবাটো পৰিদর্শন কৰে। ট্রেইনত থকা শিশু আৰু ট্রেইনৰ কর্মীসকলৰ সৈতে কথা পাতে তেওঁ।
এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে,
“আজি ভোপালত একেলগে পাঁচখন বন্দে ভাৰত ট্রেইনৰ যাত্রাৰ সূচনা কৰাৰ সৌভাগ্য হৈছে। দেশজুৰি পৰিকাঠামো আৰু যোগাযোগ ব্যৱস্থাৰ দ্রুত উন্নয়নত আমাৰ চৰকাৰ কিমান তৎপৰ, এয়া তাৰেই প্রতিফলন।”
आज भोपाल में पांच वंदे भारत ट्रेनों को एक साथ शुरू करने का सौभाग्य मिला। यह दिखाता है कि देशभर में इंफ्रास्ट्रक्चर और कनेक्टिविटी के तेज विकास को लेकर हमारी सरकार कितनी प्रतिबद्ध है। pic.twitter.com/uZBc99p1GT
— Narendra Modi (@narendramodi) June 27, 2023
ইন্দোৰৰ সাংসদ শ্রী শঙ্কৰ লালওৱানি ভোপাল (ৰাণী কমলাপতি)-ইন্দোৰ বন্দে ভাৰত এক্সপ্রেছৰ যাত্রী আছিল। তেওঁৰ এটা ট্যুইটৰ উত্তৰত প্রধানমন্ত্রীয়ে মধ্যপ্রদেশৰ মানুহক অভিনন্দন জনাই কৈছে, এই ট্রেইনৰ ফলত তীর্থযাত্রীসকল উজ্জয়িনীলৈ যোৱাটো অধিক সুবিধাজনক হ‘ব।
मध्य प्रदेश के लोगों को इंदौर-भोपाल के बीच शुरू हुई वंदे भारत ट्रेन की बहुत-बहुत बधाई। इससे जहां उन्हें सुरक्षित और सुविधाजनक यात्रा का लाभ मिलेगा, वहीं धार्मिक नगरी उज्जैन की यात्रा पर जाने वाले भक्तों को भी आसानी होगी। https://t.co/MoFAe2aRVC
— Narendra Modi (@narendramodi) June 27, 2023
জব্বলপুৰৰ সাংসদ শ্রী ৰাকেশ সিঙে ভোপাল (ৰাণী কমলাপতি)-জব্বলপুৰ বন্দে ভাৰত এক্সপ্রেছ আৰম্ভ হোৱাত সন্তোষপ্রকাশ কৰিছে। তেওঁৰ ট্যুইটৰ উত্তৰত প্রধানমন্ত্রীয়ে কৈছে, এই ট্রেইনৰ সুবাদত মধ্যপ্রদেশৰ ৰাজধানী ভোপাল আৰু ৰাজ্যৰ সাংস্কৃতিক ৰাজধানী জব্বলপুৰৰ মাজত যোগাযোগ অধিক মসৃণ হ‘ব। ইয়াৰ ফলত পর্যটনৰ প্রসাৰ হ‘ব, তীর্থযাত্রীসকলেও ইয়াৰ সুফল পাব।
देश की शान वंदे भारत ट्रेन से एक ओर जहां मध्य प्रदेश की सांस्कृतिक राजधानी जबलपुर और राज्य की राजधानी भोपाल के बीच कनेक्टिविटी बढ़ेगी, वहीं धार्मिक और पर्यटन स्थलों का भी तेजी से विकास होगा। https://t.co/GSYMXH6GHe
— Narendra Modi (@narendramodi) June 27, 2023
ৰাঁচিৰ সাংসদ শ্রী সঞ্জয় শেঠৰ এটা ট্যুইটৰ উত্তৰত প্রধানমন্ত্রীয়ে কৈছে, ৰাঁচি–পাটনা বন্দে ভাৰত এক্সপ্রেছে খনিজ সম্পদ সমৃদ্ধ ঝাড়খণ্ড আৰু বিহাৰৰ প্রগতি আৰু বিকাশক অধিক গতি দিব।
গোৱা (মাদগাঁও)-মুম্বাই বন্দে ভাৰত এক্সপ্রেছ সন্দৰ্ভত গোৱাৰ মুখ্যমন্ত্রী ডঃ প্রমোদ সাৱান্তৰ এটা ট্যুইটৰ উত্তৰত প্রধানমন্ত্রীয়ে ট্যুইট কৰি কৈছে, “বন্দে ভাৰত ট্রেইনে আৰু বেছি সংখ্যক পর্যটকক গোৱাৰ প্রাকৃতিক সৌন্দর্য উপভোগ কৰিবলৈ উৎসাহিত কৰিব। ইয়াৰ ফলত কোঙ্কন উপকূলীয় অঞ্চলৰ যোগাযোগ ব্যৱস্থাৰো উন্নতি হ‘ব।”
The Vande Bharat train will enable more tourists to discover Goa’s scenic beauty. It will also improve connectivity across the Konkan coast. https://t.co/dSq4Y0vR9F
— Narendra Modi (@narendramodi) June 27, 2023
কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশী আৰু কর্ণাটকৰ ৰাজ্যপাল শ্রী থাওৱাৰ চন্দ গেহলট ধাৰওৱাড়–বেঙ্গালুৰু বন্দে ভাৰত এক্সপ্রেছৰ প্রথম যাত্রাৰ সাক্ষী আছিল। শ্রী যোশীয়ে কৰা এটা ট্যুইটৰ উত্তৰত প্রধানমন্ত্রীয়ে তেওঁৰ ট্যুইটত কৈছে, “ধাৰওৱাড়–বেঙ্গালুৰু বন্দে ভাৰত এক্সপ্রেছে কর্ণাটকজুৰি যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটাব। ৰাজ্যৰ বাণিজ্য আৰু পর্যটনৰ বিকাশতো সহায়ক হ‘ব এই ট্রেইন।”
**********