Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্বোৰিনজান দাৰুমা-জি মন্দিৰৰ মুখ্য পুৰোহিত ৰেভ ছেইছি হিৰোছৰ পৰা এটা দাৰুমা পুতলা গ্ৰহণ প্ৰধানমন্ত্ৰীৰ

শ্বোৰিনজান দাৰুমা-জি মন্দিৰৰ মুখ্য পুৰোহিত ৰেভ ছেইছি হিৰোছৰ পৰা এটা দাৰুমা পুতলা গ্ৰহণ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি টাকাচাকি-গুনমাৰ শ্বোৰিনজান দাৰুমা-জি মন্দিৰৰ মুখ্য পুৰোহিত ৰেভ ছেইছি হিৰোছে এটা দাৰুমা পুতলা উপহাৰ হিচাপে প্ৰদান কৰে। এই বিশেষ অভিব্যক্তিয়ে ভাৰত আৰু জাপানৰ মাজত ঘনিষ্ঠ সভ্যতা আৰু আধ্যাত্মিক সম্পৰ্কক পুনৰ নিশ্চিত কৰে।

জাপানী সংস্কৃতিত দাৰুমা পুতলাক শুভ আৰু সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। গুনমাৰ টাকাচাকি চহৰ হৈছে বিখ্যাত দাৰুমা পুতলাৰ জন্মস্থান। জাপানৰ দাৰুমা পৰম্পৰা দেশখনত দাৰুমা দাইচি হিচাপে পৰিচিত তথা কাঞ্চীপুৰমৰ ভাৰতীয় সন্ন্যাসী বোধিধৰ্মৰ কিংবদন্তিৰ ওপৰত আধাৰিত, যিয়ে হাজাৰ বছৰতকৈও অধিক সময় আগতে এই দেশ ভ্ৰমণ কৰিছিল বুলি কোৱা হয়।

***

MJPS/SR/DD